সুখ-দুখৰ বতৰাঃ ২১ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২১ আগষ্ট

সুখ-দুখৰ বতৰাঃ ২১ আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক ভাৰতৰ অন্যান্য ভাষালৈ অনুবাদ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে৷ সমান্তৰালভাৱে ইতিমধ্যে হিন্দীলৈ অনুবাদ হোৱা শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলী প্ৰকাশ কৰি উলিয়াব দিল্লী বিশ্ববিদ্যালয়ে৷লগতে দিল্লী বিশ্ববিদ্যালয়ত প্ৰৱৰ্তন হ’ব শ্ৰীমন্ত শংকৰদেৱ আসন৷

২ ৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০১৪ বৰ্ষৰ শীৰ্ষস্থানপ্ৰাপ্ত ইৰা সিংঘলে গুৱাহাটীৰ “শিশু সাৰথি”ত এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ সেই অনুষ্ঠানতে অসমৰ মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিশু সাৰথিৰ বিকাশৰ বাবে ২৫ লাখ টকা অনুদান প্ৰদান কৰে৷

৩ ৷ কেন্দীয় চৰকাৰে ইউনেস্ক’ৰ হেৰিটেজ চিটিৰ স্বীকৃতি লাভৰ বাবে দেশৰ ৰাজধানী দিল্লীৰ নাম সলনি কৰি নতুন দিল্লীৰ নাম “ইম্পেৰিয়েল চিটি অৱ দিল্লী” আৰু পুৰণি দিল্লীৰ নাম “ইম্পেৰিয়েল চিটি অৱ শ্বাহজাহানাবাদ” ৰখাৰ কথা গুণাগঁথা কৰিছে ৷

৪ ৷ বৰ অসমৰ প্ৰথম ডক্টৰেট ময়িদুল ইছলাম বৰাৰ স্মৃতিত প্ৰৱৰ্তন কৰা ড0 ময়িদুল ইছলাম বৰা সাহিত্য বঁটা ২০১৫ ৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট কবি নন্দ সিং বৰকলা ৷ অহা ২২ ছেপ্তেম্বৰত শিৱসাগৰত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব ৷

৫ ৷ প্ৰখ্যাত আলোচনী ফ’ৰ্বছে প্ৰকাশ কৰি উলিওৱা “দা ৱৰ্ল্ডছ ম’ষ্ট ইন’ভেটিভ কোম্পানীজ” শীৰ্ষক তালিকাত স্থান পাইছে ভাৰতৰ তিনিটা প্ৰতিষ্ঠানে ৷এই তালিকাৰ ৪১ নং স্থানত আছে হিন্দুস্থান ইউনিলিভাৰ, ৬৪ সংখ্যক স্থানত আছে টাটা কনছালটেন্সি চাৰ্ভিচেজ আৰু ৭১ নং স্থানত আছে ছান ফাৰ্মা ইণ্ডাষ্ট্ৰীজ৷

৬ ৷ নাটক আৰু সংগীতৰ সমাহাৰ লৈ আজি চলিত বৰ্ষৰ শুভ নাট্যযাত্ৰা কৰিব বহুকেইটা নাট্যদলে ৷ আজি নাট্যযাত্ৰা কৰিবলৈ ওলোৱা নাট্যদলসমূহ হ’ল – কহিনুৰ, ভাগ্যদেৱী ,বৰদৈচিলা, সূৰ্য আৰু ইতিহাস থিয়েটাৰ৷

৭ ৷ নলবাৰী জিলাৰ ২০খন গাঁৱৰ প্ৰায় এহেজাৰ কিশোৰ কিশোৰীক বাল্যবিবাহ, নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা আতৰাই ৰখাৰ লগতে শাৰীৰিক,মানসিক স্বাস্থ্যৰ বাবে ৰূপায়ন কৰা “কিশোৰ কিশোৰী সবলীকৰণ প্ৰকল্প”টোৰ কাম গ্ৰাম্য বিকাশ মঞ্চই আৰম্ভ কৰিছে৷ কিশোৰ কিশোৰীসকলৰ বিভিন্ন সমস্যাৰ উত্তৰ টেলিফ’নযোগে দিয়াৰ বাবে এটি হেল্পলাইন নম্বৰো ৯২৫৪৯৮২৫৪৯ মুকলি কৰা হৈছে৷

৮ ৷ সম্পূৰ্ণৰূপে সৌৰ শক্তিৰে চালিত বিশ্বৰ প্ৰথম বিমানকোঠ হিচাপে বিবেচিত হ’ব কেৰালাৰ কোচি আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠ৷ কেৰালাৰ মূখ্যমন্ত্ৰী ওমান চাণ্ডীয়ে অলপতে বিমানকোঠটোত ১২ মেগাৱাট পি ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰে৷

৯ ৷ বৰ্তমান অসমৰ ১২খন জিলাত সাক্ষৰ ভাৰত কাৰ্যসূচী চলি আছে ৷ এই মিছনে এইকেইখন জিলাৰ ১৯.২৭ লাখ নিৰক্ষৰ লোকক ২০১৭ চনৰ ৩১ মাৰ্চলৈ সাক্ষৰ কৰাৰ লক্ষ্য থিৰাং কৰি লৈছে৷ অহা ২৩ আগষ্টত অসমত ৫লাখ পৰীক্ষাৰ্থীয়ে এই বুনিয়াদী স্বাক্ষৰতা পৰীক্ষাত অৱতীৰ্ণ হ’ব৷

১০ ৷ বেডমিন্টন বিশ্ব ফেডাৰেচনৰ ছিংগলচ ৰেংকিং তালিকাৰ এক নম্বৰ আসনখন পুনৰোদ্ধাৰ কৰিছে ভাৰতীয় শ্বাটলাৰ ছাইনা নেহৱালে৷সদ্য প্ৰকাশিত ৰেংকিং তালিকাত স্পেইনৰ কেৰ’লিনা মাৰিনক আতৰাই শীৰ্ষস্থান লাভ কৰিছে ছাইনাই ৷
যুগুতালেঃ শ্বিলঙৰ পৰা বিপাশা বৰাই।

No comments:

Post a Comment