মৌমাখি সাম্ৰাজ্যঃ
নাৰীমনৰ এন্ধাৰ কোঠাত এক অনন্য বিচৰণ
নাৰীমনৰ এন্ধাৰ কোঠাত এক অনন্য বিচৰণ
মৌ–মাখিৰো এখন সাম্ৰাজ্য থাকে৷ থাকে নিয়ম আৰু শৃংখলা৷ থাকে পুৰুষ আৰু স্ত্ৰীৰ বিভাজন৷ থাকে সুকীয়া জীৱনশৈলী৷ সংসাৰ গঢ়া-পতাৰ সুকীয়া পদ্ধতি৷ ৰহঘৰাৰ কোঁহে কোঁহে ৰস ওপচাই দিবলৈ মাইকী মৌয়ে অপৰিশ্ৰান্ত শ্ৰম কৰে৷ মতা মৌয়ে ওপৰতে ভোগ কৰে সেই মৌ ভাণ্ডাৰ ৷ কিন্তু তাৰবাবে আক্ষেপ নাই কৰ্মী মাইকী মৌবোৰৰ৷ নিজৰ শ্ৰমৰ ওপৰত নিজে নিৰ্ভৰশীল মাইকী মৌ৷এয়া যেন একপ্ৰকাৰ অৰ্থনৈতিক স্বাধীনতা৷ আৰু এই মাইকী মৌবোৰৰ আছে সম্পূৰ্ণ যৌন স্বাধীনতাও৷ মতা মৌৰ যৌন শোষন , নিৰ্যাতনৰ আশংকাৰ পৰা মুক্ত মাইকী মৌ৷ কিয়নো মতা মৌৰ যৌনমিলন মানেই অৱধাৰিত মৃত্যু ৷
এইখন মানৱীয় সংসাৰৰ পৰা পৃথক এখন জগত ৷ নাৰীৰ বাবে হয়তো কাংক্ষিত এখন জগত ৷ পুৰুষৰ অৱদমন, যৌন শোষন, ধৰ্ষন আদিৰে ভাৰাক্ৰান্ত পৃথিৱীত বহু নাৰীৰ মনত হয়তো গঢ় লৈ উঠে এনে এখন মৌমাখি সাম্ৰাজ্য গঢ়াৰ কল্পনা ৷ এই কল্পনাৰ কলাত্মক প্ৰকাশ দেখিবলৈ পোৱা গৈছে প্ৰতিভাৱান গল্পকাৰ বিপাশা বৰাৰ গল্পৰ যোগেদি ৷ “মৌ-মাখি সাম্ৰাজ্য”(২০১৪,আখৰ প্ৰকাশ ) বিপাশা বৰাৰ প্ৰথমখন গল্প সংকলন ৷ এই সংকলনৰে শিৰোনামৰ গল্পটোৱে উন্মোচন কৰিছে নাৰীমনৰ এখন অৱদমিত পৃথিৱী ৷ য’ত গল্পটোৰ মূল চৰিত্ৰ কাত্যায়নীৰ মাজেদি ব্যক্ত হৈছে নাৰী স্বতন্ত্ৰতাৰ আকাংক্ষা আৰু পুৰুষবিদ্বেষ ৷ পুৰুষৰ যৌন আতিশয্যত অতিস্থ কাত্যায়নী ৷ কাত্যায়নীয়েও দেখে সেই মৌ-মাখি সাম্ৰাজ্যৰ দৰে এখন সুকীয়া পৃথিৱী গঢ়াৰ সপোন –
“যি পৃথিৱীত সঁচা অৰ্থত নাৰীয়ে বুজি পাব যৌন স্বাধীনতা কি আৰু নিশ্চিন্তভাৱে উপভোগ কৰিব যৌনসুখ ৷য’ত কোনো পুৰুষে ইচ্ছামতে ব্যৱহাৰ কৰিব নোৱাৰিব নাৰীক ৷ (পৃ: ৩৬)
কাত্যায়নীৰ সেই সপোন আৰু আকাংক্ষাৰ সম-অংশীদাৰ হ’বলৈ আগবাঢ়িছে নিজকে লেছবিয়ান বুলি কোৱা গল্পৰ আখ্যায়ক চৰিত্ৰটোও ৷ মন কৰিবলগীয়া যে নাৰীবাদী দৃষ্টিকোণসম্বলিত অসমীয়া ভাষাৰ গল্পসমূহত সততে পুৰুষৰ অৱদমন-শোষনৰ স্বৰূপ প্ৰকাশ হোৱাহে দেখা গৈছে ৷ কিন্তু পুৰুষতন্ত্ৰক নেওচি নাৰীৰ এখন “সাম্ৰাজ্য” সৃষ্টিৰ সপোনাকাংক্ষাক সবলভাৱে উপস্থাপন কৰা গল্প হিচাপে বিপাশা বৰাৰ মৌমাখি সাম্ৰাজ্য ব্যতিক্ৰম হৈ ৰৈছে ৷
সময়ৰ লগে লগে সমাজৰ পৰিৱৰ্তন আৰু সভ্যতাৰ উত্তৰণ ঘটা বুলি আধুনিক সমাজ পতিয়ন গ’লেও দৰাচলতে এয়া যে আধুনিক ভণ্ডামিৰ নামান্তৰ তাৰ সবল বক্তব্য উপস্থাপনৰ চেষ্টা প্ৰত্যক্ষমান হৈছে বিপাশাৰ গল্পত ৷ যুগৰ পৰিৱৰ্তন হৈছে , কিন্তু মানসিকতাৰ সংস্কাৰসাধন হোৱা নাই ৷ পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ ওপৰত একেধৰণেৰে অৱদমন চলি আছে ৷ পূৰ্বৰ ধৰণেৰে পুৰুষৰ দাসত্বক মানি আহিছে নাৰীয়ে ৷ একেধৰনেৰে চলি আহিছে নাৰীৰ ওপৰত পুৰুষৰ যৌন অত্যাচাৰ ৷ বিপাশাৰ সংকলনটোৰ কেইবাটাও গল্পত বিভিন্নধৰনেৰে বিভিন্ন পটভূমিত চিত্ৰিত হৈছে এনে ছবিসমূহ ৷ মানৱীয় আৱেগ-অনুভূতিৰ প্ৰতি গভীৰভাৱে সংবেদনশীল গল্পকাৰে এনে নিৰ্যাতিতা নাৰী চৰিত্ৰসমূহৰ প্ৰতি সমব্যথী হৈছে ,কিন্তু ইয়াৰ প্ৰতিবাদ গল্পসমূহত ক্ষীণ ৷ ‘চকৰীৰ সাধু’ গল্পত পখিলাৰ দৰে জীৱন চকৰিৰ মাজত বন্দী হৈ পৰা নাৰীৰ স্বাধীনতা সাব্যস্তকৰণৰ ছবি এখন দেখুৱাব খুজিলেও শেষ সময়ত অসহায় হৈ পৰিছে প্ৰতিবাদী কন্ঠ ৷ সেই পুৰাতন জীৱনাৱৰ্তৰ মাজত নিজকে বিচাৰি পাইছে প্ৰতিবাদী নাৰী চৰিত্ৰটোৱে ৷ ইয়াৰ বিপৰীতে আধুনিক সভ্যতাৰ নামত মানুহৰ চাৰিত্ৰিক অধ:পতনৰ আন এখন ছবি উন্মোচিত হৈছে ‘চকৰীৰ সাধু’ গল্পটোত ৷ গল্পটোৰ যোগেদি পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাত লেটাৰ দৰে জী থাকিবলগা হোৱা নাৰীৰ বিড়ম্বনা আৰু উচ্চশিক্ষিত তথা মুক্তমনা হ’লেও পুৰুষৰ লালসাৰ হাজাৰ –বিজাৰ কীটৰ দংশনৰ মুখামুখি হ’বলগা হোৱা যাতনা প্ৰকাশ পাইছে ৷ একেদৰে সমাজ –ব্যৱস্থাই নাৰী মানসিকতাক পুতলাৰ দৰে মেদহীন শৰীৰৰ অধিকাৰী হ’বলৈ দিয়া আদিপাঠ আৰু ইয়াৰ নেতিবাচক প্ৰভাৱৰ ইংগিত দিয়া হৈছে ‘পুতলাৰ দৰে নাৰীবোৰ’ গল্পত ৷ নাৰীজগতৰ ভিন ভিন মৰ্মবেদনা ‘জলদেৱতাৰ ৰেখ’,’গল্পকাৰৰ ভাগৰ’, আদি গল্পত মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ পাইছে ৷
বিশ্বায়নৰ সৰ্বগ্ৰাসী প্ৰসাৰে সংকটাপন্ন কৰা চহৰ আৰু গ্ৰামীণ জীৱন, পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থা উৎখাত কৰিব খোজা নাৰীবাদী মনস্তাত্ত্বিক বিশ্লেষণ , শৈশৱৰ স্বত:স্ফূৰ্ততাৰ প্ৰতি আকূতি আৰু একাকীত্ব ,প্ৰেম-প্ৰতাৰণা আদি বিপাশা বৰাৰ গল্পসমূহৰ কেন্দ্ৰীয় বিষয় ৷ মানৱীয় আৱেগ-অনুভূতিৰ প্ৰতি অতিমাত্ৰা সংবেদনশীল দৃষ্টিকোণ বিপাশাৰ গল্পৰ অন্যতম বিশেষত্ব ৷ এই সংবেদনশীলতা উৎসাৰিত হৈছে ঘাইকৈ গল্পকথকৰ মাজত নিহিত হৈ থকা নাৰীত্ববোধৰ চেতনাৰ পৰা ৷ আনহাতে নাৰীচেতনাৰ উপৰি গল্পকথক আন যিবোৰ বিষয়ত অধিক অনুভূতিশীল হোৱা দেখা গৈছে সেইবোৰৰ মাজত অন্যতম হৈছে মূল্যবোধৰ সংকট ৷ বিশ্বায়ন-পৰৱৰ্তী প্ৰভাৱ হিচাপে সমাজবোৰত পৰিলক্ষিত হোৱা মূল্যবোধ আৰু ঐতিহ্যৰ সংকট কেইবাটাও গল্পৰ উপজীব্য বিষয় হিচাপে দেখা পোৱা গৈছে ৷ সংকলনৰ প্ৰথমটো গল্প ‘কাউৰীৰ চহৰ চহৰৰ কাউৰী’ত বিশ্বায়নৰ হাতোৰাৰ আগ্ৰাসী ৰূপ আৰু এই আগ্ৰাসনে চহৰীয়া জীৱনৰ লগতে গ্ৰাম্য জীৱনকো সংকটলৈ ঠেলি দিয়াৰ আজিৰ বাস্তৱ বিবৃত হৈছে ৷ চহৰলৈ নতুনকৈ অহা ব্যক্তিজনে চহৰৰ ঐতিহ্য আৰু জীয়া ইতিহাস শুনিছে কাহিনী-কথক এজনৰ পৰা ৷ শুনিছে এসময়ৰ উৰ্বৰ সোনালী পথাৰ কংক্ৰীটৰ অৰণ্যলৈ পৰ্যবসিত হোৱাৰ কাহিনী ৷ প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ আগমন, নিস্পৃহ জীৱন আৰু সংবেদনহীনতাই চহৰসমূহ বাসোপযোগী কৰি ৰখা নাই ৷
“এতিয়া আৰু চহৰখন মানুহৰ বাসোপযোগী হৈ থকা নাই ৷বাসোপযোগী হৈ থকা নাই অন্য কোনো জীৱৰ বাবেও ৷ ই সম্পূৰ্ণৰূপে হৈ পৰিছে কাউৰীৰ চহৰ৷” (পৃ : ১৭)
আনহাতে কদৰ্য আৰু নাৰকীয় জীৱনযাত্ৰাৰ চহৰসমূহৰ প্ৰতি মোহান্ধ হোৱা গ্ৰামীণ লোকৰ জীৱনকো গল্পটোত তুলি ধৰা হৈছে ৷ সাম্প্ৰতিক বিশ্বৰ বিক্ষিপ্ত আৰু অনাকাংক্ষিত ঘটনাৰ হেঁচা, সন্ত্ৰাসবাদী কাৰ্যকলাপ, মানুহক আশংকা-হাহাকাৰৰ মাজলৈ ঠেলি দিয়া ঘটনাই কিদৰে মনোজগতত ভয়ংকৰভাৱে ৰেখাপাত কৰে তাৰ ছবি উন্মোচিত হৈছে ‘দ্য আনব’ৰ্ণ’ গল্পত ৷ এগৰাকী সন্তানসম্ভৱা নাৰীৰ সন্তান জন্ম দিয়াৰ প্ৰত্যাশা বিভিন্ন বিক্ষিপ্ত ঘটনাৰ প্ৰভাৱত দুৰাশালৈ পৰিনত হোৱা দেখুওৱা হৈছে গল্পটোত ৷ হত্যা-হিংসাৰে বীভৎস হৈ পৰা পৃথিৱীলৈ নতুন এটা সন্তানক আদৰি আনিবলৈ গৈ শিয়ৰি উঠিছে গল্পৰ মূল নাৰী চৰিত্ৰটো ৷
আধুনিক জীৱনবীক্ষাৰ অন্তৰ্নিহিত পাঠোদ্ধাৰৰ সূহ্মতৰ প্ৰয়াসৰ বিপৰীতে জীৱনৰ চিৰাচৰিত আকূতিবোৰৰ প্ৰতি সমানে সচেতন গল্পকাৰগৰাকী ৷ ভোক-যন্ত্ৰনা , প্ৰেম-বিষাদ , শৈশৱ-বৃদ্ধ জীৱন আদি ভিন্ন অনুভূতি আৰু জীৱনৰ ভিন্ন পৰ্বক ভিন ভিন ধৰণেৰে উপস্থাপনৰ প্ৰয়াস আন কেইটামান গল্পত দেখা গৈছে ৷ এগৰাকী বৃদ্ধাৰ সংগ্ৰামী জীৱন আৰু মাতৃস্নেহৰ অনুভৱৰ অনুপম প্ৰকাশ ‘সেই এৰাতি লামপুই বুঢ়ী আৰু এটা গাহৰি পোৱালি’ নামৰ গল্পটো ৷ সংগ্ৰামী জীৱনৰ দুৰ্ভাগ্যৰ একোটা মূহুৰ্তত স্বামী আৰু যমজ সন্তানক হেৰুৱাই অকলশৰীয়া জীৱন কটোৱা লামপুই বুঢ়ীয়ে এৰাতি কটাব লগা হৈছে এটি কণমানি গাহৰি পোৱালিৰ সৈতে ৷ গাহৰি পোৱালিটোৱে বুঢ়ীৰ শুকান স্তন চুহি খোৱা ঘটনাই তেওঁৰ মমতাক পুনৰ জাগ্ৰত কৰিছে ৷ অৱশ্যে নিৰন্ন আৰু নি:সহায় অৱস্থাত সেই ৰাতিয়েই বুঢ়ীৰ মৃত্যু ঘটিছে ৷ মাতৃপ্ৰধান জনজাতীয় সমাজত এক কঠিন জীৱন সংগ্ৰামত পিষ্ট হৈ পৰা লামপুই বুঢ়ীৰ মৰ্মস্তুদ কাহিনী এই গল্পটো ৷ আনহাতে ‘পিল্লি’ আৰু ‘সোণপৰুৱাৰ দেশত মীৰা’ – এই দুয়োটা গল্পতে একাকীত্ব আৰু শৈশৱাচাৰণে মূখ্য ভূমিকা গ্ৰহন কৰিছে ৷ ‘পিল্লি’ গল্পত দেখা গৈছে পিতৃৰ ভৰ্ৎসনাৰ বাবে এসময়ত মৰমৰ মাৰ্বলকেইটা গাঁতত পুতি থৈ বাস্তৱ জীৱনৰ মুখামুখি হোৱা পোনাকণে জীৱনৰ বিয়লি বেলা সেই মাৰ্বলকেইটা হেৰুৱাই পাই উৎফুল্কিত হৈ পৰিছে ৷মাৰ্বলকেইটা হৈ পৰিছে শৈশৱৰ দৰে প্ৰানৱন্ত প্ৰেৰণা ৷ অথচ বৃদ্ধ বয়সত মাৰ্বল খেলাৰ অস্বাভাৱিক উৎসাহত বিৰক্ত হোৱা পত্নীৰ ভৰ্ৎসনাই পুনৰ যেন তেওঁৰ স্বাধীনতাপ্ৰিয় মনক হত্যা কৰিছে ৷ সোঁহাতত সজোৰে প্ৰিয় মাৰ্বলটো খামুচি বিছনাত পৰি ৰোৱা কমল হাজৰিকাই যেন শৈশৱ হেৰুওৱাৰ দুখত কাতৰ হৈ পৰিছে ৷ সন্তানহীনা নাৰীৰ নি:সঙ্গতাৰ মাজেৰে শৈশৱৰ স্মৃতি ৰোমন্থনৰ ছবি ‘সোণপৰুৱাৰ দেশত মীৰা’ শীৰ্ষক গল্পতো প্ৰকাশ পাইছে ৷
ভাল-বেয়া ভিন্ন সহজাত মানৱীয় আচৰণৰ প্ৰতিক্ৰিয়া হিচাপে মনৰ ভিতৰত সৃষ্টি হোৱা অনুভূতিবোৰেই বিপাশা বৰাৰ গল্পৰ কাহিনীৰ ভেটি ৷ পৰিস্থিতিৰ পৰিণতি হিচাপে চৰিত্ৰৰ মৰ্মজগতৰ আঘাত-যন্ত্ৰনাকে ধৰি ভিন্ন অনুভূতিবোৰ গল্পৰ শৰীৰ হৈ পৰিছে লেখিকাৰ কলমত ৷ এনে নহয় যে গল্পৰ বিষয়বস্তু চমৎকাৰী ,অকল্পনীয় কাহিনী বৰ্ণাই পঢ়ুৱৈক অভিভূত কৰি তোলাবিধৰ ৷ অথবা অপ্ৰত্যাশিত নাটকীয় সামৰণিৰে গল্পক বিচিত্ৰ মাত্ৰা দিয়াৰ চেষ্টাও নাই ৷ গল্পৰ বিষয়বস্তুত অভিনৱত্ব নাই বুলিয়েই ক’ব পাৰি ৷ বৰং কেইবাটাও গল্পৰ বিষয়বস্তু পূৰ্বসূৰী গল্পকাৰে পূৰ্বেই স্পৰ্ষ কৰি গৈছে ৷ আচলতে মানুহৰ অনুভূতিৰ মাত্ৰা একেধৰণৰ ,মানৱীয় আচৰণো একেবোৰেই ৷ মাথোন সলনি হয় পৰিৱেশ,পৰিস্থিতি আৰু চৰিত্ৰবোৰ ৷ সেইবাবে মানুহৰ কাহিনীবোৰো একেই থাকে ৷ গল্পকাৰৰ নিজৰো সৰল স্বীকাৰোক্তি –
“ কাহিনীবোৰ মই নক’লে আন কোনোবাই ক’ব ৷ কথক সলনি হয় কোৱাৰ সুৰ অথবা ধৰণটোৰো সালসলনি ঘটে ৷ কিন্তু মই যি বুজিলো ইমানদিনে , মূল কাহিনীবিলাক একেই থাকে ৷” স্বাভাৱিকভাৱেই গল্পকথক হিচাপে বিপাশা বৰাৰ সুৰ সলনি হৈছে ,ধৰণ সলনি হৈছে ৷কিন্তু গল্পৰ কথনৰীতি ইমান সাৱলীল যে যিকোনো শ্ৰোতা (প্ৰকৃততে পঢ়ুৱৈ)ৰ মনক আকৰ্ষণ কৰিবলৈ যথেষ্ট৷কেৱল যথেষ্টই নহয় ,এই শৈলীয়ে অভিনৱত্ব দাবী কৰিবলৈও সক্ষম ৷ সাধাৰণ মানুহৰ কাহিনীবোৰেই বিপাশা বৰাই নিজৰ ধৰণে কোৱাৰ চেষ্টা কৰিছে আৰু এই চেষ্টাৰ মাজেৰেই গল্পকাৰৰ মৌলিকত্ব ফুটি উঠিছে ৷ ব্যক্ত কৰিব খোজা কথা প্ৰভাৱশালী ৰূপত উপস্থাপন হৈছে গল্পসমূহত ৷ আৰম্ভণিৰ পৰা পঢ়ুৱৈক মন্ত্ৰমুগ্ধ কৰি শেষপৰ্যন্ত ধৰি ৰখাৰ কথনকৌশল আয়্ত্ত কৰিছে গল্পকাৰগৰাকীয়ে ৷
লেখিকা শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত, অসম জাতীয় বিদ্যালয়, নুনমাটি ,গুৱাহাটী -২০
No comments:
Post a Comment