হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. মধ্য অসমত চলা ঘৰুৱা নিৰ্বাচনত পদুম পাৰ্টিৰ অৱস্থা ওঁঠত কঠাল গছত তেল, খোৱা বোৱাতেই শেষ হ’ল খেল, হোৱা বুলি জানিব পৰা গৈছে। য’ত তেল লগাব লাগিছিল তাত নলগাই ভীষণ কনফিডেণ্ট হৈ থকাৰ ফলতে এই দুৰৱস্থা হোৱাৰ খবৰে এতিয়া সংবাদ শিৰোনামত লগাইছে তালফাল!

২. সদৌ সদৌ চুটি-কাপোৰপ্ৰেমী নাৰী সংঘই অহা নাৰী দিৱসত “জ্ঞান চকু মুকলি” কৰি দিয়াৰ বাবে চেনেলৰ চেলবেল সাংবাদিক হিউমেন ৰাজবংশীক মালাৰে সম্বৰ্ধনা জনাবলৈ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। এতিয়া মালাধাৰি কিহৰ হব তাকহে লৈয়ে সংঘৰ মজিয়াত প্ৰচণ্ড বাক-বিতণ্ডা চলি থকাৰো গোপন খবৰ।

৩. সোনোৱালদা দিল্লীৰ পুতলাহে বুলি বাতৰি পৰিবেশন কৰিছে প্ৰতিদিনে খলকনি কাকতে। জানিব পৰা মতে দিল্লীত তেওঁ কোনো ফাইলেই চুবলৈ নাপায় বুলি সংবাদদাতাক এই নিশ্চিত তথ্য প্ৰদান কৰিছে মায়ঙৰ পৰা প্ৰতিদিনে নখবাচনি মৰা বেজ সন্থাই!

৪. অসমৰ শিক্ষা বিভাগৰ পদ ঘোষণা মন্ত্ৰী ডাঙৰীয়াই পুনৰ পঞ্চাশ হাজাৰ খালী পদ পূৰণ কৰা হব বুলি প্ৰকাশ কৰিছে। অহা ইলেকচন পাৰ হৈ নোযোৱা পৰ্যন্ত চাৰৰ এই পদ ঘোষণাৰ বতাহজাক থমকি ৰোৱাৰ কোনো সম্ভাৱনা নাই বুলি ৰাজনৈতিক বতৰ বিজ্ঞান কেন্দ্ৰই আমাক জনাইছে। তেখেতেই নিযুক্তি আৰু পদ খালী সন্দৰ্ভত ঘোষণাৰ ক্ষেত্ৰত বিশ্বৰ অভিলেখো গঢ়িবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া মন্ত্ৰী হব পাৰে বুলিও সদৌ অসম শিক্ষাবিভাগ কেৰেণী সংঘই সন্দেহ প্ৰকাশ কৰিছে।

৫. “গগৈৰ মুখা খুলিলে গগৈয়ে” নামৰ এখন নাটক কৃষক মু্ক্তি থিয়েটাৰে কালি মঞ্চস্থ কৰা বুলি জানিব পৰা গৈছে। লোকৰ সেৱা কৰি ধন ঘটাৰ চাকৰি বিক্ৰী কৰা কেন্দ্ৰটোক লৈ চলি থকা ৰহস্যঘন কাহিনীৰেই এই নাটকখন মঞ্চায়ন হোৱা বুলিও সাংস্কৃতিক প্ৰতিবেদকে বাতৰি প্ৰেৰণ কৰিছে।

৬. আগতে ষাঠি টকা কিলোত পিয়াঁজৰ দাম হোৱাৰ সময়ত পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ কৰা গেৰুৱা বসন পাৰ্টিৰ ৰাইজে এতিয়া দাম সত্তৰ টকাৰ উৰ্ধলৈ যোৱাৰ পাছতো চকু মুদা কুলি হৈ বহি থকা বুলি জানিব পৰা গৈছে। সেই উপলক্ষত পাৰ্টিৰ নেতাৰ ঘৰলৈ গেলা পিয়াঁজ বৰ্ষণৰ কাৰ্যসূচীও সচেতন উগ্ৰজাতীয় নাগৰিক মঞ্চই পালন কৰিব বুলি গুণাগঁথা কৰি থকাৰ গোপন খবৰ!

৭. অসমৰ অৱস্থা আৰু সমাজৰ ৰূপান্তৰ ঘটাব নোৱাৰা ৰসাল গগৈয়ে অৱশেষত “ট্ৰেন্সফৰ্মাৰ” কিছুমানকে কিনি কমিচন খোৱা এটি আঁচনিৰ শুভাৰম্ভ কৰা বুলি জানিব পৰা গৈছে। নিজৰ গাড়ীৰ লালবাতি জ্বলাটো বন্ধ হব পাৰে বুলি মায়ঙৰ বেজে কৰা ভৱিষ্যতবাণীৰ পাছতে ছাৰৰ টোপনি হৰণ হোৱা বুলিও কইনাধৰাৰ দ্বাৰৰক্ষী চেতিয়াদাই গুজৱ নিউজক খবৰ যোগান ধৰিছে।

৮. বৰপেটাৰ জলসম্পদত কোটি টকাৰ কেলেংকাৰী কৰাৰ সুখবৰ পোৱা গৈছে। লক্ষ্মীদেৱীৰ বৰপুত্ৰ ৰূপে আশীষ লভিবলৈ সক্ষম হোৱা অসমীয়া সন্তান সকলক সদৌ অসম হিংসাকুৰীয়া নাগৰিক সন্থাই পানী পানী খুৱাবলৈকো পাঙ পাতিছে বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৯. অসমত ডাইনী হত্যাৰ সংখ্যাই অভিলেখ গঢ়াৰ বাতৰি প্ৰকাশ পোৱাত খোৱা-বোৱা আৰু বেমাৰ-আজাৰ মন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰিছে। এই স্ক’ৰৰ অভিলেখ অচিৰেই অসমৰ পয়ালগা স্বাস্থ্য বিভাগৰ উদ্যোগত ভাঙিবই বুলিও তেখেতে শপত খোৱা বুলিও জানিব পৰা গৈছে। জাপানীজ এনেফেলাইটিছতকৈ ডাইনী বেমাৰক ঘাতকৰ ৰূপত আগবাঢ়ি যাবলৈ কোনো পধ্যেই দিব নোৱাৰি বুলি তেখেতে মতামত দিয়াৰ গোপন খবৰ!

১০. বানপানী উপলক্ষে গগৈ আৰু সোনোৱালৰ মাজত এখন অনলাইন মুখচুপতি প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে। ৰাইজৰ আৰ্তনাদৰ সৈতে সমানুপাতিক ভাৱে দুয়োজনেই কানত কপাহ গুজি চ’ছিয়েল মেডিয়াত চুপতি মৰাতহে ব্যস্ত থকাৰ বাতৰিয়ে তুলিছে বানৰ মাজতো ৰাজনীতিৰ খলকনি!

No comments:

Post a Comment