মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হিমন্ত বিশ্বঃ দুৰাকাংখ্যাৰ ক্ৰীড়নক নে 
বুদ্ধিদীপ্ততাৰ সদৰ্থক প্ৰয়োগ? 
ভৱেন সন্দিকৈ
এক:
বিগত কিছুদিন ধৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গেৰুৱা বসন পিন্ধাৰ বাতৰিয়ে অসমৰ ৰাজনীতি একপ্ৰকাৰ গৰম কৰি ৰাখিছে। প্ৰিণ্ট-বৈদ্যুতিন সংবাদ মাধ্যমৰ ওপৰিও নতুন প্ৰজন্মৰ মাজত অত্যাধিক জনপ্ৰিয় আৰু প্ৰভাৱশালী চ'চিয়েল মেডিয়াতো এই গৰম খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।এই ৰাজনৈতিক পৰিঘটনা সৰ্ন্দভত চ'চিয়েল মেডিয়াত বিভিন্ন মেৰুত অবস্থান কৰা নতুন প্ৰজন্মৰ দৃষ্টিভঙ্গী আৰু আমাৰ ব্যক্তিগত কিছু অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ লিখাৰ আগতে শ্ৰদ্ধেয় হোমেন বৰগোহাঞিছাৰে ১৯৯২ চনতে হিমন্তবিশ্ব শৰ্মাৰ বিষয়ে কৰা মন্তব্য এটা মনলৈ আহিছে।'অসমৰ ৰাজনৈতিক নেতাৰ ভাৱমূৰ্তি' শীৰ্ষক লেখাটোত ছাৰে লিখিছে-'হিমন্তবিশ্ব শৰ্মাই ৰাজনৈতিক জীৱন নৌ আৰম্ভ কৰোঁতেই ১৯৯২ চনত মই তেওঁক কৈছিলো যে মই তেওঁৰ মাজত দ্বিতীয়জন হিতেশ্বৰ শইকীয়াক দেখা পাইছোঁ। লগতে মই এই কথাও তেওঁক কৈছিলো যে তেওঁ যদি হিতেশ্বৰ শইকীয়াৰ গুণখিনি আয়ত্ব কৰি দোষখিনি পৰিহাৰ কৰি চলিবলৈ চেষ্টা কৰে,তেওঁ নিশ্চিয় এদিন অসমৰ মুখ্যমন্ত্ৰী হৈ বিৰল কৃতিত্ব প্ৰদৰ্শন কৰিব পাৰিব। কিন্তু হিমন্তবিশ্ব শৰ্মাই এতিয়ালৈকে হিতেশ্বৰ শইকীয়াৰ দোষখিনিহে বেছি নিষ্ঠাৰে কৰ্ষণ কৰিছে; তেওঁৰ গুণখিনি আয়ত্ব কৰিবলৈ সমূলি চেষ্টা কৰা নাই। Manipulative Politics,অৰ্থাৎ ৰাজনীতিক ব্যক্তিগত স্বাৰ্থত নিপুণভাৱে প্ৰয়োগ কৰা কামত হিতেশ্বৰ শইকীয়া অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছিল।কিন্তু Manipulative Politics-ৰ মাজত এজন মানুহৰ যিমানখিনি টেঙৰালি প্ৰকাশ পায় সিমানখিনি মহত্ব প্ৰকাশ নাপায়। Manipulative Politics-ৰ সহায়ত এজন মানুহে প্ৰচুৰ পৰিমাণে ক্ষমতা আৰ্জন কৰিব পাৰে;কিন্তু তেওঁ ৰাইজৰ স্বাৰ্থত সেই ক্ষমতাৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰে। অৰ্থাৎ তেওঁৰ কাৰণে ক্ষমতা কেৱল এটা উপায় নহৈ লক্ষ্য হৈ পৰে।হিতেশ্বৰ শইকীয়াৰ নিচিনাকৈ হিমন্তবিশ্ব শৰ্মাই এতিয়ালৈকে Manipulative Politics-ত চমকপ্ৰদ দক্ষতাৰ পৰিচয় দিছে; কিন্তু এই ধৰণৰ ৰাজনীতিৰ সীমাবদ্ধতা বুজিবৰ জোখাৰে তেওঁৰ সুবুদ্ধি নাই।হিতেশ্বৰ শইকীয়াৰ সৌজন্য,সহনশীলতা, মানৱীয়তা আৰু বাকসংযম আয়ত্ব কৰিবলৈকো তেওঁ চেষ্টা কৰা নাই। হিমন্তবিশ্ব শৰ্মা খুব বুদ্ধিমান,পৰিশ্ৰমী আৰু কৰ্মদক্ষ। কিন্তু একে সময়তে তেওঁ অধৈৰ্য, অসহিঞ্চু আৰু কিছু পৰিমাণে প্ৰদৰ্শনকামী(Exhibitionist)। মই ভাবো বৰগোহাঞিছাৰৰ এই মন্তব্য আজিও এশ শতাংশই শুদ্ধ।
 
দুই:
কটনত হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ ৰাজনীতিক প্ৰত্যাহ্বান জনোৱাৰ সৌভাগ্য নহ'ল যদিও তেখেতৰ পৰোক্ষ ৰাজনীতিৰ সৈতে আমাৰ পৰিচয় আছে। এফালে যেনেকৈ অগ্ৰজ কিছু সচেতন কটনিয়ানে হিমন্তৰ ছাত্ৰ ৰাজনীতিৰ অশ্বমেধ ঘোঁৰা স্তব্ধ কৰিবলৈ আৰম্ভ কৰা বাঁও-জাতীয়তাবাদী মতাদৰ্শৰ ৰাজনৈতিক ৰাসায়নৰ সৰু সুঁতি এটা আমি কটনত থকালৈকে বৈ আছিল, আনফালেদি তেনেকৈ হিমন্তবিশ্ব শৰ্মাৰ অনুগামী সকলেও তেখেতৰ ৰাজনীতি কটনত জীয়াই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছিল।ইয়াৰ জৰিয়তে তেখেতৰ কূটিল প্ৰলোভনৰ ৰাজনীতিৰ লগতে কটনতে দক্ষতাৰ পৰিচয় দিয়া বাহুবল আৰু ধনবলৰ ৰাজনীতিৰ নাঙঠ স্বৰুপ আমি দেখিছো।

টকাৰে নিৰ্লজ্জভাবে গুণগ্ৰাহী ক্ৰয় কৰা ৰাজনীতিৰ আদি পাঠ হিমন্তবিশ্ব শৰ্মাই কেনেকৈ কটনত আৰম্ভ কৰিছিল, সেই কাহিনীও আমি অনেকৰ মুখত শুনিছিলো। অৱশ্যে এইখিনিতে এটা কথা স্বীকাৰ কৰিব লাগিব যে ইয়াৰ মাজত অনেক সদৰ্থক কাহিনীও আছিল।


তিনি:
কটনত আৰম্ভ কৰা সংগ্ৰামী ৰাজনীতিৰ আদি পাঠ লৈ আমি ৰাজ্যৰ বহুল সাংগ্ৰামী পথাৰত জপিয়াই পৰিলো। ইতিমধ্যে হিমন্তবিশ্ব শৰ্মাই সংসদীয় ৰাজনীতি পথাৰত বাট বুলি সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিছে।এই দীঘলীয়া সময়চোৱাত তেখেতক প্ৰত্যক্ষভাৱে এবাৰেই ওচৰত পাইছো যদিও তেখেতৰ দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ হোৱা মহাসংগ্ৰাম খনৰ আমিও এজন সৈনিক আছিলো।সেইসূত্ৰে তেখেতৰ বিচক্ষণতা আৰু দুৰ্বলতা সকলো দেখিছো।

একেদৰে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ সন্দৰ্ভত বিধান সভাত তেজস্বী বক্তৃতা আৰু সংবাদ মাধ্যমত লেখা-মেলাৰ জৰিয়তে আন্দোলনটোৰ বিপথে পৰিচালিত কৰাৰ প্ৰয়াসৰ লগতে প্ৰশাসনিক ব্যৱস্থাটোক এই আন্দোলনৰ বিৰুদ্ধে পাৰিচালিত কৰাৰ কথা আমি জানো। এইসন্দৰ্ভত সচিবালয়ৰ কক্ষত মন্ত্ৰীস্তৰত হোৱা আলোচনাত হিমন্তবিশ্ব শৰ্মাৰ ৰাজনৈতিক বুদ্ধিদীপ্ততা আৰু বাকপটুতাৰ প্ৰত্যক্ষ সাক্ষী আছিলো।এই বুদ্ধিদীপ্ততাক তেওঁ সদৰ্থক কামত প্ৰয়োগ কৰিলে নিশ্চিতভাৱে অসমৰ ৰাজনীতিৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি নথকাৰ প্ৰশ্নই নুঠে।

কিন্তু তেখেতৰ পৰা তেনে আশা কৰাটো পৰ্বতত কাছ কনী বিচৰাৰ বাহিৰে একো নহয় বুলি বিগত দিনবোৰৰ কৰ্মকাণ্ড আৰু অতীত ফ্লেশ্ববেকে প্ৰতীয়মান কৰে।নব্য উদাৰীকৰণ নীতিৰ ফলত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিবলৈ বাধ্য হোৱা টেট শিক্ষক, এন আৰ এইচ এম আদি আঁচনিৰ জৰিয়তে কিছু অস্থায়ী ভিত্তিক চাকৰিত নিযুক্তি দি সেই সকলক পৈতৃক সম্পত্তিৰ দৰে তেওঁৰ ৰাজনৈতিক দুৰাকাংক্ষাৰ ক্ৰীড়নকত পৰিণত কৰিব খোজা শেহতীয়া ঘটনাটোৰ জৰিয়তে তেখেতৰ মানসিকতাৰ বাহ্যিক প্ৰতিফলন ঘটিছে।


চাৰি:
হিমন্তবিশ্বৰ গেৰুৱাবসন পিন্ধি অসমত পদুম ফলোৱাৰ যি সপোন দেখিছে, সি সপোন হৈ থাকিব। অসমৰ ৰাজনৈতিক-ভৌগোলিক ৰসায়ন,ধৰ্মীয় সমীকৰণ আৰু বিভিন্ন জাতি-জনগোষ্ঠী ৰাজনৈতিক সমীকৰণ পদুম ফুলাৰ বাবে মুঠেই অনুকূল নহয়। একেদৰে স্তিমিত মোদী বতাহ,তৃণমূললৈকে সাংগঠনিক সীমাবদ্ধতা আৰু দলটোৰ ভিতৰত ইতিমধ্যে চলি থকা অন্তঃকন্দল আৰু হিমন্তবিগ্ৰেদ আৰু দলটোত আন্তৰিকতাৰে কাম কৰি থকা সকলৰ মাজত হব লগা যুঁজখনে দলটোক ডুবাব নিশ্চিত।কিন্তু ক্ষমতাৰ বাবে সকলো পন্থা লবলৈ সাজু থকা হিমন্তই অনাগত দিনত সাম্পদায়িক শক্তিসমূহৰ সহযোগত ৰোপণ কৰা সাম্প্ৰদায়িক ৰাজনীতিৰ বীজে শংকৰ-আজানৰ দেশখ্যাত অসমৰ ভবিষ্যত কোনদিশে নিয়ে,সি লক্ষণীয় হব।

No comments:

Post a Comment