পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১ ৷ ছয় দশকজোৰা ৰক্তাক্ত সংগ্ৰামৰ অৱসান ঘোষণা কৰি নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ঈছাক – মুইভা গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ল “নগা শান্তি চুক্তি” ৷ ইয়াৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ দীৰ্ঘকালীন ৰাজনৈতিক সমস্যাটো সমাধানৰ পথ প্ৰশস্ত হ’ল৷ 

২ ৷ জলবায়ু পৰিৱৰ্তনৰ বাবে যোৱা কেইবাদশক ধৰি অভাৱনীয় সংকটৰ সন্মুখীন হোৱা অসমৰ চাহ উদ্যোগৰ সংকট নিৰাময়ৰ বাবে টোকলাই চাহ গৱেষনা কেন্দ্ৰই আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাৰ (নাছা) সৈতে যুটীয়া অধ্যয়ন চলাব৷ অহা চেপ্তেম্বৰৰ পৰাই উত্তৰ পূৱৰ মাটিত নাছাই জলীয় বাস্পৰ পৰিমাণ সন্দৰ্ভত যাৱতীয় পৰীক্ষা আৰম্ভ কৰিব৷

৩ ৷ বিগত তেৰ বছৰে পাকিস্তানত আৱদ্ধ হৈ থকা ভাৰতীয় মূকবধিৰ যুৱতী গীতাক নিজ পৰিয়ালৰ সৈতে মিলন ঘটাবলৈ উদ্যোগ ল’ব ভাৰত চৰকাৰে ৷ অচিৰেই পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তই গীতাক সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে বহি:পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে৷

৪ ৷ যোৰহাটৰ স্ত্ৰীশিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান কালি অনুষ্ঠিত হৈছে ৷ বিয়লি একবজাৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোত হীৰক জয়ন্তী বৰ্ষ উদ্বোধন কৰে মুখ্যমন্ত্ৰী তৰুন গগৈয়ে৷

৫ ৷ নলবাৰী মহাবিদ্যালয় চৌহদত অস্থায়ীভাৱে স্থাপন কৰা কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়খন আনুষ্ঠানিকভাৱে ইয়াৰ স্থায়ী চৌহদ নমাটিলৈ স্থানান্তৰ কৰা হয়৷ স্থায়ী চৌহদৰ নৱনিৰ্মিত প্ৰশাসনীয় ভৱনটো উন্মোচন কৰে ৰাজহ মন্ত্ৰী ডা: ভূমিধৰ বৰ্মনে।

৬ ৷ প্ৰযুক্তিৰ জগতত এটাৰ পিছত আন এটা চমক সৃষ্টি কৰা চীনে এইবাৰ ডংগুৱান চহৰত স্থাপন কৰিছে প্ৰথমটো মানৱবিহীন কাৰখানা ৷ প্ৰকল্পটোত প্ৰায় সকলোবোৰ কামকাজ কম্পিউটাৰ নিয়ন্ত্ৰিত ৰ’বট, কম্পিউটাৰ নিউমাৰিকেল ক’ন্ট্ৰল মেচিন আৰু মানৱবিহীন ট্ৰাকে পৰিচালনা কৰিব৷

৭ ৷ কাজিৰঙাৰ বুকু বিদীৰ্ণ কৰি ইয়াৰ পশুকুললৈ সংকট নমাই অনা শিলৰ কুঁৱেৰী তথা শিলভঙা মেচিনসমূহ বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে৷

৮ ৷ শিক্ষাখণ্ডৰ অচলাৱস্থাৰ মাজতে যোৱা ৩ আগষ্টত ৰাজ্যৰ প্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ ৭০৩ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক মূখ্যমন্ত্ৰী তৰুন গগৈয়ে আনুষ্ঠানিকভাৱে “পেন্সন পে’মেন্ট অৰ্ডাৰ”(পি পি অ’)বিতৰণ কৰে৷

৯ ৷ সাহিত্যিক কল্যান নিধি ,অসমৰ উপ সভাপতি , কবি অতুল কুমাৰ শৰ্মাক “বাবু জগজীৱনৰাম কলা, সংস্কৃতি তথা সাহিত্য একাডেমীয়ে অলপতে দিল্লীত অনুষ্ঠিত অষ্টম ৰাষ্ট্ৰীয় সন্মিলনত “সৰ্বজিৎ বিশ্বকৰ্মা আন্ত:ৰাষ্ট্ৰীয় বঁটা ২০১৫” প্ৰদান কৰা হয় ৷ উল্লেখ্য যে তেওঁ নিজ মাতৃভাষা অসমীয়াৰ উপৰিও হিন্দী , ইংৰাজী , সংস্কৃত , বাঙালী আদি ভাষাত কাব্যচৰ্চা কৰি সুনাম আৰ্জিবলৈ সক্ষম হৈছে৷

১০ ৷ কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশৰ ভিত্তিত নতুন প্ৰজন্মৰ মাজত অশুভ প্ৰভাৱ পেলাবপৰা ইন্টাৰনেটত সহজে উপলব্ধ ৮৫৭ টা প’ৰ্ণগ্ৰাফিক চাইট ইতিমধ্যে টেলিক’ম অপাৰেটৰ আৰু ইন্টাৰনেট সেৱাপ্ৰদানকাৰীয়ে বন্ধ কৰি দিছে ৷

No comments:

Post a Comment