প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দুঃসাহসিকতা আৰু স্বদেশপ্ৰেমৰ অন্য এক নাম 
“ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড” 
ডা° বিৰাজ কুমাৰ শৰ্মা
দেশত যেতিয়াই সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হয়, তেতিয়াই আমাৰ মনলৈ আহে ক’লা ৰঙৰ পোছাক আৰু ক’লা ৰঙৰ হেলমেটৰ সৈতে এটা যেন চিৰজাগ্ৰত বাহিনী তথা দেশৰ অতন্দ্ৰ প্ৰহৰীৰ কথা, যিয়ে নেকি মূহুৰ্তৰ ভিতৰতে আহত বাঘৰ দৰে জপিয়াই পৰি নিঃশেষ কৰি দিব পাৰে দেশমাতৃৰ অশুভ শক্তিক। হ্য়, সেইয়া আন একো নহয়, আমাৰ দেশৰ সুৰক্ষাৰ অন্যতম ভৰসা “ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড” (নেশ্ব্যনেল চিকিউৰিটি গাৰ্ড) বা চমুকৈ এন.এচ.জি.। সিংহৰ দৰে সাহসী, বজ্ৰৰ দৰে কঠিন, বিদ্যুতৰ দৰে তড়িৎ, সদাসস্তম আদি নানা গুনেৰে সমৃদ্ধ জোৱানৰ সমষ্টিয়েই হৈছে দেশপ্ৰেমৰ এক প্ৰকৃত ধ্ধ্জ্বাবাহক “ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড” , যি দেশৰ সাধাৰণ জনতাৰ মাজত ব্লেক ক্যেট ৰূপে পৰিচিত। এন.এছ.জি.ৰ মূলমন্ত্ৰই হৈছে “সৰ্বত্ৰে সৰ্বোত্তম সুৰক্ষা”।


এন.এছ.জি. ভাৰতৰ এটি বিশেষ সশস্ত্ৰ বাহিনী আৰু যাক সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্য ই ঘাইকৈ ব্যবহৃত হৈ আহিছে আৰু ইয়াক গঠন কৰা হৈছিলে “ৰাষ্ট্ৰীয় সুৰক্ষা আইন, ১৯৮৬”ৰ অধীনত। ইয়াৰ গাঁঠনি তথা স্থিতি ভাৰতবৰ্ষৰ আন আন অৰ্ধসামৰিক বাহিনীসমূহৰ সৈতে কাৰ্যত একেই।

এন.এছ.জি. গঠনৰ ধাৰণাটো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ মনলৈ আহিছিল ১৯৮৪ চনত পাঞ্জাবৰ ঐতিহাসিক স্বৰ্ণ মন্দিৰত ভাৰতীয় সেনাই চলোৱা “অপাৰেশ্ব্যন ব্লুষ্টাৰ’ৰ পিছত। কিয়নো, এই অপাৰেশ্ব্যন ব্লুষ্টাৰৰ সময়ত ভাৰতীয় সেনাৰ জোৱানে স্বৰ্ণ-মন্দিৰত প্ৰৱেশ কৰি খালিস্থানী বিদ্ৰোহীৰ সৈতে যুঁজ দিব ল’গাত পৰিছিল আৰু যাৰ বাবে স্বৰ্ণ মন্দিৰ বিস্তৰ ক্ষয়-ক্ষতিৰ সন্মূখীন হৈছিল; আৰু ইয়াৰ বাবেই এন.এছ.জি. গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।এন.এছ.জি.ৰ কাম-কাজ পৰিচালিত হ্য় কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত আৰু ইয়াৰ মূখ্য বিষয়াজন হ’ল “ডাইৰেক্টৰ জেনেৰেল”, যি এজন আই.পি.এছ. বিষয়া। প্ৰথমাৱস্থাত ইয়াৰ কাম-কাজ সীমিত আছিল যদিও ২০০৮ চনৰ মুম্বাইৰ ৰক্তাক্ত অধ্যায়ৰ পিছৰ পৰা এন.এছ.জি.ৰ নাম এতিয়া সৰ্বত্ৰে চৰ্চিত হ’বলৈ ধৰিছে আৰু দেশত ক্ৰমবৰ্ধমান সন্ত্ৰাসবাদীৰ ভাবুকিৰ বাবে কেন্দ্ৰীয় চৰকাৰেও ভাৰতবৰ্ষৰ মূল মূল চহৰসমূহত যেনে দিল্লী, কলকাতা, মুম্বাই, চেন্নাই, বাংগালুৰ আদিত এন.এছ.জি.ৰ “হাব” স্থাপন কৰাৰ বাবে গুৰুত্ত্ব আৰোপ কৰিছে। এন.এছ.জি.ৰ মূল কাৰ্যপন্থাসমূহ হ’ল ভি.আই.পি.ক সুৰক্ষা প্ৰদান, পণবন্দীক উদ্ধাৰ, সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা, স্পৰ্শকাতৰ অঞ্চলসমূহ সন্ত্ৰ্ৰাসবাদীৰ হাতোৰাৰ পৰা মুক্ত কৰা, অপহৃতক উদ্ধাৰ কৰা ইত্যাদি।

এন.এছ.জি. বাহিনীটো দুটা গোটত বিভক্ত। এটি গোট হৈছে “স্পেচিয়েল ৰেঞ্জাৰচ গ্ৰুপ” যিয়ে দেশৰ ভি.ভি.আই.পি. সকলৰ সুৰক্ষাৰ দায়িত্ত্ব গ্ৰহন কৰে | আনটো গোট হ’ল “স্পেচিয়েল একশ্ব্যন গ্ৰুপ”, যিয়ে পণবন্দীক উদ্ধাৰ কৰাৰ লগতে সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰা ইত্যাদি কাৰ্যসমূহৰ গুৰুদায়িত্ত্ব বহণ কৰে। এইবোৰ হ’ল সন্ত্ৰাসবাদীৰ ভাবুকি প্ৰতিহত কৰি সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰা, বোমা তথা বিভিন্ন বিষ্ফোৰক উদ্ধাৰ কৰা আৰু ইয়াক নিষ্ক্ৰিয়কৰণ কৰা, বিষ্ফোৰণৰ পিছত এই সম্পৰ্কে অনুসন্ধান আৰম্ভ কৰা, পণবন্দীক উদ্ধাৰ কৰা ইত্যাদি ।

বৰ্তমান ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডত নিয়োজিত হৈ থকা জোৱানৰ সংখ্যা প্ৰায় চৈধ্যহাজাৰ পাঁচশজন | এন.এছ.জি.ৰ জোৱানসমূহ ভাৰতীয় সেনা বাহিনী তথা দেশৰ অন্যতম অৰ্ধসামৰিক বাহিনী যেনে চি.আৰ.পি.এফ., বি.এচ.এফ. আদিৰ পৰা মোতায়ন কৰা হয় | ইয়াৰ বাবে তেওঁলোক সন্মূখীন হয় কঠোৰ প্ৰশিক্ষণৰ। ইয়াৰ হেড কোৱাৰ্টাৰ মেহৰাম নগৰত অৱস্থিত আৰু আৰ. টি. নাগ্ৰানি আছিল এন.এছ.জি.ৰ সৰ্বপ্ৰথম ডাইৰেক্টৰ জেনেৰেল। বৰ্তমান এগৰাকী অসমীয়া জয়ন্ত নাৰায়ন চৌধুৰী হৈছে ইয়াৰ ডাইৰেক্টৰ জেনেৰেল।

এন. এছ.জি.ৰ কেইটামান উল্লেখযোগ্য অভিযানৰ উদাহৰণ হ’ল 
-৩০ এপ্ৰিল ১৯৮৬ চন। “অপাৰেশ্ব্যন ব্লেক থাণ্ডাৰ”। ইয়াৰ ফলস্বৰূপে খালিস্থানে বিদ্ৰোহীৰ কবলৰ পৰা স্বৰ্ণ মন্দিৰ মুক্ত কৰাটো সম্ভৱপৰ হৈছিল।
-১২ মে, ১৯৮৮ চন। “অপাৰেশ্ব্যন ব্লেক থাণ্ডাৰ দুই”। স্বৰ্ণ মন্দিৰত লুকাই থকা সন্ত্ৰাসবাদীৰ সৈতে এন.এছ.জি.ৰ জোৱানৰ মোকাবিলা।
- ২৫ এপ্ৰিল, ১৯৯৩ চন। “অপাৰেশ্ব্যন অশ্বমেধ”। ইয়াৰ জৰিয়তে ইছলামিক উগ্ৰপন্থীৰ কবলৰ পৰা ইণ্ডিয়ান এয়াৰলাইনছৰ বয়িং ৭৩৭ বিমানখন মুক্ত কৰাটো সম্ভপৰ হৈছিল।
- অক্টোবৰ, ১৯৯৮ চন। জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান |
- ১৫ জুলাই. ১৯৯৯ চন। জম্মু আৰু কাশ্মীৰত বাৰজন পণবন্দীক অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ কবলৰ পৰা তীব্ৰ সংঘৰ্ষৰ অন্তত এন.এছ.জি.ৰ জোৱানে মোকলাই আনে।
- ২৫ চেপ্তেম্বৰ, ১৯৯৯ চন। অপাৰেশ্বন বজ্ৰ শক্তি। গুজৰাটৰ অক্ষৰধাম মন্দিৰত সন্ত্ৰাসবাদীৰ হাতত আবদ্ধ হৈ থকা পনবন্দী ভক্তসকলক উদ্ধাৰ, য’ত ২৬ জন ভক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণত বলি হৈছিল। এই অপাৰেশ্ব্যনৰ সময়তেই বাহিনীটোৰ এজন জোৱানে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ শেষত মৃত্যুৰ ওচৰত হাৰ মানিছিল।
- ২৬ নবেম্বৰ, ২০০৮ চন। অপাৰেশ্ব্যন ব্লেক ট’ৰানড’ আৰু অপাৰেশ্ব্যন চাইক্ল’ন। দেশৰ ইতিহাসত সৰ্ববৃহৎ এন.এছ.জি.ৰ অভিযান। মুম্বাইক সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰোতে এন.এছ.জি.ৰ মেজৰ সন্দীপ উন্নীকৃষ্ণন আৰু গজিন্দৰ সিং নিহত হৈছিল।


এইয়া কেইটিমান উদাহৰণহে মাত্ৰ । দুঃসাহসিকতা আৰু স্বদেশপ্ৰেমৰ ধ্বজ বহন কৰি এন.এছ.জি.ৰ জোৱানসকল আমাৰ দেশত একতাৰ চিনৰূপে জিলিকি থাকক, তাৰেই আশাৰে।

No comments:

Post a Comment