ফেচবুকত চকু ফুৰাই আছো।এনেতে 'ছাত্ৰবাৰ্তা' নামৰ আলোচনীখনৰ পেজটো লাইক কৰিব'লৈ এটা অনুৰোধ আহিল। পেজটোৰ বিষয়ে একো খবৰ নোলোৱাকৈ লাইক কৰি দিলো। তাৰপিছত কিবা কাৰণে পেজটো খুলি চাবলৈ মন গ'ল। চাই অবাক হ'লো। এসময়ত কটন কলেজৰ প্ৰগতিশীল ছাত্ৰ সমাজৰ বাৰ্তালোচনী হিচাপে অসমতে পৰিচিত 'ছাত্ৰবাৰ্তা'ৰ একে নামত দেৰগাঁওৰ পৰা আন এখন আলোচনী প্ৰকাশ কৰিছে আৰু এই মেগাজিন খনৰ পেজটো লাইক কৰিব'লৈ মোক অনুৰোধ কৰিছে।
মই ভাবো এই আলোচনীখনৰ লগত আন্তৰিকতাৰে জড়িত সকলে এই নামৰ আলোচনীখনৰ ইতিহাস নিশ্চয় নেজানে। সেয়ে তেওঁলোকে একে নামত আন এখন আলোচনী প্ৰকাশ কৰিছে। এইখিনিতে দেৰগাঁওৰ পৰা ক্ষুদ্ৰ আলোচনী এখন প্ৰকাশৰ প্ৰচেষ্টাৰ বাবে মই উদ্যোক্তা সকলক ধন্যবাদ জনাইছো। এনে প্ৰচেষ্টাৰ সৈতে নৱম শ্ৰেণীৰ পৰা আমি জড়িত হৈ আহিছো। সেয়ে এনে পদক্ষেপক সদায় ইতিবাচক দৃষ্টিভঙ্গীৰে চাওঁ। মই আজিও বিশ্বাস কৰো যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশিত এই ক্ষুদ্ৰ মেগাজিন বোৰে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাই আহিছে। এই সম্পৰ্কত গৱেষণা কৰি ডক্টৰেট ড্ৰিগ্ৰী লোৱা ৰশ্মিৰেখা বৰালৈ বিষয়টো এৰি মূল কথালৈ আহো।

প্ৰথম কথাটো হল যে এই নামৰ আলোচনী খন এসময়ত কটন কলেজ অধ্যয়ন চক্ৰৰ মুখপত্ৰ আছিল। তেনেস্হলত একেই নামেৰে আলোচনী এখন প্ৰকাশ কৰাটো উচিত নহ'ব নিশ্চয়। নতুন ছাত্ৰবাৰ্তা, অসমীয়া ছাত্ৰবাৰ্তা আদি অলপ সা-সলনি কৰি নাম দিয়াৰো চিন্তা কৰিব নিশ্চয়কৈ পাৰিলেহেতেন। আলোচনী খনৰ লগত জড়িত সকলক বিনয়েৰে জনাও যে এই আলোচনী খনৰ সম্পাদনাৰ লগত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি জড়িত আছিল।সেইসকলৰ ভিতৰত কৃষক নেতা অখিল গগৈ,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ,দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা কংকণ ডেকা, এডিপি কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা তথা বিশিষ্ট সমালোচক অৰিন্দম বৰকটকী, কবি-লেখক, আগশাৰীৰ প্ৰৱন্ধকাৰ কমল কুমাৰ তাঁতী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক ভাস্ক'ডি শইকীয়াকে প্ৰমূখ্য কৰি কটনৰ আন কে'বাজনো অগ্ৰজৰ লগতে এই অমুকাইও এসময়ত 'ছাত্ৰবাৰ্তা'ৰ সম্পাদকৰ দ্বায়িত্বভাৰ পালন কৰি আহিছো।
এই আলোচনী খনৰ লগত আমাৰ অনেকৰে আৱেগ-অনুভূতি আৰু এক এৰাব নোৱাৰা সম্পৰ্ক জড়িত হৈ আছে। ভাস্ক'ডি শইকীয়াৰ পাছত পৰবৰ্তী কটনিয়ানে এই আলোচনী খন প্ৰকাশৰ ব্যৱস্হা নকৰিলে।এই সম্পৰ্কত এটা আক্ষেপ সদায়ে আছিল যদিও শেহতীয়াভাবে কৃষক মুক্তিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি য়ে সংগঠনটোৰ মুখপত্ৰ হিচাপে ইয়াক প্ৰকাশ কৰিব বুলি আনন্দিত হৈছিলো; অন্তত: নামটোৰ অপমৃত্য নহ'ব বুলি ভাবি।কিন্তু আজি লৈকে তাক বাস্তৱি হোৱাটো দেখা নেপালো। তাৰ মাজতে একে নামৰ আলোচনীখনৰ খবৰ দেখি হতাশ আৰু হতবাক হ'লো। এই আলোচনী খনে এসময়ত ছাত্ৰ সমাজৰ মাজত এক প্ৰগতিশীল ধাৰা সৃষ্টি কৰাত সমৰ্থ হৈছিল।অখিল গগৈ দৰে নেতাৰ অলপ বিস্তৃত পৰিসৰৰ সংগ্ৰামী জীৱনৰ অ আ ক খ এই আলোচনীখনক কেন্দ্ৰ কৰি হোৱা অধ্যয়ন চক্ৰৰ পৰাই আৰম্ভ হোৱাৰ লগতে সম্ভাব্য গণসংগঠন টোৰ প্ৰাৰম্ভিক অৱস্থাৰ সাংগঠনিক বুনিয়াদো এই মঞ্চ খনৰ পৰাই আৰম্ভ হৈছিল। য'ত আমিও ওত:প্ৰোতভাৱে জড়িত আছিলো।অৱশ্যে তেতিয়া আমি এটা ছাত্ৰ সংগঠনৰহে কুচকাৱাজ কৰিছিলো।ঘটনাচক্ৰতহে পাছত এক কৃষক আন্দোলনৰ ভেঁটি তৈয়াৰ হল।
আবেগিক ভাবে আলোচনীখনৰ কথা লিখিবলৈ গৈ বহুত কথাই লিখিলো।ভুল হলে ক্ষেমিব। দেৰগাঁৱৰ "ছাত্ৰবাৰ্তা" আলোচনীখনৰ লগত জড়িত সকল মোৰ ফেচবুকৰ বন্ধু তালিকাত আছে নে নাই নেজানো। থাকিলেও টেগ কৰিব নেজানো। সদাশয় কোনোবাই হলেও মোৰ এই লেখাটো দৃষ্টিগোচৰ কৰাব বুলি আশা থাকিল। সুধী সমাজেও কোনো পুৰণি গৰিমামণ্ডিত বা অধুনালুপ্ত আলোচনীৰ একে নামেৰে পূৰ্বৰ প্ৰকাশকৰ অনুমতি সহ বা অবিহনে একে নামৰ আলোচনী প্ৰকাশ হব লাগে নে নালাগে সেই বিষয়েও নিশ্চয়কৈ চিন্তা-চৰ্চা তথা আলোচনা আগবঢ়ায় নিব লাগে বুলি ভাবো।

No comments:
Post a Comment