মুছলমানৰ জনসংখ্যা বৃদ্ধি আৰু অসমৰ ভৱিষ্যত
দীপাংকৰ মল্ল বৰুৱা
দীপাংকৰ মল্ল বৰুৱা
যিকোনো এখন দেশৰ দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি সদায় এক উদ্বেগৰ কাৰণ। আমাৰ দেশত যেতিয়াই ধৰ্মভিত্তিত লোকপিয়লৰ পৰিসংখ্যা প্ৰকাশ হয়, তেতিয়াই বাতৰি কাকতত বৰ বৰ হৰফেৰে মুছলমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ বাতৰি প্ৰকাশ হয়। শেহতীয়াকৈ প্ৰকাশিত হোৱা ২০১১ চনৰ ভাৰতৰ ধৰ্ম ভিত্তিক লোকপিয়লৰ তথ্যতো ভাৰতত আন ধৰ্মাৱলম্বী লোকৰ তুলনাত দ্ৰুতগতিত মুছলমানৰ সংখ্যা বৃদ্ধিৰ বাতৰি প্ৰকাশিত হৈছে। উল্লেখ্য যে মুছলমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধি অকল ভাৰত বা অসমতে নহয়, সমগ্ৰ বিশ্বতে দেখিবলৈ পোৱা গৈছে। অহা এশ বছৰৰ ভিতৰত ইউৰোপৰ কেইবাখনো দেশত মুছলমান সংখ্যাগৰিষ্ঠ হৈ পৰিব বুলি অনুমান কৰা হৈছে। যিকোনো জনগোষ্ঠীৰ অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি সীমিত বহন ক্ষমতাৰ আমাৰ দেশখন বা বহল পৰিসৰত পৃথিৱী নামৰ গ্ৰহটোৰ বাবেও সুখবৰ নহয়।
স্বাভাৱিকতে মুছলমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধি আজিৰ সময়ত সমগ্ৰ বিশ্বজুৰি এক চৰ্চাৰ বিষয় হৈ পৰিছে। এই বৃদ্ধিয়ে আন ধৰ্মাৱলম্বী লোক সকলক কিছু পৰিমাণে আতংকিত কৰিছে। প্ৰায়েই মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ লগত ধৰ্মীয় আগ্ৰাসনৰ গোপন পৰিকল্পনা আৰু নব্য উগ্ৰ ইছলামিক সাম্ৰাজ্যবাদৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰা হয়। আন ধৰ্মাৱলম্বী মানুহে এই বুলিও ভীতিগ্ৰস্থ হয় যে মুছলমান সংখ্যাগৰিষ্ঠ হৈ পৰা দেশত প্ৰায়েই কঠোৰ ইছলামিক নিয়ম নীতি প্ৰৱৰ্তিত হয় আৰু আন ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ উত্পীড়ন হয়। বৰ্তমান ইৰাক আৰু ছিৰিয়াত স্থাপিত হোৱা ইছলামিক ষ্টেটৰ লোকসকলে কুৰ্দ, খ্ৰিষ্টধৰ্মী আৰু আন ধৰ্মাৱলম্বী সকলৰ ওপৰত কৰা অমানুষিক আৰু বৰ্বৰ অত্যাচাৰৰ বাতৰিয়েও মুছলমানৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতি মানুহক ভীতিগ্ৰস্থ কৰিছে। পাকিস্তান আৰু বাংলাদেশৰ দৰে চুবুৰীয়া মুছলমান সংখ্যাগৰিষ্ঠ দেশৰপৰা হিন্দু আৰু অন্যান্য ধৰ্মাৱলম্বী লোকে পলায়ন কৰিবলগীয়া অৱস্থা হোৱাৰ বাবেও আন ধৰ্মাৱলম্বী সকলে মুছলমানৰ সংখ্যা বৃদ্ধিৰ প্ৰতি শংকিত হয়।
মুছলমানৰ সংখ্যাবৃদ্ধিৰ ক্ষেত্ৰত অসমৰ কথা সুকীয়া। সমগ্ৰ দেশৰ ভিতৰতে অসমত মুছলমানৰ সংখ্যাবৃদ্ধিৰ হাৰ আটাইতকৈ বেছি। ৰাজ্য সমূহৰ ভিতৰত অসমত মুছলমানৰ সংখ্যা জম্মু কাশ্মীৰৰ পিছতেই দ্বিতীয় সৰ্বাধিক। বৰ্তমান ৰাজ্যখনৰ ৩৪.২২ % মানুহ মুছলমান। ইতিমধ্যে অসমৰ ৯ খন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ হৈ পৰিছে। অসমৰ ১২৬ টাৰ ভিতৰত ৪৯ টা বিধান সভা সমষ্টিতেই এতিয়া মুছলমান নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হৈছে। অনুমান কৰা হৈছে যে বৃদ্ধিৰ হাৰ অপৰিৱৰ্তিত হৈ থাকিলে অহা কুৰি বছৰৰ ভিতৰতে অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হ’ব। স্বাভাৱিকতে মুছলমানৰ দ্ৰুত সংখ্যাবৃদ্ধিয়ে অসমত বসবাস কৰা আন ধৰ্মাৱলম্বী লোকসকলক কিছু পৰিমাণে চিন্তিত কৰিছে। এই চিন্তাৰ এটা মূল কাৰণ হ’ল বহুতো লোকে আশংকা কৰে যে অসমত মুছলমান সংখ্যাগৰিষ্ঠ হৈ পৰিলে গোড়া ইছলাম ধৰ্মীয় সংস্কৃতিৰ আগ্ৰাসনত অসমীয়া মানুহৰ জাতীয় অস্তিত্ব আৰু থলুৱা সংস্কৃতি বিপন্ন হৈ পৰিব। ছবছৰীয়া অসম আন্দোলনৰ এটা মূল কাৰণ আছিল অভিবাসী মুছলমানৰ ব্যাপক সংখ্যাবৃদ্ধিৰ বাবে থলুৱা লোকৰ অস্তিত্বৰ সংকট আৰু অসমৰ কেইবাখনো জিলাত জনগাঁঠনিৰ পৰিৱৰ্তন। চুবুৰীয়া পূব পাকিস্তান বা বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰৱজনেই অভিবাসী মুছলমানৰ দ্ৰুত সংখ্যাবৃদ্ধিৰ মূল কাৰণ বুলি অভিহিত কৰা হৈছিল। উল্লেখ্য যে, ১৯৭১ চনৰ পিছত অহা বাংলাদেশী নাগৰিক সকলক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে অসম চুক্তি সম্পাদিত হৈছিল।
যোৱা ২৭ আগষ্ট, ২০১৫ তাৰিখে আমাৰ অসমত প্ৰকাশ হোৱা ড° ইলিয়াছ আলীৰ প্ৰৱন্ধ ‘মুছলমান জনসংখ্যা বৃদ্ধিৰ আঁৰৰ কাহিনী’ত লেখকে অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰৱজনেই যে একমাত্ৰ কাৰক নহয় এই কথা তথ্য সহকাৰে উদঙাই দেখুৱাইছে। লেখকে মুছলমান জনসংখ্যা বৃদ্ধিৰ কাৰক হিচাপে অভিবাসী মুছলমান সকলৰ শিক্ষাৰ অভাৱ, ধৰ্মীয় গোড়ামি, অন্ধবিশ্বাস, কুসংস্কাৰ আদিলৈ আঙুলিয়াই দেখুৱাইছে। যিসময়ত ৰাজ্যখনত শিক্ষিতৰ হাৰ প্ৰায় ৭৩%, সেই সময়ত অভিবাসী মুছলমান সমৃদ্ধ চৰ চাপৰি অঞ্চলত শিক্ষিতৰ পৰিমাণ কেৱল প্ৰায় কুৰি শতাংশহে হোৱাটো নিশ্চিতভাৱে চিন্তনীয়। শিক্ষাৰ অভাৱ আৰু জীৱন যাপনৰ নিম্ন মানদণ্ডৰ বাবে চৰ চাপৰিবাসী ৰাইজৰ মাজত কিশোৰী বিবাহ, নাৰী নিৰ্যাতন, তালাক, বহু বিবাহ, অপ্ৰাপ্তবয়ষ্ক যুৱকৰ বিবাহ আদি কু প্ৰথা বহুল ভাৱে প্ৰচলিত বুলি লেখকে উল্লেখ কৰিছে। শ্ৰমজীৱি লোকে হয়তো জীৱনৰ নিৰাপত্তাৰ অভাৱতো অধিক সন্তান জন্ম দিয়ে। তেওঁলোকৰ বাবে পৰিয়ালত এজনৰ সংখ্যা বৃদ্ধি মানেই কাম কৰা দুখন অতিৰিক্ত হাতৰ দ্বাৰা অধিক উপাৰ্জনৰ আশা। আধুনিক চিকিত্সা আৰু উপযুক্ত পুষ্টিৰ অভাৱত শিশু আৰু প্ৰসুতিৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ বাবেও তেওঁলোকৰ মাজত জন্মৰ হাৰ অধিক। তদুপৰি লেখকে কোৱাৰ দৰে চৰ চাপৰি বাসী ৰাইজৰ মাজত এচাম বৰমূৰীয়া, ৰাজনৈতিক নেতা আৰু মুন্সী মৌলানাই পৰিয়াল পৰিকল্পনা বা জন্ম নিয়ন্ত্ৰণ ধৰ্মৰ পৰিপন্থী আৰু পাপ কৰ্ম বুলি অপপ্ৰচাৰ চলাই আহিছে। চৰ চাপৰিৰ বাসিন্দাৰ প্ৰতি অৱহেলাৰ দৃষ্টিৰে চোৱা এচাম চৰকাৰী বিষয়াৰ দায়িত্বহীনতা আৰু কৰ্তব্যৰ প্ৰতি গাফিলতিৰ বাবেও চৰকাৰী জনসংখ্যা নিয়ন্ত্ৰণ আঁচনি সমূহ ৰূপায়িত হোৱা নাই। যিবোৰ অঞ্চলত শিক্ষা, স্বাস্থ্য, খোৱাপানী, বাসস্থান সকলোৰে অভাৱ, যিবোৰ অঞ্চলত হয়তো যৌনতাই একমাত্ৰ মনোৰঞ্জনৰ উপায়, সেইবোৰ অঞ্চলত যিকোনো জনগোষ্ঠীৰে অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি আচৰিত কথা নহয়। যিকোনো জনগোষ্ঠীৰে অনিয়ন্ত্ৰিত হাৰত জনসংখ্যা বৃদ্ধিয়ে সীমিত সম্পদৰ ৰাজ্য এখনৰ সকলো জনতাৰ বাবেই অশনি সংকেট কঢ়িয়াই আনিব পাৰে।
এই কথা সহজেই বুজিব পাৰি যে অসমৰ অভিবাসী মুছলমান সকল তথা চৰ চাপৰি বাসী ৰাইজৰ অনগ্ৰসৰতা আৰু পশ্চাদপদতাৰ এটা মূল কাৰণ হ’ল ব্যাপক জনসংখ্যা বৃদ্ধি। আনহাতে পশ্চাদপদতাৰ বাবেই তেওঁলোকে অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে। এই অনন্ত পাকচক্ৰত পৰি অসমৰ অভিবাসী মুছলমান সমাজত ব্যাপক জনবিষ্ফোৰণ সংঘটিত হৈছে। এই জন বিষ্ফোৰণৰ বাবে কৃষিজীৱি চৰ চাপৰিবাসী অভিবাসী মুছলমান সকলৰ জীৱন যাপন দুৰ্বিসহ হৈ পৰিছে। অতি সীমিত সম্পদ বহুসংখ্যক মানুহে ভগাই লবলগীয়া হোৱাৰ বাবে মানুহৰ জীৱন ধাৰণৰ মান শোচনীয় হৈ পৰিছে। তদুপৰি বৰ্ধিত জনসংখ্যাৰ হেঁচাত মানুহৰ খেতি কৰিবলৈ মাটিৰ অভাৱ হৈছে। বছৰি হোৱা বানপানী আৰু নদীৰ গৰাখহনীয়াই খেতিৰ মাটি সংকুচিত কৰি আহিছে। বান আৰু গৰাখহনীয়াত ঘৰ বাৰী, খেতি বাতি সকলো হেৰুওৱা চৰবাসীয়ে আন ঠাইত মাটি বা নতুন চৰৰ সন্ধান কৰিবলগীয়া হয়। খেতিৰ মাটিৰ অভাৱত পেটৰ তাড়নাত তেওঁলোকে চহৰলৈ শাৰীৰিক শ্ৰমৰ কাম বিচাৰি যাবলগীয়া হয়। চৰকাৰৰ অৱজ্ঞা, ৰাজনৈতিক দল সমূহৰ বঞ্চনাৰ ৰাজনীতি আৰু সমাজৰ ধৰ্মান্ধতাৰ কুটিল চক্ৰত পৰি এই সকল লোকে অতি কৰুণ জীৱন কটাব লগীয়া হৈছে।
অসমৰ মুছলমানৰ ব্যাপক জনসংখ্যা বৃদ্ধি যদি এক সমস্যা বুলি ধৰা হয়, কেৱল অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পিছত অহা এমুঠি মানুহক চিনাক্ত কৰি খেদি পঠিয়ালেই এই সমস্যাটোৰ সমাধান হ’বনে? সীমান্তত কটকটীয়া পহৰাৰ ব্যৱস্থা কৰি প্ৰৱজন বন্ধ কৰাটো অতি প্ৰয়োজনীয়। কিন্তু প্ৰৱজন সম্পূৰ্ণ বন্ধ হৈ গ’লেই সমস্যাটোৰ আশু সমাধান হ’ব বুলি ডাঠি ক’ব পাৰিনে? অসমত সম্পূৰ্ন বৈধভাৱে অতি অনগ্ৰসৰ অঞ্চলত বসবাস কৰা অভিবাসী মুছলমান সকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যদি অপৰিৱৰ্তিত হৈ থাকে, তেন্তে কেৱল অসম চুক্তিৰ ৰূপায়নে জনবিন্যাসৰ পৰিৱৰ্তন কেতিয়াও ৰোধ কৰিব নোৱাৰে। সেয়েহে অভিবাসী মুছলমানকে ধৰি অসমৰ সকলো পিছপৰা জনগোষ্ঠীৰ আৰ্থ সামাজিক পৰিস্থিতিৰ উত্তৰণ সাধন কৰাটো হৈছে এতিয়া সময়ৰ আহ্বান। অনগ্ৰসৰ অঞ্চলৰ মানুহে শিক্ষা, চিকিত্সা আৰু জীৱন যাপনৰ বাবে নূন্যতম মৌলিক সুবিধাখিনি নোপোৱালৈ জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰিত কৰাটো সহজসাধ্য নহয়। চৰ চাপৰিৰ অতি পিছপৰা অঞ্চলত বসবাস কৰা অভিবাসী মুছলমান সকলৰ আৰ্থ সামাজিক পৰিস্থিতিৰ ইতিবাচক পৰিৱৰ্তন আৰু জন্ম নিয়ন্ত্ৰণৰ বিৰুদ্ধে তেওঁলোকে পোষণ কৰা বদ্ধমূল ধাৰনা সমূহৰ পৰিৱৰ্তনহে এতিয়া অতি আৱশ্যকীয় হৈ পৰিছে।

অসমত দ্ৰুত জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰায়েই অভিবাসী মুছলমান সকলক জগৰীয়া কৰা হয়। এই সকল লোকে ধৰ্মীয় কাৰণত অধিক শিশুৰ জন্ম দি আৰু অবৈধ প্ৰৱজনত হাত উজান দি অসমত সমস্যাৰ সৃষ্টি কৰা বুলি অভিযোগো শুনা যায়। বাংলাদেশৰ পৰা হৈ থকা অবিৰত প্ৰৱজনকেই সাধাৰণতে জনসংখ্যা বৃদ্ধিৰ মূল কাৰক বুলি অভিহিত কৰা হয়। কিন্তু কিহৰ বাবে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি হৈছে সেই কথাৰ বৈজ্ঞানিক উপায়েৰে বিচাৰ কৰা নহয়। এটা জনগোষ্ঠী শিক্ষা দীক্ষা, মৌলিক সা সুবিধা সকলোতে পিছপৰি থকাটোও যে জনসংখ্যা বৃদ্ধিৰ এক প্ৰধান কাৰক হ’ব পাৰে, এই সাধাৰন কথাটোকে আওকান কৰি থকা হয়। সকলো দিশৰ পৰা অনগ্ৰসৰ পিছপৰা জনগোষ্ঠীৰ লোকসকলক চৰম দুৰৱস্থাত ৰাখি দূৰৰ পৰা ৰং চাই ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলৰ সদায় হেতা ওপৰা লাগে। কিন্তু সেই জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে ৰাজনৈতিক সদিচ্ছাৰ অভাৱ দেখা যায়। সাম্প্ৰদায়িক শক্তি সমূহে এই সকল লোকৰ দুৰৱস্থাক লৈ ধৰ্মীয় আবেগৰ সৃষ্টি কৰাতো তত্পৰ হৈ পৰে।
অসমৰ জনসংখ্যা বিষ্ফোৰণ আৰু জনগাঁথনিৰ পৰিৱৰ্তন বিষয়টো সমাজ বিজ্ঞানৰ দিশৰ পৰা নতুনকৈ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন হৈছে। জনসংখ্যা বৃদ্ধিৰ কাৰক বোৰৰ ওপৰত ভালদৰে অধ্যয়ন আৰু গৱেষণা হ’ব লাগে যাতে জনসংখ্যা নিয়ন্ত্ৰণৰ বৈজ্ঞানিক সমাধান সূত্ৰ উলিয়াব পৰা যায়। মুছলমানকে ধৰি আন আন পিছপৰা জাতি জনগোষ্ঠী সমূহৰ প্ৰজনন হাৰৰ তুলনামূলক অধ্যয়ন জনসংখ্যা বৃদ্ধিৰ উমৈহতীয়া কাৰক সমূহ চিনাক্ত কৰাত সহায়ক হ’ব পাৰে। মুছলমানৰ জনসংখ্যা বৃদ্ধিত আতংকিত হৈ হুলস্থুল কৰিলেই সমস্যাৰ সমাধান নহয়। অভিবাসী মুছলমান সকলক মূল অসমীয়া জাতিসত্বাত চামিল কৰি তেওঁলোককো অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰা কামত সহযোগী কৰিব লাগিব। অদূৰ ভৱিষ্যতে অসম মুছলমান প্ৰধান ৰাজ্য হ’লেও অসমৰ সুকীয়া জাতীয় আৰু সাংস্কৃতিক পৰিচয় যাতে অক্ষুন্ন থাকে সেয়া সুনিশ্চিত কৰিব লাগিব। আজিৰ সময়ত পিছপৰা মুছলমান সকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ স্বাৰ্থত তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধিৰ কু ফলৰ বিষয়ে সজাগতা সৃষ্টি আৰু জন্ম নিয়ন্ত্ৰণ জনপ্ৰিয় কৰিবলৈ চৰকাৰ আৰু সামাজিক সংগঠন সমূহে উদ্যম ল’ব লাগিব। পিছপৰা অঞ্চল সমূহৰ উন্নয়ন সাধন, শিক্ষা – স্বাস্থ্য - খোৱাপানী আদিৰ সু ব্যৱস্থা আৰু জনসাধাৰণৰ জীৱন যাপনৰ মানৰ ইতিবাচক পৰিৱৰ্তন কৰিব পাৰিলে জন্মৰ হাৰ যথেষ্ট হ্ৰাস হ’ব বুলি নিশ্চয়কৈ আশা কৰিব পাৰি।
লেখাটি আজি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।
By killing the protesting aasu boys in the 80s main land india shows that they would do nothing in this bangaladeshi or east pakistani issue. Instead they shows that they would support the infiltrator to suppress the jatiata badi voice and thinking of assam which is different from the rastrabadi thinking of other parts of india at that period And after wards although the thinking or i would rather say fashion of thinking of our youth had changed now a days, the east pakistani origin population had already became majority in many parts of assam so now it is impossible to deport this people out of assam and it remains as an election propoganda only.Now we often says that we should do this or that to tackle the situation, But the question is who would do that? our govt ? Who if had real intention could have done many thing including avoiding the burning situation as on today where police personal were also came under attack if they would dare to pick up a illigal migrant,(morigaon incident)Or We general people who were already marginalized in to minority today. And on the world perspective earlier the christian community was in majority. and the worlds most powerful nation are of christian majority and by whome i would say, had hosted the 1st and 2nd world war where the atomic bomb was also being used and lakhs were killed and corers were affected. We don't have any problem at that. but if the Muslim population is inc rising. Or a few lakh or thousand people were killed lastly by islamic teorriost with crude weapon compared to the atomic bomb. than we have problem. I THINK ASSAMESE PEOPLE WERE SUPPRESSED BUT NOT STUPID
ReplyDeleteThank you for thought provoking comment
Delete