স্বাধীনতা দিৱসতে নতুনকৈ ৫ খন জিলা ঘোষণা হ’ল। এই জিলা কেইখন হ’ল- পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, হোজাই, চৰাইদেউ আৰু মানকাচৰ নতুবা শালমাৰা। সদ্যঘোষিত এই জিলা কেইখনৰে অসমৰ জিলা সংখ্যা হ’ল ৩২। বৃটিছৰ অধীনলৈ যোৱাৰ পাছৰ পৰা অসমত জিলা গঠন প্ৰক্ৰিয়া অৰম্ভ হৈছিল। বৃটিছে তাহানিত অসমত ৫খন জিলা কৰিছিল। ইয়াৰে উজনি অসমৰ আয়ুক্তৰ অধীনত লক্ষীমপুৰ , শিৱসাগৰ আৰু দৰং আৰু নামনি অসম আয়ুক্তৰ অধীনত আছিল নগাওঁ আৰু কামৰূপ জিলা। ১৮৭৪ চনত মুঠ ৮খন জিলাৰে অসম প্ৰদেশ গঠন কৰা হয়। নামনি-উজনিৰ জিলা ৫খনৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বংগৰ পৰা কৰ্তন কৰি গোৱালপাৰাক অসমৰ লগত সংযোগ কৰাৰ লগতে সুৰমা উপত্যকাৰ কাছাৰ আৰু চিলেট জিলাকো অসম প্ৰদেশৰ লগত সংযুক্ত কৰা হয়। এনেদৰে স্বাধীনতাৰ সময়লৈকে এই জিলা কেইখনেই কম-বেছি পৰিমাণে অসমৰ লগত সংযুক্ত হৈ থাকে।
অন্যহাতে স্বাধীনতাৰ পৰৱৰ্তী কালত অসমৰ জিলাৰ সংখ্যা ১০ খনলৈ বৃদ্ধি পায়। এই ১০ খনৰ ভিতৰত ছিলেট জিলাৰ চাৰি ভাগৰ তিনি ভাগ এলেকা পূৰ্ব পাকিস্তানৰ অংশ হিচাপে ছিলেট জিলা নামে সংযুক্ত কৰাত অসম তথা ভাৰতৰ সৈতে থকা জিলা খনৰ এক চতুৰ্থাংশ এলেকা কাছাৰ জিলাত অন্তৰ্ভুক্ত হয়। অসমৰ সৈতে স্বাধীনতাৰ পাছত নগা পাহাৰ, লুছাই পাহাৰ (মিজুৰাম), মিকিৰ পাহাৰ ( কাৰ্বি আংলং আৰু খাচী পাহাৰৰ বৃহৎ এলেকা) আৰু ইয়াৰ বাহিৰেও উত্তৰ পূৱ সীমান্ত এলেকা যাক ‘নেফা’ বুলি জনা গৈছিল যি বৰ্তমান অৰুণাচল প্ৰদেশ আৰু তেতিয়া সুকীয়া প্ৰকাশনীয় এলেকা ৰূপে অসমৰ সৈতে সংযুক্ত হৈ আছিল । ১৯৭০ আৰু ৮০ৰ দশকত, নেফা এলেকা অৰুণাচল ৰূপে , নগা পাহাৰ জিলা নগালেণ্ড ৰূপে লুছাই পাহাৰ জিলা মিজোৰাম ৰূপে, মিকিৰ পাহাৰ জিলাৰ এক বৃহৎ অংশৰ লগতে গোৱালপাৰা আৰু কামৰূপ জিলাৰ দক্ষিণৰ অংশ তথা এসময়ত গাৰো পাহাৰ জিলা ৰূপে স্বীকৃত এলেকা মেঘালয় ৰাজ্যৰ মৰ্যাদা লাভ কৰে । এনে পৰিস্থিতিৰ মাজত ১৯৭২ চনত অসমৰ মুঠ জিলাৰ সংখ্যা ১০ খনকেই ৰাখি পূৰ্বৰ জিলা সমূহ পুণৰ গঠন কৰা হয় । পুণৰ গঠিত জিলা সমূহ হ’ল – কামৰূপ, গোৱালপাৰা, দৰং, নগাওঁ,শিৱসাগৰ, ডিব্ৰুগড়, লক্ষীমপুৰ, মিকিৰ পাহাৰ, উত্তৰ কাছাৰ আৰু কাছাৰ ।
১৯৮৩ চনত হিতেশ্বৰ শইকীয়াৰ চৰকাৰে প্ৰশাসনীয় সুবিধাৰ বাবে অসমৰ জিলাৰ সংখ্যা ১৮ খনলৈ বৃদ্ধি কৰে। সেইমতে গোৱালপাৰা জিলা ভাঙি গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰ এই তিনিখন জিলা সৃষ্টি কৰা হয়। কাছাৰ জিলাৰ পৰা কৰিমগঞ্জ জিলা, কামৰূপ জিলাৰ পৰা বৰপেটা জিলা, দৰং জিলাখনৰ পৰা শোণিতপুৰ, শিৱসাগৰ জিলাৰ পৰা যোৰহাট আৰু গোলাঘাট দুখন পৃথক জিলা আৰু ডিব্ৰুগড় জিলাৰ পৰা তিনিচুকীয়া জিলা সৃষ্টি কৰিছিল।
১৯৮৫ চনত অসম গণ পৰিষদ দলৰ চৰকাৰ অহাৰ পাছত ধুবুৰী, গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা বঙাইগাওঁ জিলাৰ সৃষ্টি কৰে। কামৰূপ জিলাৰ পৰা নলবাৰী জিলাৰ সৃষ্টি, দৰংৰ পৰা ওদালগুৰি,লক্ষীমপুৰৰ পৰা ধেমাজি, নগাওঁৰ পৰা মৰিগাওঁ, কাছাৰৰ পৰা হাইলাকান্দি জিলাৰ সৃষ্টি কৰাত ১৯৮৫ চনত অসমত জিলাৰ সংখ্যা হয় ২৪ খন। পৰৱৰ্তী কালত কামৰূপ জিলাৰ পৰা কামৰূপ মহানগৰক পৃথক জিলাৰ মৰ্যদা দিয়াত অসমৰ মুঠ জিলাৰ সংখ্যা ২৫ খনলৈ বৃদ্ধি পায়। ২০০৩ চনত বিটিচি চুক্তিৰ চৰ্ত অনুযায়ী- কোকৰাঝাৰ, বঙাইগাও জিলাৰ একাংশ সামৰি চিৰাং জিলা আৰু নলবাৰী, বৰপেটা,কামৰূপ গ্ৰাম্য জিলাৰ একাংশ সামৰি বাকচা নামৰ দুখন সুকীয়া জিলাৰ সৃষ্টি কৰা হয় । এইদৰে ২০০৩ চনলৈকে অসমৰ জিলা সংখ্যা ২৭ খনলৈ বৃদ্ধি পায় । বৰ্তমান চৰকাৰ প্ৰস্তাৱ অনুযায়ী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থকা ভৌগোলিক ভূখণ্ডক সামৰি মানকাচৰ নতুবা দক্ষিণ শালমাৰা জিলা, নগাওঁ জিলাৰ হোজাই মহকুমা এলেকা সামৰি হোজাই জিলা, শোণিতপুৰ জিলাৰ পূৰ্বাঞ্চলক সামৰি বিশ্বনাথ জিলা, শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাক সামৰি চৰাইদেউ জিলা আৰু কাৰ্বি আংলংৰ হামৰেণ মহকুমাক সামৰি কাৰ্বি আংলং পশ্চিম জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰিছে।
চৰাইদেউ জিলাখন আমাৰ দৃষ্টিত খুব প্ৰয়োজন নাছিল। আহোমৰ প্ৰথম ৰাজধানীৰ সন্মানাৰ্থে বা আৰু অন্যান্য কাৰণত দিছে যদিও আমাৰ কবলগীয়া বিশেষ নাই। বিশ্বনাথৰ পৰা জিলাসদৰ তেজপুৰলৈ যাতায়ত যথেষ্ট কষ্টসাধ্য আছিল বাবে এই জিলা গঠনৰ প্ৰস্তাৱ আদৰণীয় । অন্যহাতে হোজাইৰ ক্ষেত্ৰতো আমাৰ মন্তব্য বিশ্বনাথৰ দৰেই। ইপিনে দূৰ্গম পাহাৰী এলেকা হামৰেণৰ পৰা ডিফুলৈ যাতায়ত কৰাটোও যথেষ্ট ব্যয়বহুল আৰু কষ্টকৰ আছিল । যাত্ৰাপথত সঘনাই সন্ত্ৰাসবাদীৰ কুটাঘাত সংঘটিত হৈ আহিছে, নিশা এই সমূহ পথৰে যাতায়ত কৰাটোও এক চেলেঞ্জ বুলিয়েই ক’ব লাগিব। অন্যহাতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ জিলা ৰূপেও চিহ্নিত আছিল কাৰ্বি আংলং। এনে ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলং জিলা গঠনৰ প্ৰস্তাৱ আদৰণীয় । কিন্তু এ খিনিতে কাৰ্বি পাহাৰ এখন জিলাৰ পৰা দুখন জিলা হোৱাত পৃথক ৰাজ্য দাবীদাৰ সকলে সুযোগ বুজি আন্দোলন তীব্ৰতৰ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি, বৰঞ্চ চিন্তনীয় ।
মেধেৰটাৰীৰ নাও দূৰ্ঘটনা আমাৰ মনত আছে। বৃহৎ চৰাঞ্চলৰ লগত জিলা সদৰলৈ যাতায়াতৰ এক মাত্ৰ মাধ্যম নাও, অন্যহাতে দুৰ্গম চৰৰ পৰা ধুবুৰী চহৰলৈ যোৱাটো মানকাচৰ আৰু শালমাৰা দুয়োটা অঞ্চলৰ মানুহৰ বাবেই আছিল কষ্টসাধ্য । যাৰবাবেই বৰ্তমানৰ ধুবৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু পূৱ পাৰৰ প্ৰশাসনিক সুবিধাৰ বাবে পৃথক এখন জিলা কৰিবলৈ লোৱাটো কিন্তু সমস্যাৰ সমাধান নহয় আমাৰ দৃষ্টিত এক ৰাজনীতিহে। যদিহে জিলা সদৰখন গৰাখহনীয়াৰ ভাবুকিত থকা শালমাৰাত কৰা হয় তেন্তে মানকাচৰ বাসীয়ে ভুগিব লাগিব দুৰ্ভোগ, অন্যহাতে মানকাচৰত কৰিলেও শালমাৰাবাসীৰো একেই দশা। আমি বুজি নাপাওঁ কিদৰে এই জিলা গঠনৰ প্ৰস্তাৱ লৈ ৰাজনীতি কৰিবৰ পাং পাতিছে । এতিয়া চাওক মানকাচৰৰ-শালমাৰা বা শালমাৰা-মানকাচৰলৈ যিকোনো প্ৰশাসনিক কামৰ বাবে যাওঁতে মেঘালয় হৈ আহিব লাগিব । বিগত কিছুবছৰ ধৰিয়েই মেঘালয়ৰ সেই ভূখণ্ডত অসম আৰু অসমীয়া বিৰোধী চক্ৰ খুবেই সক্ৰিয়, বিভিন্ন সময়ত অসমীয়া নিগৃহিত হোৱাৰো অনেক প্ৰমাণ আছে। এনে প্ৰেক্ষাপটত কেনেকৈ এই জিলা গঠন হ’ব আমি স্পষ্ট হ’ব পৰা নাই। ইপিনে যদিহে মানকাচৰক জিলা সদৰ কৰা যায় তেন্তে পূৰ্বাঞ্চলৰ ফকিৰগঞ্জ, জছ্মাদাৰহাট, হামিদাবাদ, মেধৰটাৰী আদি অঞ্চলৰ মানুহৰ যাতায়তৰ ক্ষেত্ৰত কি অৱস্থা হ’ব। আমি ভাবোঁ প্ৰয়োজনীয় আন্তগাঁথনি আৰু অধ্যয়ন অবিহনে আৱেগিক ইছুটো লৈ এয়া এক নিকৃষ্ট ৰাজনীতিহে আৰম্ভ হৈছে, সম্ভৱত লক্ষ্য নিৰ্বাচন ২০১৬ ! অন্যহাতে মানকাচৰ বনাম শালমাৰা শীৰ্ষক এখন ৰাজনৈতিক যুঁজ চাবলৈও আমি সাজু হোৱা ভাল। এটা কথা স্পষ্ট যে ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু পূব পাৰ মিলাই এখন জিলা কৰিব লোৱাৰ পৰিকল্পনা অবাস্তৱ আৰু অবৈজ্ঞানিক।

মাজুলী আৰু শদিযা মহকুমা দুটাকো জিলা হিচাপে ঘোষণা কৰিব লাগে
ReplyDeleteÀশà§à¦£à¦¿à¦¤à¦ªà§à§° à¦à¦¿à¦²à¦¾à§° ঠনà§à¦¤à§°à§à¦à¦¤ বৰà¦à¦²à¦¾ সমষà§à¦à¦¿à¦à§ দà§à¦à¦¾ à¦à¦¾à¦à¦¤ à¦à¦¾à¦ à¦à§°à¦¿ বিহà¦à§à§°à¦¿ à¦à§°à§ বৰÀà¦à¦²à¦¾ নামà§à§°à§ সমষà§à¦à¦¿ দà§à¦à¦¾ নামাà¦à§°à¦£ à¦à§°à¦¿à¦¬ লাà¦à§, à¦à¦®à¦¾à§° দাবৠ।
ReplyDelete