কেনেকৈ বচাব পাৰি ভাষা জননীক
দীপাংকৰ মল্ল বৰুৱা
বিষয়টো আছিল – কেনেকৈ বচাব পাৰি ভাষা জননীক। ১৯ জুলাই, ২০১৫তাৰিখে দুলীয়াজান ক্লাৱৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল এক অন্তৰংগ আলাপ অনুষ্ঠানৰ। সমল ব্যক্তি হিচাপে উপস্থিত আছিল স্বনামধন্য লেখিকা বন্দিতা ফুকন আৰু যশস্বী সাংবাদিক ৰবীন ভূঞা। অনুষ্ঠানটো পৰিচালনা কৰিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ভূপেন শইকীয়াই।
একেদিনাই ৰাতিপুৱাই কাকতালীয় ভাৱে নিয়মীয়া বাৰ্তাৰ ‘আন্তৰিক বাৰ্তা’ত মুখ্য সম্পাদক ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰীয়ে লিখিছিল ‘ভাষা’ শিৰোনামেৰে এটা মৰ্মষ্পৰ্শী লেখা। সেই লেখাটোত তেওঁ শংকা ব্যক্ত কৰিছিল যে এই শতিকাৰ শেষলৈ বিশ্বৰ বিলুপ হ’ব পৰা বহুতো ভাষাৰ তালিকাত অসমীয়া ভাষাটোও অন্তৰ্ভুক্ত হ’ব পাৰে।
কালি ৰাতিপুৱাৰ লেখাটো পঢ়ি আৰু সন্ধিয়া অনুষ্ঠানটোত উপস্থিত থাকি মনত চিন্তাৰ খলকনি অনুভৱ কৰিছোঁ। সঁচাকৈয়ে আমাৰ ভাষাটো এদিন হেৰাই যাব নেকি? আজি এশ বছৰ পিচত অসমীয়া ভাষাত কথা কোৱা মানুহ এজনো নাথাকিব নেকি? অন্তৰংগ আলাপৰ অনুস্থানটোত কেইজনমান বক্তাই এনে ধাৰণা অমূলক বুলি মতপোষণ কৰাৰ বিপৰীতে কেইজনমান বক্তাই আশংকা ব্যক্ত কৰিছিল যে ভাষাটো ব্যৱহাৰৰ প্ৰতি ভৱিষ্যত প্ৰজন্মৰ অনীহাই ভাষাটোক বিলুপ্তিৰ পথলৈ লৈ যাব।
অনুষ্ঠানটোৰ মোখনি মাৰি দিয়া ভাষণত বন্দিতা বাইদেৱে ক’লে যে ভাষাটো ৰক্ষা কৰিবলৈ হ’লে প্ৰতিজন অসমীয়া মানুহ দায়িত্বশীল আৰু সচেতন হ’ব লাগিব। প্ৰয়োজন হ’লে নিজেই কিতাপ লিখি ভাষাটো চহকী কৰিব লাগিব। আমাৰ ভাষাটোক লৈ নাই নাই বুলি হাহাকাৰ কৰাতকৈ নিজে হাতে কামে লাগিব লাগিব। ল’ৰা ছোৱালীক ভাল ভাল অসমীয়া কিতাপ কিনি দিব লাগিব যাতে তেওঁলোক পঢ়িবলৈ আগ্ৰহী হয়। ইংৰাজী মাধ্যমত পঢ়িলেও ল’ৰা ছোৱালীক অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ পিতৃ মাতৃ যত্নপৰ হ’ব লাগিব। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত বাস কৰা আন ভাষা ভাষী লোক সকলে অসমীয়া শিকিবলৈ আগ্ৰহী হ’লে তেওঁলোকক উত্সাহিত কৰিব লাগিব।
কথাবোৰ আমি সকলোৱে অনুভৱ কৰা উচিত। কাৰণ অসমীয়া ভাষাৰ যদি কেতিয়াবা মৃত্যু হয়, সেয়া আনৰ বাবে নহয়, অসমীয়া মানুহৰ বাবেই হ'ব।
No comments:
Post a Comment