সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. অসমত আজি শুভাৰম্ভ হৈছে ‘মুখ্যমন্ত্ৰীৰ নিশ্চিত বিদ্যু যোগান আঁচনি’ৰ। ৩২খন জিলালৈ মুঠ ৫৯টা ট্ৰেন্সফৰ্মাৰ সৰবৰাহেৰে ইয়াৰ শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

২. অনমোল টুকৰেল নামৰ ষোল্ল বছৰীয়া ভাৰতীয় মূলৰ কানাডিয়ান কিশোৰজনে তেওঁ নিৰ্মাণ কৰি উলিওৱা চাৰ্ছ ইঞ্জিনটো গুগোলতকৈ ৪৭শতাংশ অধিক নিখুঁত বুলি দাবী কৰিছে।

৩. কাইলৈ অনুষ্ঠিত হব কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা। এই পৰীক্ষাত পূৰ্বতে CSAT বিতৰ্কৰ বাবে আবেদন কৰিও পৰীক্ষাত নবহা সকললৈ এটা বিশেষ চান্স দিয়া হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

৪. এখন পাহাৰ অকলে কাটি বাট উলিয়াই অভিলেখ গঢ়া মাউণ্টেনমেন খ্যাত দশৰথ মাঝিৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি “মাঝি”য়ে কালি ছবিগৃহত মুক্তি লাভ কৰিছে। নৱাজুদ্দিন চিদ্দিকী আৰু আশ্ৰাফুল হকৰ অভিনয় সমৃদ্ধ ছবিখন হিট হব বুলিও চলমান খানে মন্তব্য কৰা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৫. চিলিং আইন উলংঘা কৰি টপচেম চিমেণ্টক ১৪৩বিঘা মাটি নামজাৰি কৰি দিয়াৰ অভিযোগত ৰাজ্য চৰকাৰে কালি সোণাপুৰ ৰাজহ চক্ৰৰ তদানীন্তন বিষয়া হৰি প্ৰসাদ বৰাক নিলম্বন কৰিছে।

৬. যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা দেৱাংগ মেহতা স্মাৰক বক্তৃতানুষ্ঠানত অংশ গ্ৰহণ কৰি সঞ্জয় মেহতাই ভাৰতবৰ্ষত ব্যৱসায়ক মূলতঃ ধন ঘটাৰ আহিলাৰূপেহে ব্যৱহাৰ কৰালৈ আঙুলিয়াই দিয়ে। দেশৰ তথ্য-প্ৰযুক্তি বিপ্লৱৰ অন্যতম হোতা দেৱাংগ মেহতা স্মাৰক গুজৰাটৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয়। কাজিৰঙা বিশ্ববিদ্যালয়ে উত্তৰ-পূৱৰ ১৫খন অভিযান্ত্ৰিক বিদ্যালয়ৰ পৰা শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা সকলক সম্বৰ্ধনাও উক্ত অনুষ্ঠানতে জ্ঞাপন কৰে।

৭. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত দেওবৰীয়া বিশেষ অনুষ্ঠানৰ কাইলৈ আয়োজন কৰা হৈছে। “সুৰ-ছন্দ আৰু ৰঙৰ মিলন” শীৰ্ষক বিশেষ অনুষ্ঠানটিৰ আঁত ধৰিব চিত্ৰশিল্পী মধুসূদন দাসে।

৮. চিলড্ৰেন ফিল্ম ছ’চাইটিৰ উদ্যোগত ২০আগষ্টৰ পৰা ৫ছেপ্তেম্বৰলৈ আয়োজিত হৈছে উত্তৰ-পূৰ্বাঞ্চল শিশু চলচ্চিত্ৰ মহো
সৱ। গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটৰ লগতে আগৰতলা, ডিমাপুৰ আৰু আইলজলতো মুঠ ৮খন শিশু চলচ্চিত্ৰৰ প্ৰদৰ্শন কৰা হব বুলিও জানিব পৰা গৈছে।

৯. ৰঙিয়াৰ দিহিনা গাঁও উন্নয়ন সমিতি আৰু উত্তৰ হাজো জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত আয়োজিত সভাত আদৰ্শ খেতিয়ক তথা সমাজকৰ্মী যজ্ঞৰাম দাসক সম্বৰ্ধনা জ্ঞাপন কৰাৰ সুখবৰ।

১০. অহা ৬ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহো
সৱ। প্ৰথমবাৰৰ বাবে যুৱ মহোসৱৰ পূৰ্বে এইবাৰ তেজপুৰ, হাউলী, গুৱাহাটী আৰু ধুবুৰতী মাণ্ডলিক ভিত্তিত সংগীত আৰু একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment