১. ডিজিটেল ইণ্ডিয়া অভিযানৰ অংশ হিচাবে ভাৰতীয় সেনাই জুনিয়ৰ কমিচন অফিচাৰকে ধৰি অন্যান্য নিযুক্তিৰ বাবে নিজৰ ৱেবচাইট www.joinindianarmy.nic.in ক ন-ৰূপত সজাই তুলিছে। ১জুলাইৰ পৰা এই ৱেবচাইটত ৰেজিষ্ট্ৰেচন কৰিহে নিযুক্তি মেলাবোৰত অংশ লব পাৰিব। তামুলপুৰ কলেজত অহা ১৫-২৪ অক্টোবৰলৈ হব লগা নিযুক্তি মেলাৰ বাবে ১৫আগষ্টৰ পৰা ৩০ছেপ্তেম্বৰলৈ অনলাইনত নাম পঞ্জীয়ন কৰিবলৈকো আগ্ৰহী সকলক আহ্বান জনাইছে।
২. কেন্দ্ৰই উত্তৰ-পূৱৰ প্ৰকল্প সমূহৰ বাবে নীতি নিয়মত কঠোৰতা অনা বুলি জানিব পৰা গৈছে। গ্লবেল পজিচনিঙ চিষ্টেমৰ ব্যৱহাৰ কৰি প্ৰকল্পসমূহৰ অগ্ৰাধিকাৰ ভিত্তিত ঠিক কৰা আৰু ৰূপায়ণত ৰৈ যোৱা ক্ৰুটি কমোৱাৰ বাবে পদক্ষেপ লবলৈকো কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।
৩. ভাৰত-ম্যানমাৰ সীমান্তত সুৰক্ষা সম্পৰ্কীয় বিষয়টো অগ্ৰাধিকাৰ দিছে প্ৰধানমন্ত্ৰীয়ে। আন্তঃৰাষ্ট্ৰীয় সীমাৰ বিভিন্ন সমস্যা আৰু ভাবুকি অধ্যয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষ টাস্ক ফৰ্চে অতি সোনকালেই এই বিষয়ত প্ৰতিবেদন দাখিল কৰিব।
৪. অসমত বতৰ ভিত্তিত কৃষি বীমাৰ বাবে অস চৰকাৰে এইচ.ডিএফ.চি আৰগো কোম্পানীক কৰ্তৃত্ব প্ৰদান কৰিছে। শালি খেতি, মৰাপাট, মাটিমাহ, আদা, ভেণ্ডি আদিৰ খেতিৰ বাবে বীমা কৰিবৰ বাবে কৃষকে সুবিধা লাভ কৰিব। বেয়া বতৰৰ বাবে কৃষকৰ খেতি নষ্ট হ’লে এই বীমাৰ যোগেদি ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হব।
৫. বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ঐতিহাসিক ৰায় প্ৰদান কৰে দৰঙ জিলা আৰু সত্ৰ ন্যায়াধীশ গৌতম বৰুৱাই। দুগৰাকী চোৰাঙ চিকাৰীক দুবছৰৰৈ সশ্ৰম কাৰাদণ্ডৰ লগতে পঁশিচ হাজাৰকৈ টকাৰ কাৰাদণ্ড বিহি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ সুখবৰো প্ৰকাশ পাইছে।
৬. অসম চৰকাৰৰ দৃষ্টিহীন চাকৰিয়ালক প্ৰফেচনেল টেক্সৰ পৰা ৰেহাই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। লগতে হাউচিঙৰ কোটা, চাকৰিত প্ৰমোচন দিশত পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে গুৱাহাটী, নগাঁও আৰু যোৰহাটৰ অন্ধ বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যন্ত উন্নীতকৰণৰ আশ্বাসো সজাঁতি দলক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
৭. অহা ২৮জুলাইত কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিনত হীৰেন ভট্টাচাৰ্য ন্যাসে ৰবীন্দ্ৰ ভৱনত আয়োজন কৰিছে এক সংগীতানুষ্ঠানৰ। কবিগৰাকীৰ কবিতাৰে “ধান হালধীয়া ৰ’দ” নামৰ এখনি শ্ৰব্য সঁফুৰাও সিদিনা উন্মোচন কৰা হব।
৮. যোৱা বুধবাৰে গুৱাহাটীত প্ৰেছ ক্লাৱত “ছুপাৰহিট ছং অৱ মিঃ ৰাজকুমাৰ” শীৰ্ষক এখনি শ্ৰব্য সঁফুৰা উন্মোচিত হয়। উন্মোচনীত অংশ লয় আসাম টকচ চেনেলৰ মুখ্য সম্পাদক অতনু ভূঞাই।
৯. অসম সাহিত্য সভাৰ নগাঁও জিলা কুঁহি উপ-সমিতিৰ উদ্যোগত নগাঁৱৰ কমলাদেৱী তোদী স্মৃতি ভৱনত আয়োজিত হৈছে সোণসেৰীয়া পুৰণি গীত, আবৃত্তি আৰু নৃত্যৰ এটি কৰ্মশালাৰ। এই কৰ্মশালাৰ লগতে চিত্ৰাংকন আৰু আবৃত্তিৰ এলানি প্ৰতিযোগিতাও অনুষ্ঠিত হব। সাহিত্য সভাৰ এই ইতিবাচক পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰিছে।
No comments:
Post a Comment