মিছ ক'লে কি ডাল হব? (হাস্য-ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাদমহীয়া আৰ্শীবাদ “ফিলিং ব্লেছড্”
 ঈশানজ্যোতি বৰা
বাপেকৰ পুৰণা ধূতি এখনৰ মাজত কঁকালৰ পৰা আঁঠুলৈকে- শৰীৰৰ এই অংশভাগ সুমুৱাই ল’লে স্বাধীন অসমৰ চফল ডেকা বৈভৱে৷ ভাদমাহ পৰিল যেতিয়া আৰু পৰম্পৰা নাৰাখিলেও বেয়া দিয়কচোন, তাতে চ'ছিয়েল মেডিয়াত ইমেজৰো কথা আছে! ডিঙিৰ পৰা কঁকালৰ অংশচোৱা ঢাকিলে বগা টি-শ্বাৰ্ট এটাৰে৷ টি-শ্বাৰ্টৰ নাম- “আই এম দা হেণ্ডছাম বয় ইয়ৰ গাৰ্লফ্ৰেণ্ড ইজ চাৰ্চিং ফৰ”৷ ফটোখন এডিটিং কৰি ডেকা ভকত কুমাৰ বৈভৱে ফে’চবুকত আপলোড কৰিলে৷ ফটোৰ ওপৰত লিখিলে-‘কৃষ্ণ ! ওলালোঁ আৰু দেই ৷ বাই ফ্ৰেণ্ডছ্ লাভ ইউ অল !” স্বাভাৱিকতেই, বৈভৱৰ নতুন অৱতাৰে ফে’চবুকত সমাদৰ লাভ কৰিলে৷ লাইক,কমেন্টৰ বৰষুণজাকো ফে’চবুকৰ পথাৰত পৰিবলৈ বেছি সময় নালাগিল৷ 

সাধাৰণতে এইকণ সময়ত কলেজীয়া ডেকা বৈভৱে বাইকত উঠি দিহিঙে-দিপাঙে ঘূৰি ফুৰে৷ এৰাল ছিগা গৰুটোৰ দৰে দুনীয়াখনতে পিটপিটাই ফুৰি ভাত খোৱা পৰতহে ঘৰ আহি সোমাইহি৷ পিছে আজিৰ কথাটো অলপ সুকীয়া৷ জীৱনত কোনোদিনে নকৰা কাম এটা কৰিবলৈ আগবাঢ়িছে কলেজীয়া ডেকা বৈভৱ৷ ঘৰৰ অপায়-অমংগল নিৰ্মূলৰ অৰ্থে মাকে নামঘৰত আজি শঁৰাই এভাগ আগবঢ়াইছে৷ বাপেকে যোৱাৰ পৰত বাৰম্বাৰ নামঘৰলৈ যাবলৈ কৈ থৈ গৈছে৷ নহ’লে মাহেকীয়া দৰমহা অৰ্থাৎ,’পকেটমানি’ পয়সত্তৰ শতাংশ হ্ৰাস হোৱাৰ আশংকা আছে ৷ 

বাপেকৰ তৰ্জন-গৰ্জন শুনি বৈভৱ অৱশেষত নামঘৰলৈ যাবলৈ বাধ্য হ’ল৷ ফটোত লাইক,কমেণ্টৰ সংখ্যাত চকু ৰাখি ডেকা ভকতে নামঘৰৰ প্ৰৱেশদ্বাৰত ভৰি থৈ দেখিলে-নামঘৰৰ ভিতৰভাগ ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলেৰে ইতিমধ্যেই গিজগিজাই উঠিছে৷ 

“হেৰৌ আজি দেখোন হাইঠা মাটিত পৰিল ! কৃষ্ণ ! কৃষ্ণ !! সপোন দেখা নাইতো !”- কোনোদিনে নামঘৰৰ পদূলি নগচকা বৈভৱক সমুখতে দেখি শিল পৰা কপৌৰ দৰে কিছুপৰ ৰৈ থাকি বিষ্ণুখুৰা বৈভৱৰ সমুখলৈ দৌৰ মাৰি আহিল৷ চকুত আশ্বৰ্যৰ চিন বিদ্যমান৷ 

“নক’ব আৰু ! দেতাই সদায় পুৱা-গধূলি তাকে পেনপেনাই থাকে৷ ভাবিলোঁ,বুঢ়া বয়সত মানুহটোক দুখ নিদিওঁ৷ ছ’ ওলাই আহিলোঁ৷ অৱশ্যে এটা বিশেষ কাৰণো আছে৷ বাৰু,ভৰিহাল ধুই আহোঁ ৰ’ব৷”- কথাষাৰ কৈ বৈভৱে ভৰিহাল তিয়াবলৈ দমকলৰ দিশে আগবাঢ়িল৷ 

হাত-ভৰি তিয়াই বৈভৱ নামঘৰৰ পিছৰ শাৰীটোৰ কঠখনত বহেগৈ মানে ধৰ্মেশ্বৰ কাইটিয়ে নাম জুৰিবলৈ আৰম্ভ কৰিছিলেই৷ নামৰ আগ-গুৰি একো বুজিব নোৱাৰা বৈভৱে ওঁঠখন লৰাই নাম গাই থকাৰ অভিনয় দক্ষতাৰে কৰি গ’ল৷ অৱশ্যে পাঁচ মিনিটৰ মূৰে মূৰে ফে’চবুকত নজৰ মাৰি থাকিবলৈ নাপাহৰিলে৷ 

ধৰ্মেশ্বৰ কাইটিৰ গলগলীয়া কণ্ঠত প্ৰাণ পাই উঠা নামৰ অমীয়া ৰসে নামঘৰত এক অপূৰ্ব মায়াজাল ৰচিলে৷ খোল-তালৰ সুৰীয়া লহৰত ভক্তপ্ৰাণ ৰাইজৰ মন-প্ৰাণ সমষ্ট বুৰ গ’ল৷ 

বৈভৱৰ ফটোখনে দুশটা লাইকৰ মাইলষ্ট’ন স্পৰ্শ কৰাৰ লগে লগে নামৰো অন্ত পৰিল৷ মণিকূটৰ ফালে হাত যোৰ কৰি ধৰ্মেশ্বৰ কাইটিয়ে গৃহস্থক আঁঠু ল’বলৈ ক’লে৷ আৰু পৰম্পৰাগত আৰ্শীবাদফাঁকি মুখেৰে উচ্চাৰণ কৰিলে ৷

আৰ্শীবাদটো দি ধৰ্মেশ্বৰ কাইটিয়ে বৈভৱৰ বাপেকৰ ফালে চাই সুধিলে-“আৰু কাৰোবাৰ কিবা মনোবাঞ্চা আছে নেকি,সেৱকীয়ে ক’ব লাগে৷”

আঁঠু লৈ থকা গৃহস্থৰ শাৰীটোৰ একেবাৰেই মূৰত বহি থকা বৈভৱে মনত অ’তপৰে পুহি ৰখা মনোবাঞ্চাটো প্ৰকাশ কৰিবৰ সময় উপস্থিত৷ মূৰটো দাঙি বৈভৱে ধৰ্মেশ্বৰ কাইটিলৈ চাই সবিনয়ে ক’বলৈ ধৰিলে-“বৰতা,ফেচবুকত লাইক,কমেন্ট পাবলৈ মোক আৰ্শীবাদ এটা দিয়কচোন৷ এতিয়ালৈকে বিজনেছ ঠিকেই চলি আছে৷ মোৰ এই যাত্ৰা যে যুগ-যুগান্তৰলৈ কনটিনিউ হৈ থাকিব পাৰে, তাৰ বাবে ভগৱানৰ পৰা আৰ্শীবাদ এটা আনিব নোৱাৰেনে?” 

বৈভৱৰ কথা শুনি ধৰ্মেশ্বৰ কাইটিয়ে ইফালে-সিফালে চাবলৈ ধৰিলে৷ কি ফেচবুক,কি লাইক,কি কমেন্ট-এইবোৰৰ একো উৱাদিহ তেওঁ পোৱা নাই৷ ধৰ্মেশ্বৰ কাইটিৰ মুখৰ ভাৱ-ভঙ্গী দেখি বৈভৱে ম’বাইলটো হাতত লৈ কাইটিৰ কাষ চাপিল আৰু ফেচবুকৰ হ’ম পেজটো দেখুৱাই লাইক,কমেন্টৰ মাহাত্ম্য পৰিষ্কাৰকৈ বুজাই দি পুনৰ আগৰ স্থান পালেহি৷

ধৰ্মেশ্বৰ কাইটিয়ে এইবাৰ আৰ্শীবাদ দিলে-“ নমোঃ নমোঃ নাৰায়ণ প্ৰসন্ন হৰি ও হৰি কৰিয়োক মায়াৰ নিৰ্যান,আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু,জীৱক কৰা পৰিত্ৰাণ; আজি সেৱকীৰ পুত্ৰ বৈভৱে ‘প্ৰেচাৰ বুক’ নে ‘ফেঁচা বুক’ কিবা বোলেনে, কি বুক আমাৰ মগজুৱে সেইবোৰ ঢুকি-ঢাকি নাপায়, আপুনিতো সৰ্বজান্তা,সকলো জানে,সকলো বুজেই ৷ সেয়ে পৰভু আপোনাৰ সন্তান কণমানিটিৰ মনোবাঞ্চা পূৰণ কৰি; লাইক,কমেন আদি দিয়া-থোৱাত যিখিনি অসুবিধা হৈছে সেই সকলো বিবাদ নিষ্পত্তি কৰি; চৰণত স্থান দি,সকলো অপৰাধ ক্ষমা কৰি, তেখেতৰ মংগল কামনা কৰিব লাগে হে অভয় শ্ৰীচৰণত এইখিনি প্ৰাৰ্থনা৷ ঔ হৰি,ঔ ৰাম৷ অ’ হৰি অ’ ৰাম ! হৈছে যা বাবা৷”

ধৰ্মেশ্বৰ কাইটিৰ অভিলাসী আৰ্শীবাদটো শেষ হোৱাৰ লগে লগে বৈভৱে প্ৰাণখোলা হাঁহি এটা মাৰিলে৷ পিছমুহূৰ্ততে সময়ানুৱৰ্তী বৈভৱে সোঁহাতৰ বুঢ়া আৰু তৰ্জনী আঙুলিটোৰে ম’বালটোৰ পৰ্দাখনত ফে’চবুক এপটো উলিয়াই ষ্টেটাছৰ খালী ঠাইখিনিত লিখিলে-“ জাষ্ট টুক্ ভাদমহীয়া আছিৰবাদ ফৰ্ম আৱাৰ বিলাভেড ধৰ্মেশ্বৰ আংকল৷ ফিলিং এমিবিচিয়াচ এণ্ড ব্লেছড! থেংক ইউ মাই ফ্ৰেণ্ডজ ! লাভ ইউ অল !!”

No comments:

Post a Comment