অসমত ৰাখীবন্ধনঃ সঁচাই সাংস্কৃতিক আগ্ৰাসন নে?
জয়দীপ চক্ৰৱৰ্তী
ৰাখীবন্ধন ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন, শিখ আদি ধৰ্মৰ মানুহে ৰাখীবন্ধন উৎসৱটি পালন কৰে। শাঁওঁ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ দাদায়েক বা ভায়েকৰ হাতত ৰাখী নামাৰে এদাল সূতা বান্ধি দিয়ে। ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনাৰ বিনিময়ত দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে! ইয়াৰেই নাম ৰাখীবন্ধন। ভাল দিশ, এই উৎসৱত কোনো ধৰ্মীয় উন্মাদনাও নাই, নাই কোনো ধৰ্মীয় আচাৰ, সেয়েই হয়তো আনকি সম্রাট হুমায়ুনেও ৰাণী কর্ণৱতীক ৰাখী পিন্ধাইছিলে৷ সকলোতকৈ ডাঙৰ কথা হ'ল আজিকালি সচৰাচৰ হোৱাৰ দৰে ৰাখীত কোনো চান্দাৰ বেপাৰো নাই!
পিছে কিছুমানৰ মতে এই 'ৰাখী' হ'লগৈ অসমীয়াৰ বাবে 'আমদানীকৃত', 'বিজতৰীয়া', 'হিন্দুস্থানী' সংস্কৃতি যিয়ে নেকি অসমৰ থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰতি দৰাচলতে এক ভাবুকিহে! আচৰিত কথা দেই, অসমীয়া সংস্কৃতি ইমানেই ঠুনুকা নে যে বাহিৰা ৰাজ্যৰ পৰা কিবা কিবা সংস্কৃতি আহিলেই আমাৰ সংস্কৃতি বিলীন হৈ পৰিব?![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh_cduEqNoNXXqcMUn7GFL9aWfZxy4W8erpf_V-H91WRGUh4XTWgrbjC-Yr9yIwh8N94FlHLOcLkNIHjak4KenSJdnHbrdI06RsEzxqIKc5ZqFyavjFRvNM-JM20dniPCtvZ2Ov73ChTug/s320/index.jpg)
কিছুমান সচেতন ৰাইজৰ মতে আকৌ ৰাখীক বাধাই দিব লাগে! কৃষ্ণহে আৰু যেনিবা অসমখন ভাৰততেই নাই! গতিকেই ভালে বেয়াই যিয়েই নহওক লাগিলে ইয়াক বন্ধকৰাৰ হৈ ওকালতি কৰাজনহে প্ৰকৃত অসমীয়া হবগৈ যেন, বাকীবোৰ কি বিজতৰীয়াৰ দালাল? এটা কথা এই প্ৰংগতে সোঁৱৰাই থও। কথাই কথাই 'কৃষ্ণ' বোলা অসমীয়াই পাহৰিলেই চাগে সেই আৰাধ্য দেৱতা কৃষ্ণও সেই একেই মূল ভূমিৰ পৰাই অহা, আৰু ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ অংগ মাথোঁ!
এসময়ত অসমীয়াই কামৰ বাবে বাহিৰত প্ৰায় নগৈছিলেই, এতিয়া লাখৰ ঘৰত অসমীয়াই ভাৰতৰ বিভিন্ন প্ৰদেশত থাকে, আৰু অসমীয়া থকা প্ৰায় প্ৰতিখন চহৰতে এতিয়া অসমীয়াই জাকজমকতাৰে বিহু পাতে৷ মই কেতিয়াও ক'তোয়েই বহিঃৰাজ্যৰ কাকোৱেই তেনে অনুষ্ঠানত বাধা দিয়া শুনা নাই! যদি ভাৰতৰ কৰোবাত অসমীয়াক কোনোবাই বিহু পালনত বাধা দিয়ে, সেই একেই ল'জিকত অসমীয়াই ভালেই পাবনে?
অসমত যদি বহিঃৰাজ্যৰ সংস্কৃতি কোৰোবাক মানিবলৈ বাধ্য কৰোৱা হৈছে, সেয়া নিশ্বয়কৈ গৰিহণা যোগ্য। ঠিক যেনেকৈ গৰিহণা যোগ্য কোনোবাই স্বতঃস্ফুৰ্ত ভাৱে এই পৰম্পৰাটোক ভাল পাই গ্ৰহণ কৰি অভ্যাস কৰিবলৈ লোৱাটোত বাধা দিয়াটো, এক অৰ্থত ব্যক্তিগত ৰূপত কাৰোবাক ৰাখী পিন্ধোৱাত বাধা দিয়াটো৷ আমি অনুভৱ কৰো, বিশাল আৰু ৰসাল অসম তালিবানৰ ভূমি নহয়, অসমৰ সংস্কৃতিও ইমান ঠুনুকা নহয়৷
ৰাখীবন্ধনত বিশ্বাস ৰখা সকলো ভন্টিলৈ থাকিল মোৰ আন্তৰিক শুভকামনা ৷ ভালে থাকা, সুস্থ থাকা৷
No comments:
Post a Comment