১৷ এন.আৰ.চি উন্নীতকৰণৰ প্ৰথমটো পদক্ষেপ সফল হৈছে৷ প্ৰ-পত্ৰ দাখিলৰ অন্তিম সময়সীমা উকলিবলৈ মাথো এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ ১০৪ শতাংশ পৰিয়ালে ইতিমধ্যে প্ৰ-পত্ৰ দাখিল কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে৷
২৷ দেশৰ কোটি কোটি জনতাৰ মন জয় কৰি সৰ্বাধিক ভোট লাভ কৰি ইণ্ডিয়ান আইডল জুনিয়ৰৰ চূড়ান্ত পৰ্যায়লৈ উন্নীত প্ৰথম গৰাকী প্ৰতিযোগী হৈছে অসমৰ বিশ্বনাথ চাৰিআলিৰ নাহিদ আফ্ৰিন৷
২৷ দেশৰ কোটি কোটি জনতাৰ মন জয় কৰি সৰ্বাধিক ভোট লাভ কৰি ইণ্ডিয়ান আইডল জুনিয়ৰৰ চূড়ান্ত পৰ্যায়লৈ উন্নীত প্ৰথম গৰাকী প্ৰতিযোগী হৈছে অসমৰ বিশ্বনাথ চাৰিআলিৰ নাহিদ আফ্ৰিন৷
৩৷ ৰেল দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা স্বত্বেও অসীম মনোবলেৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰা অৰুণিমা সিনহাক ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অৰুণিমাকো আন চাৰি গৰাকী খেলুৱৈৰ সৈতে “টেনজিং নৰ্গে নেচনেল এডভেঞ্চাৰ এৱাৰ্ড” প্ৰদান কৰে৷
৪৷ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত “মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ সংকট:শিক্ষক সমাজৰ দায়িত্ব” শীৰ্ষক আলোচনাত ৰাজ্যৰ সকলো স্তৰৰ শিক্ষকৰ প্ৰতিনিধি মিলিত হয় আৰু এই সংকটসমূহ দূৰ কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ বিষয়ে, সমাধান সূত্ৰৰ সন্ধান কৰে৷
৫৷ কানাডা চৰকাৰে ভাৰতক ঘূৰাই দিয়া ৯০০ বছৰ পুৰনি “পেৰট লেডী” বুলি খ্যাত স্থাপত্যটো পৰ্যটকৰ দৰ্শনৰ বাবে খাজুৰাহোৰ ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগৰ সংগ্ৰাহালয়ত ৰখা হ’ব৷উল্লেখ্য যে,চলিত বৰ্ষত কানাডালৈ যাওতে প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰে এই মূৰ্তিটো ঘূৰাই দিছিল৷
৬৷ পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ এটা ষোল্লজনীয়া দলে থাইলেণ্ডৰ পিটচানুলুকৰ নৰেশ্বন, চিয়েংমাই আৰু পায়াপ বিশ্ববিদ্যালয়ত অনুষ্ঠিত আৰ্ন্তজাতিক আলোচনাচক্ৰত অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক আদান প্ৰদান,থাইলেণ্ডৰ বুৰঞ্জী, কলা আদি বিষয়তো মত বিনিময় কৰাৰ সুখবৰ৷
৭৷ যোৰহাটৰ টীয়কৰ বানাক্ৰান্ত জাঁজীমুখৰ ৰাইজে বহু বছৰ চৰকাৰক আৱেদন কৰি বিফল হোৱাত সকলো একত্ৰিত হৈ সম্পূৰ্ণ মাহজোৰা ৰাজহুৱা শ্ৰমৰ বিনিময়ত আৰু গাঁঠিৰ ধন ভাঙি ভেকুৰাছিগা জানৰ ওপৰত গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰাৰ আৰ্হিত নিৰ্মান কৰিলে এখন মজবুত দলং৷
৮৷ বেইজিঙত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ দীৰ্ঘ দূৰত্বৰ মহিলা দৌৰবিদ জয়ছা অ’ৰচাটেবিয়ে ২ঘন্টা ৩৪ মিনিট ৪৩ চেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে৷
৯৷ মাজুলীত ৩০ খন গাঁৱৰ ৰাইজে প্ৰথমবাৰলৈ আয়োজন কৰিছে শিশু অংকীয়া ভাওনা সমাৰোহ৷ এই সমাৰোহ অহা ৩০ ডিচেম্বৰৰ পৰা ৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব৷
১০৷ নগাঁৱত সংস্কৃত ভাষা বিকাশ মঞ্চই সংস্কৃত দিৱস পালন কৰে৷ এই অনুষ্ঠানতে অভিজ্ঞানম নামৰ মঞ্চৰ মূখপত্ৰখন উন্মোচন কৰা হয়৷ বিশিষ্ট সাহিত্যিক প্ৰদীপ শইকীয়া, শিক্ষাবিদ উপেন্দ্ৰ নাথ বৰা প্ৰমূখ্যে বহু বিশিষ্ট লোকসকল এই অনুষ্ঠানত উপস্থিত থাকে ৷যুগুতালেঃ বিপাশ বৰাই।
No comments:
Post a Comment