পলকতে সুখ-দুখৰ বতৰাঃ ২৩ জুলাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ২৩ জুলাই

পলকতে সুখ-দুখৰ বতৰাঃ ২৩ জুলাই

Share This
আজিৰ ভাল খবৰবোৰ
১ ৷ নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাক যোৱা ১৭ জুলাইৰ টিহুৰ গুলীচালনাৰ ঘটনাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সাহসেৰে উন্মাদ জোৱানজনক নিৰস্ত্ৰ কৰি বহু লোকৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে টিহু অঞ্চলৰ বহু দল-সংগঠন আৰু ব্যক্তিবিশেষে তেওঁক উষ্ণ সম্বৰ্দ্ধনা জনায় ৷ 

২ ৷ 
অসম কৃষি বিশ্ববিদ্যালয়ত গাড়ীচালক ৰূপে কৰ্মৰত ভগৱান বৰুৱাই নিজা আবাসতে গৱেষণাগাৰ সাজি বিভিন্ন উদ্ভাৱনেৰে জিলিক উঠাৰ কথা আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। শেহতীয়াকৈ তেখেতে ভীমকলৰ পৰা ছডিয়াম বায়’কাৰ্বনেট আৰু অৰ্গেনিক পটাছ উতপাদনৰ প্ৰযুক্তিৰ লগতে ভীমকলৰ মধুনাৰ পৰা আছাৰ প্ৰস্তুত কৰি একোজোপা ভীমকলৰ পৰাই ওঠৰ হেজাৰ টকালৈ উপাৰ্জন কৰাৰ বাট মুকলি কৰি দেখুৱাইছে।


৩ ৷ প্ৰখ্যাত ফৰাছী নিৰ্মাতা পাস্কাল প্লিছনে ভাৰতৰ নিধি ঝা নামৰ এগৰাকী অ’ট’ৰিক্সা চালকৰ জীয়ৰীৰ কাহিনীৰে নিৰ্মান কৰিছে “দা বিগ ডে’’ নামৰ নব্বৈ মিনিটীয়া এখন তথ্যচিত্ৰ৷ তথ্যচিত্ৰখনত পাটনাৰ “চুপাৰ ৩০” প্ৰতিষ্ঠানৰ পৰা অধ্যৱসায়ী যুৱতীগৰাকীয়ে আই আই টিৰ যুটীয়া প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰেৰনাদায়ক কাহিনী দেখুওৱা হৈছে৷

৪ ৷ আমেৰিকাত অলপতে ৩৬ সংখ্যক অসম অধিৱেশনৰ বিশেষ চ’ৰাত কবি-সাহিত্যিক গৌতম প্ৰসাদ বৰুৱাৰ নিৰ্বাচিত দহোটা কবিতা আবৃত্তিৰ ভিডিঅ’ এলবাম “চৰৈৱতি” উন্মোচন কৰে কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মায়াশ্ৰী বৰকটকী ভৌমিক দেৱীয়ে৷

৫ ৷ কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ আকাশী ভ্ৰমনৰ হাবিয়াস পূৰ্ণ কৰাৰ বাবে বছৰত এখনকৈ হ’লেও সুলভ ভাৰাৰ বিমান চলোৱাৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছে আৰু আগন্তুক অসামৰিক বিমান পৰিবহন আঁচনিত চৰকাৰে ইয়াক বাস্তবায়িত কৰাৰ সম্ভাৱনা আছে৷

৬৷ বনানি প্ৰকৃতি সুৰক্ষা নামৰ এটি সংগঠনে হাতী-মানুহৰ মাজত বৰ্ধিত সংঘাত ৰোধ কৰাৰ বাবে নগাওঁ- কাৰ্বি আংলঙ সীমাৰ বাঘেখাইতীত হাতীৰ খাদ্য ভালেমান কলগছৰ পুলি ৰোপন কৰে ৷ ই নিশ্চয়েই এক ভাল পদক্ষেপ ৷

৭ ৷ বাংগালুৰুৰ অসম এছ’ছিয়েচনে “ভোগজৰা খাদ্যমেলা ২০১৫” আয়োজন কৰি অসমীয়া ব্যঞ্জনসমূহৰ জুতি ল’বলৈ সুবিধা দিলে প্ৰায় দুই শতাধিক অনা অসমীয়া লোকক৷ অসমীয়া খাদ্যসম্ভাৰসমূহে যথেষ্ট সংখ্যক মানুহক আকৃষ্ট কৰা দেখা গ’ল৷

৮ ৷ এছিয়াৰ বজাৰত খাৰুৱা তেলৰ মূল্য ০.৩১ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত প্ৰায় ৩২২২ টকা হৈছেগৈ ৷ এনেদৰে থাকিলে অচিৰেই দেশত পেট্ৰ’ল ,ডিজেলৰ দাম কমাৰ সম্ভাৱনা আছে৷

৯ ৷ যোৱা ১১ আৰু ১২ জুলাইত কলকাতাৰ ক্ষুদিৰাম অনুশীলন কেন্দ্ৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটেত অসমৰ কস্তুৰিকা নাৰ্জাৰীয়ে ৮ বছৰীয়া ছোৱালীৰ কাটা আৰু কুমটে শাখাত স্বৰ্ণপদক লাভ কৰে ৷

১০।
সংবাদ মাধ্যমক উদ্যোগৰূপে প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা “দৈনিক অসম” কাকতৰ সোনালী জয়ন্তী উপলক্ষ্যে তেজপুৰৰ বাণ থিয়েটাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰ’উপাচাৰ্য ড0 অমৰজ্যোতি চৌধুৰী, স্বাধীনতা মহন্ত,আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱা, বিধায়ক ৰাজেন বৰঠাকুৰকে প্ৰমূখ্য কৰি বিশিষ্ট ব্যক্তিসকল ৷
**
আজিৰ ভাল খবৰ যুগুতালে শ্বিলঙৰ পৰা বিপাশা বৰাই।

No comments:

Post a Comment