পলকতে সুখ-দুখৰ বতৰাঃ ১৩ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ১৩ আগষ্ট

পলকতে সুখ-দুখৰ বতৰাঃ ১৩ আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১ ৷ বিশ্বৰ ভিতৰতে বৃহত্তম নদীদ্বীপ মাজুলীক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সকলো ক্ষেত্ৰতে সহায় কৰাৰো সিদ্ধান্ত গ্ৰহন কৰিছে৷ উল্লেখ্য যে, অসম্পূৰ্ণ নথি পত্ৰৰ বাবেই মাজুলীয়ে সদায় এই স্বীকৃতি লাভৰ পৰা বঞ্চিত হৈ আহিছে৷

২ ৷ দেশৰ সমূহ ৰাজ্যতে বাধ্যতামূলকভাৱে প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰই নুন্যতম মজুৰিৰ পৰিমান ২৫ % বৃদ্ধি কৰিব৷ উল্লেখ্য যে জুলাই মাহৰ পৰা প্ৰযোজ্য হোৱাকৈ শ্ৰম মন্ত্ৰনালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত মজুৰি প্ৰতিদিনে ১৩৭ টকাৰ পৰা ১৬০ টকালৈ বৃদ্ধি কৰিছিল৷

৩ ৷ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উপলক্ষে বি এছ এফে দেশৰ সীমান্তৱৰ্তী এলেকাত মাথো ৩০ মিনিটৰ ভিতৰত চাৰি লাখ গছপুলি ৰোপন কৰি অভিলেখ স্থাপন কৰে৷ এই অসাধ্য সাধন কৰা কাৰ্যত দেশজুৰি বি এছ এফৰ ১১ হেজাৰ জোৱান আৰু বিষয়া জড়িত আছিল৷

৪ ৷ মধ্যপ্ৰদেশৰ আঠ বছৰীয়া ৰিত্বিকা শৰ্মা আৰু পাঁচ বছৰীয়া কন্দৰ্প শৰ্মাই মাউন্ট এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হৈ কণিষ্ঠতম পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে৷ তেওঁলোকৰ পিতৃৰ মতে বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হোৱা তেওঁলোক হ’ল বিশ্বৰ প্ৰথমটো পৰিয়াল৷

৫ ৷ নেডফি প্ৰতিষ্ঠাৰ কুৰি বছৰ সম্পূৰ্ণ হ’ল ৷ সেই উপলক্ষে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ২০ গৰাকী বছা বছা সম্ভাৱনাপূৰ্ণ উদ্যোগীক প্ৰতিষ্ঠানটোৱে প্ৰদান কৰে “নেডফি বঁটা ২০১৫”৷ তদুপৰি নেডফিৰ সাহাৰ্যপ্ৰাপ্ত উদ্যোগীসকলে প্ৰস্তুত কৰা হস্তশিল্পজাত সামগ্ৰীৰ প্ৰদৰ্শনী “নৰ্থ ইষ্ট ক্ৰাফট কাৰ্নিভেল ২০১৫”আছিল প্ৰতিষ্ঠা দিৱসৰ অন্যতম আকৰ্ষণ৷

৬ ৷ কেৰালাত অনুষ্ঠিত, বিগত ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগীতাত পদক বিজয়ী অসমৰ ২৫ গৰাকী খেলুৱৈক মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে অৰ্থ পুৰস্কাৰ বিতৰণ কৰে৷ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত নটা সোণ , পাঁচটা ৰূপ আৰু এঘাৰটা ব্ৰঞ্জৰ পদক বিজয়ীলৈ ক্ৰমে পাঁচ লাখ, তিনি লাখ আৰু দুই লাখকৈ টকাৰ চেক প্ৰদান কৰা হয়৷

৭ ৷ স্বাধীনতা দিৱস সমাগত৷ এই দিৱস উপলক্ষে চানমাৰিস্থিত “খাদী ব’ৰ্ড”ৰ সাতগৰাকী শিপিনিয়ে অলপো সময় ব্যয় নকৰাকৈ প্ৰস্তুত কৰি উলিয়াব ২০,০০০ বিভিন্ন জোখৰ ত্ৰিৰংগ পতাকা৷ পতাকাসমূহ ৫২ টকাৰ পৰা ৪৪০ টকা মূল্যত বিক্ৰী কৰা হ’ব৷

৮ ৷ মাত্ৰ ৯ বছৰ বয়সতে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ছৈয়দা মাছুদা ফাতিমাই দেশৰ বিভিন্ন প্ৰান্তত স্কেটিঙৰ বিভিন্ন ষ্টান্ট প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰাৰ লগতে কণ্যা শিশুৰ সুৰক্ষাৰ বাবেও ৰাইজক সজাগ হ’বলৈ আহবান জনাই আহিছে৷ ২০১২ চনত মধ্যপ্ৰদেশৰ মূখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আৰম্ভ কৰা বেটী বাচাও আন্দোলনত সক্ৰিয় ভূমিকা লৈছে ফাতিমাই ৷

৯ ৷ গুৱাহাটী চিনে ক্লাবে মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত ১৫ আগষ্টৰ সন্ধিয়া ৬ বজাৰ পৰা বাংলাদেশৰ প্ৰখ্যাত চলচিত্ৰ পৰিচালক মোস্তাফা চাৰৱাৰ ফাৰুকীৰ দ্বাৰা পৰিচালিত “থাৰ্ড পাৰছন চিংগুলাৰ নাম্বাৰ” প্ৰদৰ্শন কৰিব৷চিনেমাখনৰ দৈৰ্ঘ্য ১২৪ মিনিট৷ সদৌ চলচিত্ৰপ্ৰেমী ৰাইজৰ উপস্থিতি চিনে ক্লাবে কামনা কৰিছে ৷

১০ ৷ আমেৰিকাস্থিত আগশাৰীৰ বি পি অ’ কোম্পানী ম’টিফ ,আই এন চিয়ে শেহতীয়াকৈ ইয়াৰ নতুন ব্যৱসায় সম্প্ৰসাৰনৰ সৈতে সংগতি ৰাখি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীক নিযুক্তি উদ্যোগ গ্ৰহণ কৰিছে ৷মটিফে ২০১৬ ৰ জানুৱাৰীৰ ভিতৰত প্ৰায় ৩০০ নিযুক্তি প্ৰদান কৰি নিযুক্তিৰ সংখ্যা ১৮৫০ লৈ বৃদ্ধি কৰাৰ লক্ষ্য আৰু পৰিকল্পনা গ্ৰহণ কৰিছে ৷
যুগুতালে- শ্বিলঙৰ পৰা বিপাশা বৰাই

No comments:

Post a Comment