সুখ-দুখৰ বতৰাঃ ১৮ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৮ আগষ্ট

সুখ-দুখৰ বতৰাঃ ১৮ আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১) যো‌ৱা ত্ৰিছ বছৰত প্ৰথমবাৰলৈ ইউনাইটেড আৰ‌ৱ এমেৰিটছ ভ্ৰমণৰ বাবে যো‌ৱা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীয়ে জনায় যে অতি শীঘ্ৰে বিদেশত কাম কৰিবলৈ যো‌ৱা ভাৰতীয়সকলৰ বাবে 'মদদ' নামেৰে এটি ‌ৱেব-পৰ্টেল যুগুতাই উলিও‌ৱা হ'ব । দেশৰ প্ৰধানমন্ত্ৰীজনাই ইয়াৰ যোগেদি ভাৰতীয় কৰ্মীসকলৰ দুখ-দুৰ্দশাৰ বুজ ল'বলৈ সুবিধা হ'ব বুলি আশা প্ৰকাশ কৰিছে । এই ভ্ৰমণৰ জৰিয়তে ভাৰতত আমিৰ শ্বাহে ৪.৫ কোটি টকাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিও আদায় কৰা হয় ।

২) প্ৰধানমন্ত্ৰীয়ে আজি বিহাৰৰ পাটনাত ৰাজ্যখনৰ প্ৰথম 'মহিলাৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণ অনুষ্ঠান'ৰ আধাৰশিলা স্থাপন কৰিব । তদুপৰি তেওঁ বিহাৰত আজি দক্ষতা বিকাশ কেন্দ্ৰ এটিৰ প্ৰথম স্তৰীয় অনুষ্ঠান এটিৰ উদ্বোধন কৰিব ।

৩) আজি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহ বিভাগৰ এটি অনলাইন চফ‌্ট‌ৱেৰ উন্মোচিত কৰে । অহা ছেপ্তেম্বৰ মাহৰপৰা কাৰ্যকৰী হ'বলগীয়া এই চফ্ট‌ৱেৰৰ জৰিয়তে কোনো নাগৰিকে নিজৰ ভূমি আৰু ৰাজহ সম্পৰ্কীয় যিকোনো কামৰে প্ৰগতিৰ খতিয়ান ল'ব পৰা যাব । কোনো বিষয়াই অ‌ৱজ্ঞাৰে পেলাই থো‌ৱা কাম-কাজবোৰো নিৰীক্ষণ কৰি বিহিত ব্য‌ৱস্থা ল'ব পৰা যাব । এই চফ্ট‌ৱেৰটো প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰই ।

৪) কোনো প্ৰলোভনকাৰীয়ে গুজৰাটলৈ নিয়াৰ পথত ৰঙিয়াত উদ্ধাৰ কৰা হৈছে ১০ গৰাকী দুখীয়া য‌ু‌ৱক-যু‌ৱতী । ৰঙিয়াস্থ এছ এছ বিৰ পৰা খবৰ লাভ কৰি ৰেল আৰক্ষী উদ্ধাৰ কৰে এই সকল লোকক ।

৫) চি.বি.এছ.ই.ৰদ্বাৰা পৰিচালিত সৰ্বভাৰতীয় প্ৰাক-মেডিকেল বাছনি পৰীক্ষাত অষ্টম স্থান দখল কৰিছে অসমৰ অভিজ্ঞান দত্তই । এই পৰীক্ষাত এনে শীৰ্ষস্থান দখল কৰা অভিজ্ঞান প্ৰথমগৰাকী অসমীয়া ছাত্ৰ হিচাপে পৰিগণিত হৈছে ।

৬) কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত বৃহত্তৰ পূব কামৰূপ অঞ্চলৰ ৭খন গা‌ৱঁৰ ষাঠিগৰাকী নাগৰিকে আহ্বান কৰা এখন সভাৰ সিদ্ধান্ত মৰ্মে অঞ্চলটিত বাঢ়ি অহা অপৰাধসমূহ ৰোধৰ বাবে এখনি সমিতি গঠন কৰা হয় ।

৭) আজি সন্ধিয়া ৬ বজাত ৰবীন্দ্ৰ ভ‌ৱনৰ এটি বৰ্ণাঠ্য অনুষ্ঠানত অসম চৰকাৰে বিশিষ্ট অভিনেতা ভোলানাথ কলিতাক ২০১৫ বৰ্ষৰ বাবে নটসূৰ্য ফনী শৰ্মা বঁটা আৰু ভ্ৰাম্যমাণ নাট্যজগতৰ প্ৰযোজক-পৰিচালক ধৰণী বৰ্মনক সাহিত্যাচাৰ্য অতুল হাজৰিকা বঁটা আনুষ্ঠানিকভা‌ৱে প্ৰদান কৰিব ।

৮) বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট জয় কৰা অসমীয়া তৰুণ শইকীয়া আৰু মনীষ ডেকাই তেওঁলোকৰ নেতৃত্বত নিয়া অসম ৰক এণ্ড মাউন্টেইন ক্লাইম্বিং ক্লাবৰ অধীনৰ কেইবাজনো উদীয়মান অভিযাত্ৰীৰ দলে কাশ্মীৰ হিমালয়ৰ উচ্চতম শৃংগ মাউন্ট নুন আৰু হিমালয়ৰ লাডাখৰ সিন্ধু উপত্যাকাত থকা গুলেপ কাংগ্ৰি শৃংগ সফলতাৰে আৰোহণ কৰে ।

৯) বিশিষ্ট কবি সনন্ত তাঁতি বৰ্তমানে দিল্লীত চিকিৎসাধীন হৈ থকা হেতু তেখেতৰ চিকিৎসাৰ খৰছৰ বাবদ আজমল ফাউণ্ডেছনে ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰাৰ সুখবৰ।

১০) মহাৰাষ্ট্ৰৰ চৰকাৰে কৃষিক্ষেত্ৰতো প্ৰযুক্তিৰ শেহতীয়া আ‌ৱিষ্কাৰক ব্য‌ৱহাৰ কৰি সুফল পাইছে । বৰষুণৰ অভা‌ৱত খেতি-পথাৰত হো‌ৱা ক্ষয় ক্ষতিৰ বুজ ল'বৰ বাবে তেওঁলোকে ব্য‌ৱহাৰ কৰিছে দ্ৰোণযুক্ত কেমেৰা । ইয়ে বৰ্তমান ৰাজ্যৰ চৰকাৰক যথেষ্ট নিৰ্ভৰযোগ্য বা-বতৰা দিব পাৰিছে বুলি বাতৰি প্ৰকাশ হৈছে ।

No comments:

Post a Comment