১. এছিয়াৰ নোবেলৰূপে খ্যাত সন্মানীয় “ৰমন মেগছেছে বঁটা” এই বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে ভাৰতৰ সমাজ সেৱক অংশু গুপ্তা আৰু এইমছৰ প্ৰাক্তন কাৰ্যবাহী সঞ্জীৱ চতুৰ্বেদীলৈ৷ অংশু গুপ্তাই ভাৰতীয় দান সংস্কৃতিলৈ পৰিৱৰ্তন অনাৰ লগতে কাপোৰক দৰিদ্ৰৰ উন্নয়নৰ সম্পদৰূপে প্ৰতিষ্ঠাৰ বাবে কৰা প্ৰচেষ্টা আৰু সঞ্জীৱ চতুৰ্বেদীক অবাধ দুৰ্নীতি-অনিয়মৰ বাবে কৰি অহা তেওঁৰ সাহসী যুঁজৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে ৷
২. আনন্দৰাম বৰুৱা ভাষা-কলা -সংস্কৃতি সংস্থা (আবিলেক)ৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণ , প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে হাতত লোৱা একাধিক ত্ৰিভাষিক অভিধান প্ৰণয়নৰ অংশৰূপে দেউৰী - অসমীয়া - ইংৰাজী অভিধানৰ তৃতীয় কৰ্মশালা আৰম্ভ হৈছে ৷ এই কৰ্মশালাত সাহিত্য সভাৰ দ্বাৰা অনুমোদিত মুঠ ১৪ জন বিশেষজ্ঞই অংশগ্ৰহন কৰিছে ৷
৩. চাউথ এছিয়ান ফ’ৰাম ফ’ৰ এনভাইৰণমেন্ট নামৰ সংস্থাটোৱে গুৱাহাটী পৌৰ নিগমৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰলৈ নগৰীয়া দুখীয়া লোকৰ বাবে সৌৰশক্তিৰ দ্বাৰা চালিত এটা অনাময় পানী যোগান প্ৰকল্প মুকলি কৰিছে ৷ ইয়াৰ নিৰ্দিষ্ট মেচিনত এ.টি.এম সদৃশ কাৰ্ড ব্যৱহাৰ কৰি এটা পৰিয়ালে এবাৰত দহ লিটাৰকৈ দিনটোত দুবাৰ খোৱাপানী লাভ কৰিব ৷
৪. শেহতীয়া জৰীপ অনুসৰি দৰঙৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যাবৃদ্ধি ভাৰতৰ ভিতৰতে সৰ্বাধিক ৷ ইয়াত বৰ্তমান ২০ টা বাঘৰ লগতে চাৰিটা পোৱালিও আছে ৷ গড়ৰ সংখ্যা বৃদ্ধি হৈছে ১০০টালৈ ৷এনে বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে উদ্যানখনক ব্ৰ্যাঘ্ৰ প্ৰকল্পৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছে ৷
৫. নগাওঁ সাহিত্য সভাৰ “কুঁহি”ৰ উদ্যোগত পুৰণি গীত আৰু নৃত্যৰ এখনি কৰ্মশালা সম্পন্ন হৈ যায় ৷ এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহন কৰে নুপূৰ মোমাইদেউ খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য ,সাহিত্যিক পেঞ্চনাৰ ডা° দিলীপ কুমাৰ বৰুৱা আদি বিশিষ্ট লোকসকলে ৷
৬. শ্বিলঙৰ “আৰ জি আই আই এমত” সম্পূৰ্ণ নোহোৱা ড° এ পি জে আব্দুল কালামৰ বক্তৃতাৰাজি গ্ৰন্থআকাৰে প্ৰকাশ কৰা হ’ব বুলি তেওঁৰ নিত্য সহচৰ সৃজন পাল সিঙে কলকাতাত ঘোষণা কৰে ৷
৭. অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত “পঞ্চসুৰে” গণশিল্পী খগেন মহন্তৰ ৭৪ সংখ্যক জন্মদিন ১৭ আগষ্ট “গণগীতৰ দিন” ৰূপে উদযাপনৰ আয়োজন কৰিছে৷ এই অনুষ্ঠানত বিগত বৰ্ষৰ দৰে “ফ’ক বিটছ”ৰ দ্বাৰা কালীৰাম বৰাৰ সোঁৱৰণত লোকশিল্পী কুলেন বৰাক সম্বৰ্দ্ধনা জনোৱাৰ লগতে ১০০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব৷
৮. পাঠশালাৰ মুগুৰীয়া ভাতৃ সংঘৰ বাকৰিত বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী- লেখক প্ৰমোদ শৰ্মাৰ “মানৱতাৰ মৃতদেহ” নামৰ গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক ,সাহিত্যিক গিৰীশ পাটগিৰীয়ে৷
৯. চলচিত্ৰ নগৰী মুম্বাই ,দিল্লী , বাংগালুৰুৰ পিছত ভাৰতৰ চতুৰ্থটো উন্নত কাৰিকৰী পদ্ধতিৰ লেজাৰ প্ৰ’জেক্টৰসমৃদ্ধ “ড্ৰীম থিয়েটাৰ” নামৰ থ্ৰী ডি চিনেমাগৃহটো মঙলদৈত দৰঙৰ উপায়ুক্ত মনোজ কুমাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে।
১০. পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি ,শিক্ষাবিদ ড° দয়ানন্দ বৰগোহাঞিক অসম চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে মনোনীত কৰিছে
No comments:
Post a Comment