চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


তুলুঙা মন্তব্যৰে সম্ৰাট নিৰোৰ ভূমিকাত শাসক
ডাঃ বিৰাজ কুমাৰ শৰ্মা
সৰুতেই পঢ়িছিলো ৰোমৰ শাসক নিৰোৰ কাহিনী। কেনেদৰে ৰোমান সাম্ৰাজ্যৰ পতন আসন্ন বুলি জানিও তথা চকুৰ আগতে ৰোম সাম্ৰাজ্য ধ্বংস হোৱা দেখিও সেইজন শাসকে আপোনমনে বাঁহী বজাই গৈছিল। অন্যহাতে ফ্ৰাঞ্চত যেতিয়া ৰজা যোড়শ লুইয়ে জনতাৰ ফালে পিঠি দি ৰাজপ্ৰসাদৰ নিভৃত কোণত মদিৰা খাই বীণ বজাই সময় অতিবাহিত কৰিছিল, তেতিয়াই ক্ষুদ্ধা-পীড়িত জনতাই সংঘটিত কৰিছিল মহান ফৰাছী বিপ্লৱৰ আৰু ফাঁচি কাঠত ওলোমাইছিল যোড়শ লুইক৷ সেইবোৰ এতিয়া এক ইতিহাস।

ঠিক তেনেদৰে যেন আমাৰ অসমতো এজন নিৰোৰ আবিৰ্ভাৱ হৈছে। যিয়ে ৰাজ্যৰ চৌদিশে অৰাজকতা, দূৰ্নীতি, হত্যা-হিংসা তথা মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰা, দিনে দিনে বৃদ্ধি পাবলৈ ধৰা উগ্ৰপন্থীৰ কূটাঘাটমূলক কাৰ্যকালাপ, দিনক দিনে বৃদ্ধি পোৱা গঁড় হত্যা আদি দেখিও তুলুঙা মন্তব্য দিবলৈ কুন্ঠাবোধ নকৰে। আগৰ দলৰ চৰকাৰৰ কাম-কাজক নিজৰ ভাষণৰ সমল কৰি অনা তথা কথাই কথাই বিদেশী ৰাষ্ট্ৰৰ প্ৰসংগ টানি অনা এইজন শাসকৰ যেন ৰাজ্যশাসনৰ দায়িত্ববোধ বুলিবলৈ একোৱেই নাই। এসময়ৰ সমন্বয়ৰ প্ৰতীক অসমত এতিয়া চৌদিশে পৃথক ৰাজ্যৰ দাবী, সকলোৱেই অসমৰ মূল ভূ-খণ্ডৰ পৰা পৃথক হোৱাৰ বাবে সোচ্চাৰ, অসমৰ গৌৰব এশিঙিয়া গঁড় আজি সংকটৰ গৰাহত, মুৰত বোমাৰ স্ফিন্টাৰ লৈ যন্ত্ৰণাত চতফটাইছে দেৱশিশু, এফালে চৰকাৰৰ নিৰ্বাচনী চমক দিবলৈ তিনিটকীয়া চাউল তথা খাদ্য সুৰক্ষা আচনি আৰু আনফালে আলু-পিয়াজৰ অভাৱনীয় মূল্যবৃদ্ধি, এফালে ছাত্ৰ-ছাত্ৰীক লেপটপ বিতৰন আৰু আনফালে ছাত্ৰীৰ আত্মহত্যা, বিদ্যুত সংযোগ নোহোৱাকৈ বহুতো গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে লেমৰ পোহৰতে কৰি গৈছে ভবিষ্যতৰ পৰিকল্পনা, দৰ্মহাৰ বাবে ৰাজপথ পাইছে শিক্ষক, দৰমহাৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে নিৰাপত্তাৰক্ষীয়ে, বাৰিষাৰ সময়ত ককবকাব লাগে ৰাজ্য, বনিক-গোষ্ঠীৰ হাতত কৃষকে হেৰুৱাব লগা হৈছে কৃষিভূমি। তথাপিও যেন কানসাৰ নাই সেইজনৰ।

অভিলেখ গঢ়িব পৰাকৈ শিক্ষামূলক অধ্যয়নৰ নামত ভ্ৰমনো কৰিলে বহুতো বিদেশী ৰাষ্ট্ৰ। অথচ ইমানবোৰ বিদেশ ভ্ৰমনৰ পিছতো তেৰাই দেখিলে আৰু বুজিলে মাথো এই কথা যে সমস্যা বিদেশী ৰাষ্ট্ৰটো আছে, বানপানী বিদেশী ৰাষ্ট্ৰটো আছে ইত্যাদি ইত্যাদি। কিন্ত্ত বিদেশী ৰাষ্ট্ৰসমূহে যে সৰু-বৰ সকলো সমস্যা সমাধান কৰিবলৈ যুদ্ধকালীন ততপৰতাৰে ভাগ লয়, সেই কথাহে নিশিকিলে। বানপানীৰ সময়ত আমেৰিকা-লণ্ডনৰ উদাহৰণ দি অসমবাসীক উপহাস কৰা, জ্ব্লন্ত ৰাজ্য এৰি চৰকাৰী ভ্ৰ্মন দেখুৱাই বিদেশত বাহৰ পাতি আমোদ ভ্ৰমণত ব্যস্ত থকা, আফ্ৰিকাতো দুটা খৰ্গৰ গঁড় মৰে বুলি উপৰুৱা মন্তব্য, গছত গৰু উঠা মন্তব্যৰে বহুৱালীৰ সৰ্বোচ্চ সীমা অতিক্ৰম কৰা আদিবোৰে প্ৰতীয়মান কৰে এজন শাসকৰ দায়িত্বজ্ঞানহীনতা তথা উদাসীনতাক। যি সময়ত প্ৰতিবাদ, হৰতাল, বন্ধ সংস্কৃতিৰ গ্ৰাসত পৰি ৰাজ্যত চৌদিশে অৰাজকতা, সেই সময়তে সেইজনাই বুকু ফিন্দাই ক’ব পাৰে ৰাজ্যৰ চৌদিশে শান্তিয়েই শান্তি বুলি।

দুৰ্নীতিৰ অভিযোগ আহিলে এজন দায়িত্বশীল ব্যক্তি হিচাবে কথাবোৰ গুৰুত্ত্ব সহকাৰে লোৱাৰ পৰিবৰ্তে খঙত অগ্নিশৰ্মা হৈ গাজাখুৰি মন্তব্য আগবঢ়োৱা আৰু সকলো দাবীক একেষাৰেই নস্যাৎ কৰা আদিবোৰ অতিশয় দূৰ্ভাগ্যজনক | দুৰ্নীতিৰ প্ৰসঙ্গ উত্থাপন কৰা বাবেই কথা প্ৰসঙ্গত কৈয়েই পেলালে যে নিজে হেনো তৃতীয় বিভাগত মেট্ৰিক পাছ কৰিছিলে আৰু প্ৰকাৰন্তৰে মেধাশক্তিক উপলুঙা কৰি একপ্ৰকাৰ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশক যেন উলাই কৰিলে আৰু শৈশিক প্ৰক্ৰিয়াটো তথা ৰাজ্যখনৰ শিক্ষিতচামকহে একপ্ৰকাৰ যেন ভেঙুচালি কৰিলে | তেখেতৰ এজন সতীৰ্থই আকৌ এখোপ চেৰাই গৈ মন্তব্য কৰিলে যে পঞ্চায়তৰ চাউল চুৰি কৰিয়েই হেনো তেখেতে উন্নয়ন আনিবৰ বাবে চেষ্টা কৰিছিলে, আনহাতে দূৰ্নীতিৰ সম্ৰাট এজনক ৰক্ষা কৰিবৰ বাবেই সেই সদাশয় ব্যক্তিজনে আকৌ নিজৰ দায়িত্বজ্ঞানহীনৰ পৰিচয় দি সাম্প্ৰদায়িক মন্তব্য কৰি লেতেৰা ৰাজনীতি কৰিবলৈ কুন্ঠাবোধ নকৰিলে।

অথচ ৰাজহুৱা স্বাৰ্থক যে সকলোতকৈ আগত প্ৰাধান্য দিব লাগে সেইয়া যেন তেখেতসকলৰ মনৰ পৰিধিৰ বাহিৰত। আনহাতে নিজকে বৰাক উপত্যকাৰ ৰজা বুলি সততে জাহিৰ কৰি ফুৰা এজনে কৈ দিলে যে বেলেগে গালি পাৰি থাকিলেও তেওঁহেনো কোনো গুৰুত্ত্ব নিদিয়ে, কাৰণ হেনো গালি শুনি শুনি তেওঁৰ গাৰ ছাল ডাঠ হৈ গৈছে। এয়াই আমাৰ জনপ্ৰতিনিধি। এনেবোৰ কাণ্ডাৰীৰ হাততে আজি অসমৰ ভৱিষ্যত, যিসকলৰ নাই নিজ পৰিয়ালৰ বাহিৰে ৰাজ্যৰ জনসাধাৰণৰ ভবিষ্যতৰ স্বাৰ্থত কোনো পৰিকল্পনা, তাৰ পৰিবৰ্তে ব্যস্ত জোৰা তাপলি মাৰি যধে-মধে অকল ভোটবেংকৰ স্বাৰ্থত গঢ়া অবিজ্ঞানন্মত পৰিকল্পনাত। যিয়ে বহন কৰিছে যেন ভয়াবহ ভৱিষ্যতৰ ইংগিত।

অথচ এইসকল দায়িত্বশীল লোক হোৱাৰ বাবেই ৰাজহুৱা ধনৰ শৰাধ কৰি দিয়া হয় চৰকাৰী নিৰাপত্তা, তেওঁলোক দায়িত্বশীল ব্যক্তি হোৱাৰ বাবেই আমি আমাৰ বহুমূলীয়া সময় ৰাজপথত এৰি দিব লগা হয় যাতে তেওঁলোকৰ কনভয় সুকলমে পাৰ হৈ যাব পাৰে কোনো বিজুতি নোহোৱাকৈ। অথচ এনে লোকৰ মুখত তুলুঙা মন্তব্য অতিশয় দূৰ্ভাগ্যজনক। এনেদৰেই এতিয়া আগবাঢ়িছে আজি অসমৰ ভবিষ্যত এনে এচাম ক্ষমতালোভীৰ হাতত আৰু জনসাধাৰণ আগবাঢ়িছে গদ্দালিকা প্ৰবাহত অনিশ্চিত ভৱিষ্যতৰ দিশে। ৰাইজে কথাবোৰ চিন্তা কৰি সৱল প্ৰতিৰোধ গঢ়িবৰ সময় আহিল।

No comments:

Post a Comment