১) অসমীয়া ছবিৰ বাবে সুখবৰ কঢ়িয়াই আনিছে পৰিচালক অৰূপ মান্নাৰ নতুন ছবি “আৰোহী”য়ে। বুছান যুৱ চলচ্চিত্ৰ মহোতসৱ আৰু মেলব’ৰ্ন মহোতসৱত প্ৰদৰ্শনৰ বাবে ছবিখন নিৰ্বাচিত হোৱাৰ সুখবৰ প্ৰকাশ পাইছে।
২) উনবিংশতিতম পৰাগ কুমাৰ দাস সোঁৱৰণী আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন ২৩ আগষ্টৰ দিনা পুৱা ১০৹৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত। এইবাৰ প্ৰতিযোগিতাৰ বিষয় হৈছে- 'অসমৰ আৰ্থ সামাজিক অস্থিৰতাই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বহিৰ্গমনৰ একমাত্ৰ কাৰণ ( The Socio Economic turmoil in Assam is the only reason of the outflow of meritorious students)।
৩) 'প্ৰয়াস' নামেৰে এখন দুমহীয়া শিশু-কিশোৰৰ উপযোগী আলোচনী প্ৰকাশ হ'ব গুৱাহাটীৰ পৰা। ইচ্ছুক লেখক-লেখিকাক 'প্ৰয়াস'ৰ তৰফৰ পৰা লেখা পঠিয়াবলৈ আহ্বান জনোৱা হৈছে। যোগাযোগৰ ঠিকনা- ড৹ নিৰঞ্জন কলিতা, মুখ্য সম্পাদক, প্ৰয়াস, এম কে মেমৰিয়েল এডুকেচনেল ট্ৰাষ্ট, ২ নং মঠঘৰীয়া, দূৰভাষ- ৯৪৩৫৫ ৪৭৪৪৫।
৪) 'নৱকান্ত বৰুৱা ফাউণ্ডেচনৰ উদ্যোগত আৰু ৰাজ্যিক সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত পৰহি দিনজোৰা কাৰ্য্যসূচীৰে প্ৰথিতযশা কবি, সাহিত্যিক, অধ্যাপক নৱাকন্ত বৰুৱা দেৱৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে জাকজমকতাৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হয়- 'নৱকান্ত সোঁৱৰণ'।
৫) কাজিৰঙাৰ বেদখল উচ্ধেদ কৰি এনিমেল কৰিডৰ মুকলি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বেদখল উচ্ছেদৰ বাবে এমাহৰ সময়মীমা বান্ধি দিয়া বুলিও প্ৰকাশ পাইছে বাতৰি।
৬) এক অধ্যয়নৰ পিছত জানিব পৰা গৈছে- আগ্নেয়গিৰি উদ্গিৰণৰ ফলত 'গ্লোবেল ৱাৰ্মিং' কম হোৱাৰ সম্ভাৱনা থাকে। আগ্নেয়গিৰি উদ্গিৰণৰ ফলত ভূগৰ্ভৰ পৰা বাহিৰ হোৱা কিছুমান পদাৰ্থই 'গ্লোবেল ৱাৰ্মিং'ৰ মাত্ৰা হ্ৰাস পায়।

৭) ভাৰতে পৰহি জিম্বাবুৱেৰ বিপক্ষে অনুষ্ঠিত তৃতীয় তথা অন্তিমখন এদিনীয়া ক্ৰিকেট মেচখনত জয়লাভ কৰি ৩-০ ফলাফলেৰে চিৰিজ দখল কৰে।
৮) পৃথিৱীৰ নিৰীক্ষণৰ বাবে চীন আৰু ব্ৰাজিলৰ যৌথ প্ৰচেষ্টাত নিৰ্মিত এটি উপগ্ৰহ যোৱা কালি মহাকাশৰ পৰা কাৰ্যক্ষম হয়। চীন-ব্ৰাজিল আৰ্থ ৰিচ'ৰ্চ চেটেলাইট-৪ টো যোৱা ৭ ডিচেম্বৰ তাৰিখেই কক্ষপথত স্থাপন কৰা হৈছিল।
৯) দেশৰ শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে বিজ্ঞানৰ স্নাতক সকলক 'ইলেক্ট্ৰন মাইক্ৰ'স্ক'পী'ৰ পাঠ্যক্ৰমত 'চাৰ্টিফিকেট কোৰ্চ'ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে।
১০) মাইক্ৰচফ্টে কালি ইয়াৰ 'Windows 10'ৰ শেহতীয়া সংস্কৰণৰ ঘোষণা কৰিলে।

No comments:
Post a Comment