কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেৰিয়াৰ হিচাপে বিদেশী ভাষা 
ড° বুলজিৎ বুঢ়াগোহাঁই
বিদেশী ভাষা ( Foreign Languages) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। আমাৰ দেশৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিদেশী ভাষা , যেনে- আৰবী (Arabic), বুলগেৰিয়া (Bulgarian), চীনা (Chinese), ফৰাছী (French), জাৰ্মান (German), হাঙ্গেৰিয়া (Hungarian), ইটালিয়ান (Italian), জাপানি (Japanese), পৰ্তুগিজ (Portuguese), পাৰ্চি (Persian), ৰুজ (Russian), স্পেনিচ (Spanish) আদি ভাষাত চাৰ্টিফিকেট , ডিপ্লমা , স্নাতক , স্নাতকোত্তৰ , এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰ।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘বিদেশী ভাষা’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। গুৱাহাটী বিশ্ববিদ্যালয়(http://www.gauhati.ac.in)ত ‘আৰবী (Arabic)’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৬০ খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। ফৰাছী (French) ভাষাৰ প’ষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট পাঠ্যক্রমত আসনৰ সংখ্যা ১৫ খন, প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত আসনৰ সংখ্যা ১২ খন, Intensive Courseত আসনৰ সংখ্যা ৩০ খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। পাৰ্চি (Persian) বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ১০ খন, প’ষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট পাঠ্যক্রমত আসনৰ সংখ্যা ১০ খন, প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত আসনৰ সংখ্যা ১০ খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in)ত চীনা (Chinese) ভাষাত এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে আৰু আসনৰ সংখ্যা ৩০ খন। অসম বিশ্ববিদ্যালয় ( http://www.aus.ac.in/)ত আৰবী (Arabic) বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩১খন, এম.ফিল., পি.এইচ.ডি. আৰু ডি.লিট. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। ফৰাছী (French) বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০খন, Certificate of Proficiency পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন, Diploma of Proficiency পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন, Advanced Diploma পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন, Fast Track Courseপাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in/)ত চীনা (Chinese) ভাষাত এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়(www.ccsu.ac.in) ত ‘আৰবী (Arabic)’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ১০ খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০খন । পাৰ্চি (Persian) বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৮ খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০খন।

অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – কেৰেলা বিশ্ববিদ্যালয় (http://www.keralauniversity.ac.in), কুৰুক্ষেত্র বিশ্ববিদ্যালয় ( www.kuk.ac.in), কলকতা বিশ্ববিদ্যালয় ( www.caluniv.ac.in), গোৱা বিশ্ববিদ্যালয় (https://www.unigoa.ac.in), গুৰু নানক দেৱ বিশ্ববিদ্যালয় ( www.gndu.ac.in), দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in), মুম্বাই বিশ্ববিদ্যালয় ( www.mu.ac.in) আদি।

বিদেশী ভাষা অধ্যয়ন কৰি বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । যেনে- এয়াৰ হোষ্টেছ (Air Hostess) , বিদেশী ভাষা শিক্ষক (Foreign Language Teacher) ,মুক্ত লেখক (Freelance Writer), দোভাষী (Interpreter), ভাষা বিশেষজ্ঞ ( Language specialists), জনসম্পৰ্কৰক্ষী বিষয়া ( Public Relation Officer), গৱেষক সহযোগী ( Research associate), টুৰিষ্ট গাইড (Tourist guide) , অনুবাদক (Translator) আদি ।

লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০ ই-মেইল: buljit@gmail.com

No comments:

Post a Comment