চিনেমাৰ আমোদজনক তথ্যৰ এখন কিতাপ
উৎপল দত্ত
উৎপল দত্ত
অন্ততঃ ববি সিঙৰ দৰে চলচ্চিত্ৰ লেখকে আঙুলিয়াই নিদিয়ালৈকে আমাৰ চকুত ধৰা পৰা নাছিল যদিও দুয়োখন ছবিকেই একাধিকবাৰ চোৱা হৈছে৷ 'গোলমাল' ছবিত আমোল পালেকাৰে দেবেন বাৰ্মাক লগ পাবলৈ ফিল্ম ষ্টুডিঅ'লৈ যায়৷ সেই সময়ত ষ্টুডিঅ'ত দৃশ্যগ্ৰহণ চলি থকা দৃশ্যটিত অভিনয় কৰি আছিল অমিতাভ বচ্চনে৷ ধনী ঘৰৰ নষ্ট যুৱকৰ চৰিত্ৰত অভিনয় কৰা অমিতাভে এখন ৰেষ্ট'ৰাত এগৰাকী মহিলাৰ প্ৰতি বেয়া ইংগিত দিছিল, ফলত মহিলা গৰাকীৰ ওচৰতে বহি থকা গিৰিয়েকে অমিতাভক দুঘোচা লগাই দিয়ে, ঘোচা খাই অমিতাভ লাহে লাহে আতৰি যায়, মুখত সংলাপ৷
দৃশ্যটো শেষ কৰি তেওঁ ষ্টুডিঅ'ৰ বাহিৰলৈ ওলাই আহে, লগ পায় দেবেন বাৰ্মা৷ :হাই হিৰো, কিচ কি নৌকৰী কৰ ৰহা হ্যে?: হা য়াৰ, জুৰমানা৷ - অমিতাভৰ উত্তৰ৷: অভি তক কমপ্লিট নেহী হুই? - দেবেন বাৰ্মাৰ প্ৰশ্ন৷: নেহী য়াৰ৷ - কথাটো কৈ অমিতাভ এফালে গুচি যায় আৰু ওচৰতে ৰৈ থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰীকেইজনমানক অটোগ্ৰাফ দিবলৈ আৰম্ভ কৰে৷ ষ্টুডিঅ'ৰ ভিতৰত অমিতাভে যিটো দৃশ্যত অভিনয় কৰিছিল, সেইটো দৃশ্য 'জুৰমানা' ছবিখনৰ প্ৰায় আৰম্ভণিৰ দৃশ্য৷ এই তথ্যটোৱে নিসন্দেহে লেখক ববি সিঙৰ চিনেমা-প্ৰীতিৰ গভীৰতাৰ স্বাক্ষৰ বহন কৰে৷
'ডিড ইউ নো' নামৰ কিতাপখনৰ লেখক ববি সিঙে হিন্দী ছবিৰ এনেকুৱা একাৱন্নটি তথ্য একোখন ৰচনাৰ মাজেৰে প্ৰকাশ কৰিছে৷ অকল তথ্যটি দিয়াই নহয়, তেওঁ সেই প্ৰসংগৰ আন কিছু কিছু প্ৰাসংগিক তথ্যও পৰিবেশন কৰি মূল তথ্যটিৰ পটভুমি নিৰ্মাণ কৰিছে আৰু ফলত ৰচনা কেইখন স্বয়ং সম্পূৰ্ণ ৰূপত পাঠকৰ সন্মুখলৈ আহিছে৷ বিশ্ববিখ্যাত পণ্ডিত বাৰট্ৰা ৰাছেলে এখন হিন্দী ছবিত দেখা দিয়াৰ তথ্যও কিতাপখনত সন্নিবিষ্ট হৈছে৷ 'পড়োচন' ছবিৰ বিখ্যাত 'এক চতুৰনাৰ' বহু দিনৰ আগতে আন এখন ছবিত ব্যবহাৰ হোৱা কথা, 'মুচাফিৰ' ছবিৰ বাবে দিলীপকুমাৰে এটি শাস্ত্ৰীয় সংগীতত কন্ঠদান কৰা তথ্য, 'শ্বোলে' ছবিৰ বিখ্যাত পানী টেংকৰ দৃশ্যটি যে এন্টনি কুইন অভিনীত এখন ছবিৰ পৰা লোৱা হৈছে, 'পাকিজা' ছবিৰ এটি বিখ্যাত গীতত মীনাকুমাৰীৰ ঠাইত ডুপ্লিকেট ব্যবহাৰ কৰা কথা আদিৰ দৰে বহু তথ্য এই কিতাপখনত পোৱা যায়৷
চিনেমাৰ একনিষ্ঠ দৰ্শকসকলে ছবিৰ ৰস গ্ৰহণ কৰাৰ লগতে জানিব বিচাৰে ছবিখনৰ নেপথ্যৰ অপ্ৰকাশ্য কাহিনীবোৰ, সেইবোৰে তেওঁলোকৰ চিনেমাপ্ৰীতিক উজ্জীৱিত কৰি ৰাখে৷ এতিয়া ইন্টাৰনেটৰ যুগ, তথ্য বিস্ফোৰণৰ যুগ৷ যিকোনো তথ্যৰ প্ৰাসংগিক তথ্য বিচৰাটো সহজ৷ এই কিতাপখনত থকা বহু তথ্যৰ প্ৰাসংগিক তথ্যবোৰ যেনে, কৰবাত যদি কিবা বিশেষ গানৰ উল্লেখ আছে, সেই গানটো ইন্টাৰনেটত বিচাৰি লৈ শুনি চাব পাৰিব, কিবা ছবিৰ উল্লেখ থাকিলে ছবিখন পাঠকে ইন্টাৰনেটৰ যোগেৰে পাব পাৰিব আৰু চিনেমা প্ৰসংগত নিজৰ তথ্য ভাৰ বৃদ্ধি কৰাৰ লগতে চিনেমা চোৱাৰ আনন্দতো এটা নতুন মাত্ৰা যোগ কৰিব পাৰিব৷ লেখক ববি সিঙৰ আচল নাম আছিল হৰপ্ৰীত সিং৷ ৰাজ কাপুৰৰ ববি চিনেমাখন চাই তেওঁ ইমানেই ভাল পাইছিল যে তেওঁ নিজৰ নাম সলনি কৰি 'ববি' নামটো গ্ৰহণ কৰিছিল৷ তেওঁ ববিটকছচিনেমা.কম নামৰ ৱেব চাইট এটাত চিনেমা-সংগীত আদিৰ বিষয়ে নিয়মীয়াকৈ লেখি থাকে৷
No comments:
Post a Comment