গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অনুপমাৰ অনুপম "অনুভৱৰ জোঁটনি" 
শশীমাই শইকীয়া দত্ত
"অনুভৱৰ জোঁটনি" নামৰ কিতাপখন লিখি উলিয়াইছে বিশ্ববিখ্যাত দাৰ্শনিক তথা বৌদ্ধধৰ্মৰ আধুনিক প্ৰৱক্তা ডঃ ডাইচাক' ইকেডাৰ শিষ্যত্ব গ্ৰহণ কৰা অনুপমা বৰোগাহাইয়ে। কিতাপখন আগ্ৰহেৰে পঢ়িলো। কিতাপখনিত সংকলিত হোৱা প্ৰৱন্ধবোৰ পঢ়ি মোৰ এনে ভাৱ হ'ল যে লেখিকাই সমাজৰ বাস্তৱ প্ৰতিচ্ছবি সমূহ পাঠকৰ সমুখত তুলি ধৰাত সফল হৈছে। কিতাপখনৰ লেখনীসমূহৰ আটাইতকৈ ভাল লগা দিশ হ'ল এয়ে যে প্ৰতিটো লেখাটেই গুঞ্জৰিত হৈ আছে ইতিবাচক দৃষ্টিভংগীৰ জয়গান। গতিকে এইখন কিতাপে যে অসমীয়া পঢ়ুৱৈক নতুন সোৱাদৰ লগতে জীৱনৰ চৌপাশক নতুনকৈ চোৱাৰ, নতুন দৃষ্টিৰে আনুভূতিক ভাৱে অনুধাৱন কৰি আগুৱাই যোৱাৰ বাবে প্ৰেৰণা দিব বুলি মোৰ দৃঢ় বিশ্বাস।

লেখিকাৰ সৈতে ব্যক্তিগত পৰিচয় নাথাকিলেও লেখাবোৰৰ মাজেদিয়ে যেন তেওঁৰ মন-মননৰ পৃথিৱীখনৰ মাজেদি এক সাৰ্থক যাত্ৰা কৰিলো। লোভ, মোহ, বাসনাৰ বশৱৰ্তী হৈ মানুহে হত্যা, সন্ত্ৰাস সৃষ্টি কৰি পৃথিৱীখনকে আজি যেন ধ্বংস কৰিব খুজিছে। যিটো কোনো মহাত্মাই কামনা কৰা নাছিল। 'অহিংসা পৰম ধৰ্ম' এই বাণী সাৰোগত কৰি অনা স্বাধীনতা আজি ক'ত? হিংসাৰ হাতত কেঁচা তেজৰ কৰাল বান্ধিছে। স্বাধীনতাৰ শান্তি বিজয়ৰ পতাকা তেন্তে ক'ত উৰিছে, এই কথাবোৰ নকৈ ভাবিবলৈ কিতাপখনে দিছে নতুন চিন্তাৰ সূত্ৰ!

সমাজলৈ শান্তি আনিবলৈ হ'লে সমাজৰ পৰা কামনা, ঈৰ্ষা, ঘৃণা আদিৰ কুপ্ৰভাৱ বিলাব আঁতৰাবই লাগিব। মানুহে সু-কৰ্মৰ মাজেদিহে সুন্দৰ পৃথিৱী গঢ়িব পাৰে। সঁচা কথা, জীৱন ধাৰণৰ সকলো পথেই মহত, যদিহে সেই পথ সততা আৰু নিষ্ঠাৰে পালন কৰা হয়। কামৰ সৰু-বৰ নাই। বিদ্যায়তনিক শিক্ষাৰে উচ্চ শিক্ষিত লোকতকৈ 'মানুহ' হিচাপে জীয়াই থাকিবলৈ শিক্ষা লোৱাতোহে মহত কাম।

ডৰথী শ্লেগেলৰ কাহিনীটোৱে সঁচাকৈয়ে মানুহক সততা আৰু নিষ্ঠাৰে কৰ্মময় জীৱনৰ বাট বুলিবলৈ প্ৰেৰণা দিব। সমাজত মানৱ-দৰদী ব্যক্তি থকা বাবেই মানৱ সমাজখন মূৰ তুলি বৰ্তি আছে। আকৌ মানৱ জন্মদিয়া মাতৃকে পুৰুষ সমাজে উতপাদন তথা ভোগৰ সামগ্ৰী ৰূপে ব্যৱহাৰ কৰিছে, যাৰ দুখ-যাতনাৰ অনুভূতিবোৰক কোনেও স্বীকৃতি দিব নিবিচাৰে। সেই দিশৰ পৰা আজি মানুহ যেন মানুহ হৈ থকা নাই। ই মানৱ সমাজক কলংকিতহে কৰিছে। প্ৰকৃতিৰ আনবোৰে নিয়তিৰ নিয়মতে চলিছে, কেৱল মানৱ সমাজে শিক্ষা লভিও মানৱীয়তাৰহে অৱমাননা কৰিছে। এই মানৱীয় স্পৰ্শকাতৰ দিশ সমূহৰ প্ৰতিফলন বৰগোহাঁইৰ লেখনিৰ অন্যতম অলংকাৰ।

আশা কৰিছো, আমাৰ দৰে প্ৰবীনৰ লগতে নৱ-প্ৰজন্ময়ো এই পুথিখন আগ্ৰহেৰে আদৰি লৈ অধ্যয়ন কৰি উপকৃত হব। তেখেতৰ ৰচনাই অসমীয়া পাঠক সমাজক নতুন চিন্তাৰে জীৱন আৰু সমাজৰ নকৈ অন্বেষণ কৰাৰ বাবে বাট দেখুৱাব পাৰিব বুলিও আমাৰ দৃঢ় বিশ্বাস।

গ্ৰন্থখনি ১৯২ পৃষ্ঠাৰ আৰু গুৱাহাটীৰ বনফুল প্ৰকাশে সুন্দৰকৈ ছপা-বন্ধা কৰি উলিয়াইছে। মূল্য ২০০টকা।

2 comments: