প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কৰ্প'ৰেটৰ স্বাৰ্থতে এই নদী সংযোজন!  
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
মানুহৰ দৈনন্দিন জীৱনত পানীৰ প্ৰয়োজনীয়তা কিমান সেইয়া সকলোৰে জ্ঞাত। দেখা গৈছে পৃথিবীৰ বহু অঞ্চলত পানী দিনে দিনে দুস্প্ৰাপ্য হৈ পৰিছে। সেয়েহে কোৱা হৈছে পৃথিবীত ভৱিষ্যতে যদি কেতিয়াবা তৃতীয় মহাসমৰ হয় সেইয়া হ'ব পানীৰ বাবে। ১৯৯৮ চনত পৃথিবীৰ ২৮খন দেশত পানীৰ অভাৱ আছিল আৰু ২০২৫ চনত এই সংখ্যা বাঢ়ি হ'বগৈ প্ৰায় ৬০ৰ ওচৰাওচৰি। অলপতে আমেৰিকাৰ মহাকাশ সন্থা 'নাছা'ৰ বিজ্ঞানীসকলে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে কৰা অধ্যয়নৰ দ্বাৰা সকীয়নি দিছে যে আমেৰিকাৰ কেলিফ'ৰ্নিয়া ৰাজ্যৰ ভূগৰ্ভস্থ জলভাণ্ডাৰ ক্ৰমাৎ শুকাই টুটি অহাৰ ফলত নাগৰিক সকলৰ খোৱাৰ জোখাৰে মাত্ৰ এবছৰৰ বাবে পানী সঞ্চিত হৈ আছে। 'লছ এঞ্জেলছ টাইমছ' নামৰ কাকতখনৰ বাতৰি অনুসৰি ভূগৰ্ভস্থ পানী ব্যাপক হাৰত আহৰণ আৰু ব্যৱহাৰ কৰাৰ বিষম পৰিণতি অকল আমেৰিকাৰ কেলিফৰ্ণিয়াতে নহয়, বিশ্বৰ সকলো দেশৰ প্ৰত্যেকখন ডাঙৰ চহৰে ভোগ কৰিব লাগিব। নাছাৰ বিজ্ঞানী জে ফামিলগ্লিয়েটিয়ে কয় যে- যদি অচিৰে ঘৰুৱা, পৌৰ এলেকা, কৃষি আৰু ঔদ্যোগিক ক্ষেত্ৰত পানীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে পৰিস্থিতি অধিক ভয়ঙ্কৰ হ'ব। যিটো সম্প্ৰতি কেলিফ'ৰ্নিয়াত আৰম্ভ হৈছে। কৃত্ৰিম উপগ্ৰহেদি লোৱা চিত্ৰসমূহ বিশ্লেষণ কৰি দেখা গৈছে যে ভাৰতবৰ্ষৰো বেছিভাগ অঞ্চলত ভূগৰ্ভস্থ জলভাণ্ডাৰ কমি আহিছে আৰু জনসংখ্যা বৃদ্ধি অনুপাতে ভৱিষ্যতে পানীৰ আকাল হোৱাতো নিশ্চিত। আমাৰ অসমৰ গুৱাহাটী নগৰতো যধেমধে ভূগৰ্ভস্থ পানী ব্যাপক হাৰত আহৰণ আৰু ব্যৱহাৰ বাবে বহ অঞ্চলত পুখুৰী, কুঁৱা, অগভীৰ বা গভীৰ নলীনাদ আদিতো পানী কমি যোৱা, তললৈ নামি যোৱা বা শুকাই যোৱা দেখা গৈছে। 

বিশ্বায়নৰ লগত সঙ্গতি ৰাখি ভাৰত চৰকাৰে নতুন আৰ্থিক নীতি গ্ৰহণৰ পাছৰে পৰা নতুন শিল্পনীতি, কৃষিনীতি, স্বাস্থ্যনীতি, ঔষধনীতি আদিৰ দৰে ২০০১ চনত গ্ৰহণ কৰা হৈছে জাতীয় জলনীতি। অন্যান্য নীতিত যিদৰে দেশি-বিদেশি ক'ৰ্প'ৰেট সন্থাসমূহক পূঁজি বিনিয়োগৰ আহ্বান জনাই দেশৰ তথাকথিত উন্নয়ণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ কৰাৰ কথা কোৱা হৈছে, জাতীয় জলনীতিৰ ক্ষেত্ৰতো তাৰ ব্যাতিক্ৰম হোৱা নাই। ২০০১ চনত গৃহীত জলনীতিত কোৱা হৈছে -"Private sector participation should be encouraged in the various aspects of planning, development and management of the water resources projects for diverse uses. Private sector participation may help in introducing innovative ideas, generating financial resources and introducing corporate management in improving service efficiency and accountability to users. Depending upon the specific situations, various combinations of private sector participation in building. owning, operating, leasing and transferring of water resources facilities, may be considered." অৰ্থ্যা ক'ৰ্প'ৰেট সন্থাৰ অংশগ্ৰহণৰ ফলত নদীসংযোগ প্ৰকল্পলৈ সৃষ্টিশীলতা আহিব, কামত দক্ষতা আৰু দায়বদ্ধতা বাঢ়িব ইত্যাদি।

১৯৫১ চনত ভাৰতবৰ্ষত গড় হিচাবে প্ৰতিজন মানুহে ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ আছিল বছৰি ৩৪৫০ ঘনমিটাৰ, ১৯৯০ চনত তাৰ পৰিমাণ কমি হ'লহি ১২৫০ ঘনমিটাৰ আৰু ২০৫০ চনত ই আৰু কমি হ'বগৈ ৭৬০ ঘনমিটাৰ। অৰ্থ্যা পানীৰ দৰে এটা নিত্যব্যৱহাৰযোগ্য গুৰুত্বপূৰ্ণ বস্তু দিনে দিনে মহাৰ্ঘ্য হৈ পৰিবগৈ। জনসাধাৰণৰ বাবে ই দু:খবৰ হ'লেও ক'ৰ্পৰেট গোষ্ঠীসমূহৰ বাবে এক অত্যন্ত সুখবৰ। পানীৰ এই মহাৰ্ঘতাক তেওঁলোকে এক বৃহ বজাৰৰ সম্ভাৱনা হিচাবে দেখিছে আৰু ভৱিষ্যতে বিশ্বব্যাপী ক্ৰমবৰ্দ্ধমান এই পানীৰ ব্যৱসায়ৰ দ্বাৰা কোটি কোটি ডলাৰ আয় কৰিবলৈ পানীৰ গুৰুত্বপূৰ্ণ উৎসসমূহ দখল কৰা বা তাৰ ওপৰত নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। এই পানীৰ ব্যৱসায় ইমানেই গুৰুত্বপূৰ্ণ যে আজি বিশ বছৰ আগতেই ১৯৯৫ চনত বিশ্ববেঙ্কৰ উপ-সভাপতি ইচমাইল মেৰাগেলডিনে কৈছিল -"If these wars of this century were fought over oil, the wars of the next century will be fought over water."(The Economist, September 15, page 34)|

চৰকাৰৰ পৰা বিনামূলীয়াকৈ পানী যোগান পোৱাতো জনসাধাৰনৰ এক মৌলিক অধিকাৰ, যাক ৰাষ্ট্ৰ সংঘৰ মানবাধিকাৰ কমিটিয়েও স্পষ্টকৈ কৈছে। পিছে বিশ্ববেঙ্কৰ ভাষ্য বেলেগ। বিশ্ববেঙ্কে হিচাব কৰি দেখুৱাইছে যে প্ৰতি বছৰে পানীক লৈ ১০ হাজাৰ কোটি ডলাৰৰ ব্যৱসায় হোৱাৰ সম্ভাৱনা। তাৰ বাবে আৱশ্যক প্ৰথমে দেশে দেশে নাগৰীকক বিনামূলীয়া পানী যোগানধৰাৰ যি ব্যৱস্থাসমূহ ইতিমধ্যে আছে তাৰ সমান্তৰালকৈ জোৰদাৰ ভাবে বেচৰকাৰী পানীৰ বজাৰ গঢ়ি তোলা। ফৰছুন নামৰ আলোচনীখনে বিভিন্ন তথ্যপাতিৰে প্ৰমাণ কৰি দেখুৱাইছে যে বৰ্ত্তমান বিনিয়োগকাৰীসকলৰ বাবে পানীয়েই হৈছে সকলোতকৈ লাভজনক ব্যৱসায়। মনচান্তোৰ দৰে সুবিশাল বহুজাতিক সংন্থায়েও কৈছে -"First we believe that discontinuities are likely, particularly in the area of water and we will be well positioned via these business to profit even more significantly when these discontinuities occur."(Sustainable Development Sector Strategy - Monsanto, 1991, page-3)| 

বিশ্ববেঙ্কে পানীৰ ক্ষেত্ৰত ১৯৯০ চনত মেক্সিকো, আৰ্জেন্টিনা, চিলি, নাইজেৰিয়া আৰু মালয়েছিয়াত পানীৰ প্ৰকল্পৰ বেচৰকাৰীকৰণৰ কামত ঋণদানেৰে অংশগ্ৰহণ কৰা আৰাম্ভ কৰে। ঋণদানৰ চৰ্ত হিচাবে বিশ্ববেঙ্কে বহতো দেশক পানী যোগান ব্যৱস্থাক চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাৰ দাবী উত্থাপন কৰে। ২০০০ চনত আইএমএফে যি ৪০টা ঋণ মঞ্জুৰ কৰিছে, তাৰ ভিতৰত ১২টাৰ ক্ষেত্ৰত চৰ্ত আছিল পানীক আংশিক বা সম্পূৰ্ণ বেচৰকাৰীকৰণ কৰিব লাগিব আৰু কোনো চৰকাৰী সাহাৰ্য্য দিয়া নচলিব যাতে ইয়াৰ সম্পূৰ্ণ খৰছ পানী ব্যৱহাৰকাৰীৰ পৰা আদায় কৰা হয়। ঋণৰ জালত আবদ্ধ হৈ বা ঋণ পোৱাৰ বাবে আফ্ৰিকাসহ পৃথিবীৰ নানা দেশে ব্যাপকহাৰত পানী যোগানক বেচৰকাৰীকৰণ কৰিবলৈ বাধ্য হৈছে। ক'ৰ্প'ৰেটৰ আশীৰ্ব্বাদত ঘানাৰ জনসাধাৰণৰ অৱস্থা এতিয়া এনেকুৱা পুতৌ লগা হৈছে যে দুখীয়া জনগণে তেওঁলোকৰ আয়ৰ ৫০ শতাংশ অকল পানীৰ বাবে ব্যায় কৰিব লগা হয়। চিলিক ঋণদানৰ চৰ্ত আছিল ফ্ৰান্সৰ পানীৰ কোম্পানী Suez Lyonnaise Des Eauxক ৩৩ শতাংশ লাভৰ ব্যৱস্থা কৰি দিয়াতো। ইয়াৰ ফলত কাচাব্লাংকাত পানীৰ দাম বাঢ়ি যায় ৩ গুণ, ব্ৰিটেইনত বৃদ্ধি পায় ৬৭ শতাংশ। পানীৰ বাণিজ্যিকীকৰণৰ প্ৰতিবাদত নিউজিলেণ্ডৰ জনসাধাৰণ ৰাজপথত নামিবলৈকো বাধ্য হয়। 

আজি বিশ্বব্যাপী ক্ৰমবৰ্ধমান এই পানী বিপনন কৰা হৈছে দুই প্ৰকাৰে। এটা হৈছে আজি যিমানবোৰ চৰকাৰী জল সৰবৰাহৰ ব্যৱস্থা দেশে দেশে চলি আছে তাক ব্যৱসায়ীকৰণ কৰাৰ যোগেদি জনসাধাৰণক পানী যোগানক ধন অৰ্জ্জনৰ পন্থা হিচাবে ব্যৱহাৰ কৰা। আৰু আনটো হৈছে খোৱা পানীক মিনাৰেল ওৱাটাৰ নাম দি বটলত ভৰাই কৰা ব্যৱসায়, যিটো আজি প্ৰচাৰ মাধ্যমৰ জৰিয়তে ক্ৰমান্বে জনপ্ৰিয় হৈ উঠিছে যেন তাত মিনাৰেল নামৰ অমৃতহে মিহলোৱা আছে। মিনাৰেল ওৱাটাৰৰ ব্যৱসায় দখলৰ প্ৰতিযোগিতাত আছে কোকাকোলা, পেপচিৰ পৰা টেমচ ওৱাটাৰলৈকে নানা বহুজাতিক কোম্পানি। ভাৰতীয় পানীৰ কোম্পানীসমূহেও এই প্ৰতিযোগিতাত নামি পৰিছে। এতিয়া ভাৰতত ৬০শতাশং পানীৰ বজাৰ পাৰলে বিচলেৰিৰ দখলত। তাৰ ওপৰিও গঙ্গা, তৃপ্তি, ডিউড্ৰপ, ওৱাচিচ আদি ভাৰতীয় কোম্পানীৰ দখলত আছে প্ৰায় ২০ শতাংশ। কিছুমান ভাৰতীয় কোম্পানী বিদেশী কোম্পানীৰ লগত যৌথ ভাবেও পানীৰ বিপননত নামিছে। মনচান্তোৰ লগত ইউৰেকা ফোৰ্বছ আৰু টাটাৰ যৌথ উদ্যোগ আদিৰ দৰে বহু উদ্যোগে ইতিমধ্যে ভাৰতত কোটি কোটি টকাৰ ব্যৱসায় কৰিছে।

পানীৰ মুক্ত ব্যৱহাৰ হৈছে মানুহৰ ন্যায়সঙ্গত অধিকাৰ। কিন্তু বৰ্ত্তমান ক'ৰ্পৰেটৰ চক্ৰান্তত ই হৈ পৰিছে টকা দি কিনিব লগা বজাৰৰ এক পণ্য। দেশী-বিদেশী ক'ৰ্প'ৰেটসকলৰ পানী সম্পৰ্কিত এই দৃষ্টিভঙ্গী প্ৰতিফলিত হৈছে আজি ভাৰত চৰকাৰৰ জলনীতিত। সেয়েহে চৰকাৰে আজি জাতীয় জলনীতিৰ অচিলাৰে ক'পৰেটক ৰঙাদলিচা পাৰি নদী সংযোগ প্ৰকল্পত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে এনেদৰে -"The private sector could boost hydroelectricity generation, navigation as well as irrigation projects by participating in this project. The private sector companies can also form user forums and even supply water for these projects."(Suresh Prabhu, Chairman, Task Force, Business Line, 12.02.03)। মুঠতে দেশী-বিদেশী ক'ৰ্প'ৰেট সন্থাবোৰে এই নদী সংযোগ প্ৰকল্পত জল সৰবৰাহ, জলবিদ্যু উৎপাদন, জলসিঞ্চন প্ৰকল্প, পানী ব্যৱহাৰকাৰীৰ ফৰাম গঢ়ি তুলি তেওঁলোকৰ ওচৰত পানী বিক্ৰি আদিলৈকে সকলো কামেই কৰিব পাৰিব। আমাৰ দেশৰ ব্ৰহ্মপুত্ৰ, গঙ্গা, মহানদী আদি যিবোৰ নদী ইমান দিনে আছিল দেশৰ সম্পত্তি, দেশৰ জনসাধাৰণৰ সম্পত্তি, নদী সংযোগ প্ৰকল্পৰ অচিলাৰে সেইবোৰ হৈ পৰিব দেশী-বিদেশী ক'ৰ্প'ৰেটৰ সম্পত্তি, ধন অৰ্জ্জনৰ পথ।

ইতিমধ্যে চত্তিচগড় ৰাজ্যৰ দুৰ্গ জিলাৰ বোৰাই অঞ্চললৈ পানী সৰবৰাহৰ বাবে শিবনাথ নদীৰ ২৩ কিলোমিটাৰ দৈৰ্ঘৰ এটা অংশ এটা কোম্পানীক লিজত দিয়া হৈছে। আগতে নদীখনৰ সেই অঞ্চলৰ বসবাস কৰা যিসকল লোকে নদীখনৰ পানী ব্যৱহাৰ কৰিছিল কোম্পানীক লিজত দিয়াৰ পিচত তেওঁলোকক সেই পানী ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই, আনকি পানীত নমাটোও নিষিদ্ধ কৰা হৈছে। পশ্চিমবঙ্গ চৰকাৰে সুন্দৰবনৰ নদীসমূহক বিশেষ কিছুমান উদ্দেশ্যত ব্যৱহাৰৰ বাবে চাহাৰা কোম্পানীক অনুমতি দিয়াৰ দৰে কেৰেলা চৰকাৰে পেৰিয়াৰ নদীৰ এটা অংশৰ পৰা পানী তুলি বিক্ৰি কৰাৰ অধিকাৰ দিছিল মাহিন্দ্ৰ এণ্ড মাহিন্দ্ৰ কোম্পানীক। এইদৰে নদী সংযোগ প্ৰকল্পৰ কাৰ্য্যকৰী কৰাৰ বহু আগৰে পৰাই দেশৰ চৰকাৰে নদীসমূহক ক'ৰ্পৰেটৰ হাতত তুলি দিয়াৰ কুছকাওৱাজ চলাই আহিছে। এতিয়া দেশৰ উন্নয়ণৰ নামত, 'চাইনিং ইণ্ডিয়া','মেক ইন ইণ্ডিয়া' বা 'অচ্চে দিন'ৰ নামত নদী সংযোগ প্ৰকল্পৰ জৰিয়তে দেশৰ পাহাৰ, পৰ্বত, নদ-নদী, খাল-বিল অৰ্থ্যা প্ৰকৃতিৰ সকলো কৰ্পৰেটবোৰৰ হাতত তুলি দি সৰ্ব্বসাধাৰণক শোষণৰ কেঁকোৰে চেপা দিয়াত সৰ্ব্বতোপ্ৰকাৰে সহায় কৰিবলৈ আয়োজন চলাইছে চৰকাৰে। সেয়েহে সময় থাকোতেই আমি ভাৰত চৰকাৰৰ এনেধৰণৰ জনবিৰোধী কাৰ্য্যৰ বিৰুদ্ধে দেশীয় আৰু আন্তৰ্জাতিক পৰ্য্যায়ত প্ৰবল জনমত গঢ়ি তোলাতো আৱশ্যক।
লেখক আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০
লেখাটি পূৰ্বতে নিয়মীয়া বাৰ্তাটো প্ৰকাশ পাইছে।

No comments:

Post a Comment