ৰাজনৈতিক পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


প্ৰতিবাদ, প্ৰতিৰোধ আৰু প্ৰতিশোধৰ
ৰাজনীতিৰ সমাগত সময়
 
অনন্ত মোহন শৰ্মা
আজি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাকলৈ চলি থকা পৰিস্থিতিতো কব পাৰি, যে মানুহজনৰ দক্ষতা সন্দৰ্ভত সন্দেই নাই। এটা প্ৰখৰ বুদ্ধিৰ মগজুৰ গৰাকী তেওঁ। তৰুণ গগৈৰ নেতৃ্ত্বাধীন তিনিটা কাৰ্যকালত মন্ত্ৰীত্ব লাভ কৰি ৰাজ্যখনৰ বাবে কেইটামান ভাল কাম কৰিছে। যিখিনি কাম কৰাৰ বাবে তেওঁক মুখ্যমন্ত্ৰীয়ে দিছিল মুক্তমনেৰে কাম কৰাৰ এটা পৰিৱেশ, কেন্দ্ৰই দিছিল আঁচনি ৰূপায়ণৰ বাবে কৌটি কৌটি টকা। স্বাভাৱিকতে দক্ষতা, পূঁজি আৰু পৰিৱেশ এই কাৰক কেইটাৰ আন্তঃক্ৰিয়াৰ ফলত হিমন্ত বিশ্ব শৰ্মা নামৰ যুৱকজন হৈ পৰিছিল সাধাৰণ নাগৰিকৰ পৰা বুদ্ধিজীৱি সকলৰো দৃষ্টিত অসমৰ একমাত্ৰ চিন্তাশীল, দক্ষ আৰু অধ্যয়নপুষ্ট ৰাজনীতিবিদ।

সকলোৱে জনা কথা, এতিয়াৰ ৰাজনীতি মানি পাৱাৰ, মাচল পাৱা, মিনিষ্ট্ৰিয়েল পাৱাৰ আৰু মেডিয়া পাৱাৰৰ ওপৰত নিৰ্ভৰশীল। লক্ষণীয় ভাৱে হিমন্ত বিশ্বই এই গোটেইকেইটা পাৱাৰেই নিজৰ অধীনত কৰি লৈছে। সেইবাবে কংগ্ৰেছত তেওঁ হৈ পৰিছিল অপ্ৰতিৰোধ্য। হিমন্ত বিশ্ব নামৰ ধুমুহাজাকত কংগ্ৰেছৰ বহু বিশাল বৃক্ষ উভালি যোৱাৰ আশংকাতে কংগ্ৰেছে যে তেওঁৰ পাখি কটা আৰম্ভ কৰিছিল সেয়া এশ শতাংশই সত্য। আৰু এই পাখি কটা ৰাজনীতিৰ উমান পাই তথাকথিত আদৰ্শ, ভাৰতীয় দৰ্শনৰ বক্তৃতাৰ ফুলজাৰি মৰা মানুহজনে দল ভঙা ৰাজনীতিৰ ঘুৰি বঠা ধৰি নিজেই আঁতৰি আহিব লগা সেই দলটোৰ পৰা, যিটো দলে তেওঁক দিছিল ঈৰ্ষণীয় সফলতা নামৰ চাবি-কাঠি।

কম বয়সতে ক্ষমতাৰ অফুৰন্ত সোৱাদ লাভ কৰি মানুহজন হৈ পৰিছিল তেজৰ সোৱাদ পোৱা বাঘৰ দৰে। সেইবাৰে তেওঁ সাধাৰণ (?) মন্ত্ৰীপদক তুচ্ছ জ্ঞান কৰি আজুৰি আনিব খুজিছিল মুখ্যমন্ত্ৰীৰ পদ। হিমন্ত বিশ্বৰ বুদ্ধিমত্তা, চিন্তাশক্তিত মামৰে ধৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰা যেতিয়াৰ পৰা তেওঁ বিসম্বাদ আৰম্ভ কৰিছিল আৰু এই কাৰ্যই চূড়ান্ত ৰূপ পাইছিল তেতিয়া যেতিয়া তেওঁ মন্ত্ৰীপদ ত্যাগ কৰি ‘কৰ্ম-শূণ্য’ হৈ পৰিছিল।

হিমন্ত বিশ্বৰ ডাঙৰ দুৰ্বলতা আছিল তেওঁৰ সোঁৱে বাৱে থকা বিধায়ক সকলৰ কথাত গুৰুত্ব প্ৰদান। যি সৰলৰ জ্ঞান, দক্ষতা আদি আছিল হিমন্ত বিশ্ব শৰ্মাতকৈ কম। চিণ্ডিকেট ৰাজত অভ্যস্ত চন্দন চৰকাৰ, আবু তাহেৰ বেপাৰী, পিয়ুষ হাজৰিকা, ৰেকিব্বুদ্দিন আহমেদ আদিৰ দৰে বিধায়কৰ লগ হৈ আড্ডা মাৰি, কূটনীতি কৰি হিমন্তৰ উৰ্বৰ মস্তিস্ক হৈ পৰিছিল- ঋণাত্মক চিন্তাৰ কঠিয়াতলী। ফলত দলত একনিষ্ঠভাৱে লাগি থকাৰ ইচ্ছা কমি আহিছিল। সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ আদি গোচৰ অভিযুক্ত মানুহজন ইতিমধ্যে বিধায়ক বেচা-কিনা কাৰ্যত জড়িত হৈ কম সময়তে বহু ধন সম্পদৰ অদিকাৰী হৈ অনুগামী সকলৰ বহুতকে দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হোৱাৰ সুযোগ প্ৰদান কৰি এক “ৰাজনৈতিক অপসংস্কৃতিৰ” মহানায়কত পৰিণত হৈ পৰিছিল।

শেষত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা ৰুদ্ধ হোৱা দেখি আৰু বিজেপিৰ উত্থান দেখি ৰাতিটোৰ ভিতৰতে বৰণ সলাই নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল। সুবিধাবাদী ৰাজনীতিকে নিজে নিজৰ কেৰিয়াৰ গঢ়ক অথবা নিজৰ কেৰিয়াৰ ধ্বংস কৰক তাত আমাৰ কবলগীয়া একো নাই। কিন্তু অসমৰ অনাগত কেইমান দিনত যে যুৱ সমাজৰ মাজত এক বিশ্বাহীনতা, প্ৰতিশোধ পৰায়নতা, পশ্চাতঘাটি কাৰ্যকলাপে গা কৰি উঠিব তাত সন্দেহ নাই। নিষ্ঠাৰে বিজেপি কৰা যুৱক সকলে এতিয়া কিমান আন্তৰিকতাৰে কংগ্ৰেথৰ পৰা অহা বৰণ সলোৱা ৰাজনীতিকক গ্ৰহণ কৰিব তাত সন্দেহ আছে। ইতিমধ্যে বিজেপি বুথ সমিতিৰ বক্তূব্যত তেনে ইংগিতেই পোৱা গৈছে।

হিমন্ত বিশ্বৰ বিজেপি আগমনৰ লগে লগে বিজেপিত এতিয়ালৈকে নেদেখা ৰাজনৈতিক অপসংস্কৃতিয়ে পোহাৰ মেলিব নেকি? দেখাত হিমন্ত বিশ্বই শান্ত শিষ্ট হৈ কিছুদিন থাকিব। কিন্তু যি প্ৰত্যাশা পূৰণ নোহোৱাৰ বাবে তেওঁ কংগ্ৰেছ এৰি বিজেপিলৈ আহিল, সেই একেই কাৰণত এদিন বিজেপিও এৰিব নেকি?

দেশৰ বিগত সাধাৰণ নিৰ্বাচনত বিজেপি দলে বহু পৰিমানে শৃংখলাবদ্ধ দল ৰূপে নিজৰ বিশ্বাসযোগ্যতা ৰাখিব পাৰিছিল। কিন্তু ৰাজনৈতিক অপ-সংস্কৃতিৰ মহানায়কজনক বিজেপি দলে নিয়ন্ত্ৰণ কৰিব পাৰিবনে?

আমি ভাবো আগন্তুক দিনত বিশেষকৈ ২০১৬চনৰ নিৰ্বাচনৰ আগমুহূৰ্তলৈ প্ৰতিবাদ, প্ৰতিৰোধ আৰু প্ৰতিশোধৰ এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিব। ক’লা টকাৰ বিনিয়োগেৰ ক্ষমতা দখলৰ ৰাজনীতি চলিব আৰু শাসক-বিৰোধী তথা অন্য দলৰ মাজত। ধৰ্ম-ভিত্তিক মেৰু বিভাজনৰ পূৰ্ণ সম্ভাৱনাই গা কৰি উঠিব। কাৰণ হিমন্তক দললৈ আনি বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হোৱাটো দলটোৰ বাবে এক বিৰাট সন্মানৰ প্ৰশ্ন। একেদৰে কংগ্ৰেছেও চেষ্টাৰ ত্ৰুটি নকৰিব, এইটো প্ৰমাণ কৰিবলৈকে যে হিমন্ত অবিহনেও ক্ষমতা দখল কৰিব পাৰি। তাৰ বাবে কংগ্ৰেছথে কি ধৰণৰ অসুস্থ ৰাজনীতিৰ বতাহ বোৱায় সেয়াও লক্ষণীয় হব। মুঠতে সমাগত সময়ত হিমন্তক লৈ এক ৰাজনৈতিক অপসংস্কৃতিয়ে ২০১৬চনৰ নিৰ্বাচনক চুই যাব, সেই কথাও নিশ্চিত।
লেখক বজালী কলেজৰ উদ্ভিদবিদ্যা বিজ্ঞানৰ মূৰব্বী ৰূপে কৰ্মৰত আৰু পাঠশালা নিবাসী। ফোনঃ ৯৯৫৪০৮১৫১৫

No comments:

Post a Comment