লোকেল গুজৱ.কম
১. কোন দুখন সভালৈ গলে প্ৰতিদিনে বহুত বহুত পইচা পায় আৰু তাত গৈ
মাত্ৰ হুলস্থুল কৰি সভা স্থগিত কৰাটোৱেই নিয়ম! সভা স্থগিত কৰি সস্তা দামত
ভাল খানা খোৱা কেণ্টিনত আড্ডা মাৰিবলৈ সুবিধা পোৱা সভা দুখন কি, বুলি সোধা এটা প্ৰশ্নৰ
উত্তৰত ৯৫শতাংশই ৰাজ্য সভা আৰু লোকসভাৰ নাম উল্লেখ কৰা বুলি সামাজিক
গৱেষণা প্ৰতিষ্ঠানৰ সমীক্ষাত উজলি উঠা বুলিও গুজৱ প্ৰকাশ পাইছে।
২.
"পানীৰ পাইপত কোন, মই বাৰ্গাৰ খোৱা নাই" সংলাপটো এইবছৰ ভ্ৰাম্যমাণত
আটাইতকৈ শ্ৰেষ্ঠ সংলাপ হব বুলি ভৱিষ্যতবাণী কৰিছে জ্যোতিষী হিৰো ইয়ঙে।
জালুকগুটি শৰ্মাই কোন খন ৰাজনৈতিক ভ্ৰাম্যমাণত যোগ দিব সেয়াহে ভৱিষ্যতবাণী
কৰিবলৈ অপৰাগতা প্ৰকাশ কৰি ইয়ঙে, গুৱাহাটীৰ ৰাইজক পানী খুৱাবলৈ নিজে ধন
খোৱা কাহিনীৰে এখন নাটক "পানী পাইপৰ মলুৱা" নামেৰে এইবাৰ জনপ্ৰিয় হবই বুলিও
দৃঢ়তা প্ৰকাশ কৰিছে।
৩. গুঞ্জন দত্ত আৰু হিমুকন শৰ্মাই দ্বৈত কণ্ঠত "আমি একেখন সাৰদা নাৱৰ যাত্ৰী" বুলি এটি ভিডিঅ' ৰিলিজ কৰিব বুলিও হাতোৰা কংগ্ৰেছৰ প্ৰডাকচন হাউচে প্ৰকাশ কৰিছে। এই ভিডিঅ'ৰে দুয়োৰে মাজত অনৈক্যৰ মাজত থকা ঐক্যৰ কথাও হাইকামাণ্ডৰ সমুখত তুলি ধৰা হব বুলিও জানিব পৰা গৈছে।
৪. এইবাৰ চীট ফাণ্ডৰ পইচা খোৱাৰ অভিযোগ উঠিছে প্ৰতিদিনে বাতৰি বিকা নিঃকিন বৰুৱাৰ বিপক্ষে। এগৰাকী চীট ফাণ্ডৰ লুজেন খোৱা অভিজ্ঞ ৰাজনীতিবিদেই এই অভিযোগ অনা বুলি জানিব পৰা গৈছে। ৰাইজে কথাষাৰ বিশ্বাস কৰিব নুখুজিলেও কিন্তু এতিয়া সাপেহে সাপৰ ঠেঙ দেখে বুলি আপ্তবাক্য শাৰীৰ বাবেই কথাষাৰ বিশ্বাস কৰিবলৈ আৰম্ভ কৰা বুলিও গুজৱ ওলাইছে।
৫. হাতোৰা পাৰ্টিয়ে ৰাজীৱদা ভৱনত সংকট মোচন যজ্ঞ কৰিবলৈ আয়োজন কৰা বুলি জানিব পৰা গৈছে। তাৰ বাবে হাইকামাণ্ডৰ বৰঘৰৰ পূজাৰী চিক্ৰেট-পূজ্য যোশী অচিৰেই গুৱাহাটীলৈ ঘিউ-মৌ সহ দক্ষিণা নিয়াৰ লক্ষ্যৰে উপস্থিত হবহি বুলিও খবৰ প্ৰকাশ পাইছে।
৬. নৰেন্দ্ৰ বৰদেউতাই অভিযোগ উঠা কেইবাগৰাকীও দেশৰ বেটীৰ বিৰুদ্ধে কোনো মাত নমতা বা পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে। গোপন সূত্ৰই প্ৰকাশ কৰা মতে বৰদেউতাৰ ধ্বজবাহক প্ৰকল্প "বেটি বচাও, বেটি বঢ়াও" মূলমন্ত্ৰক নেওচা দিব নোৱাৰাৰ বাবেহে বৰদেউতাৰ অসুবিধা হৈছে। আচলতে পেটে পেটে কথাবোৰো তেওঁৰো হজম হোৱা নাই বুলিও এতিয়া গুজৱ প্ৰকাশ পাইছে।
৭. অনলাইন যোদ্ধা হিচাবে কাম কৰি বিৰোধীক নস্যাত কৰিবৰ বাবে আৰু যুদ্ধং দেহী গোট গঠন কৰিবলৈ অমিতময় বাদশ্বাহে আঁচনি যুগুত কৰিছে। এতিয়া মাত্ৰ অনলাইন গালিৰে তাজমহলৰ কেম্পাচ ভৰোৱাৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হোৱা কৰ্মবাহিনীক এতিয়া অধিক লেতেৰা, আক্ৰমণাত্মক শব্দাস্ত্ৰৰ ব্যৱহাৰ কৰিবলৈ কৰ্মশালাৰো আয়োজন কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ বিশিষ্ট তাপুৰী, মুখ-চোকা, কাজিয়াখোৰ মহিলাক সমল ব্যক্তিৰূপে নিয়োগ কৰিব বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিচে।
৮. দিল্লীত এইবাৰ কেৱল মন্ত্ৰী, এমএলয়েই নহয়, দহ টকীয়া কেণ্টিনত সাধাৰণ মানুহেও খাব পৰাকৈ কেণ্টিন খুলি দিব বুলি কেজৰীককাইদেৱে ঘোষণা কৰিছে। এতিয়াৰ পৰা সস্তীয়া কেণ্টিনত খাবলৈ পালে ঘৰৰ সকলোৱে তাতে খোৱা বোৱা কৰি চিলিণ্ডাৰ গিভ-ইট আপ কৰি ঘৰবোৰ ধোঁৱামুক্ত কৰাটো সহায়ক হব বুলিও সদৌ দিল্লী শ্ৰীমতী সংঘই সন্তোষ প্ৰকাশ কৰিছে।
৯. এইবাৰ টেট শিক্ষক সকলে এখন নতুন ভাওনা চাবলৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে। ভাওনাখনৰ নাম "বৰকটকীৰ নিত্য-নতুন ঘোষণা" বুলিও জানিব পৰা গৈছে। পিছে ভাওনা ভোক থকা পেটেৰে চাব নোৱাৰি বুলিও এতিয়া ভাওনা কৰা গৰাকীলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ টেট শিক্ষক সন্থাই অচিৰেই কাঁহী-বাতি বাদন পৰিবেশন কৰিব বুলিও আগজাননী প্ৰকাশ পাইছে।
১০. ক্ৰিকেট আৰু ষ্টেডিয়াম নামৰ দুবিধ বস্তুকো খীৰতি গাইলৈ পৰিণত কৰি অভিলেখ স্থাপন কৰিছে অসমীয়া যাদুকৰ বিকাশমান বৰুৱাই। ক্ৰিকেটৰ বলক সোণৰ কণী আৰু পঞ্চতাৰকা হোটেলৰ বিলক কণী পৰা হাঁহৰ ৰূপ দি সকলোকে চমক খুওৱা বৰুৱাদেৱক অচিৰেই অসমৰ লুণ্ঠন-ৰত্ন সন্মান দিব লাগে বুলি সচেতন নাগৰিক সন্থাই মত প্ৰকাশ কৰিছে।

No comments:
Post a Comment