পলকতে সুখ-দুখৰ বতৰাঃ ১৫ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ১৫ আগষ্ট

পলকতে সুখ-দুখৰ বতৰাঃ ১৫ আগষ্ট

Share This
জিৰ ভাল খবৰবোৰ
১. আজি দেশজুৰি পালিত হৈছে ৬৯তম ভাৰতীয় স্বাধীনতা দিৱস। এই উপলক্ষে দেশৰ ৮২৪গৰাকী জোৱানলৈ সাহসিকতাৰ বঁটা আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। সেনাবাহিনীৰ সাহসিকতা বঁটা অসমৰ লীলাকান্ত কাকতি, আবু বক্কৰ বৰভূঞা আৰু কিশোৰ বসুমতাৰীৰ লগতে মৰণোত্তৰ ভাৱে দ্ৰোণকান্ত দলৈলৈ আগবঢ়োৱাৰ সুখবৰ। একেদৰে অসম আৰক্ষীৰ ১০গৰাকী ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটা আৰু ছজনলৈ আৰক্ষীৰ উতকৰ্ষতা বঁটা আগবঢ়োৱা হৈছে।

২. অসম চৰকাৰেও মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা কৰিছে। অৰ্থনৈতিক অপৰাধ শাখাৰ মনমোহন বড়ো, হামৰেনৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰী, শিৱসাগৰৰ জয়ন্ত সাৰথি বৰা, চিআইডিৰ চামচুল আলম আহমেদ. চিৰাঙৰ মনোজ নাৰ্জাী, তিনিচুকীয়াৰ জয়শংকৰ ৱাৰী, অসম আৰক্ষী বেটেলিয়েনৰ ৰঞ্জিত গৈ, বিশেষ শাখাৰ ৰিণ্টু নেওগ, হামৰেণৰ লংচিং ৰাহাং আৰু শিৱসাগৰৰ বাহাৰুল ইছলামলৈ মুখ্যমন্ত্ৰীৰ মেডেল প্ৰদান কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

৩. স্বাধীনতা দিৱসৰ উপলক্ষত অসম চৰকাৰে ১০গৰাকী অসমীয়া সাহিত্যিকলৈ ২০১৫-১৬ বৰ্ষৰ সাহিত্যিক পেঞ্চন আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছে। লগতে ২০গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে সাহিত্য বঁটা। আনফালে সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০গৰাকী শিল্পীলৈ মাহে মাহে চাৰি হাজাৰ টকাকৈ শিল্পী পেঞ্চন ঘোষণা কৰাৰ লগতে আঠ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ দুহেজাৰ টকাকৈ পৰিয়াল পেঞ্চন ঘোষণা কৰিছে। একেদৰে ৫০গৰাকী শিল্পীলৈ বিশ হাজাৰ টকাকৈ এককালীন সাহাৰ্য আৰু ১২গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ ৪০হাজাৰকৈ টকাৰ বিশেষ এককালীন সাহাৰ্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছে।

৪. এখন টেষ্টত আঠটাকৈ কেচ ধৰি এক অনন্য অভিলেখৰ গৰাকী হ’ল ভাৰতীয় ক্ৰিকেটাৰ অজিংক্য ৰাহানেই। শ্ৰীলংকাৰ বিৰুদ্ধে গালেত হোৱা প্ৰথমখন টেষ্টৰ তৃতীয় দিনা তেওঁ এই গৌৰৱৰ অধিকাৰী হয়।

৫. সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ উদ্যোগত চলা চিৰাং ফুটবল চেম্পিয়নশ্বিপ-২০১৫ৰ সফল সামৰণি পৰিছে চিৰাঙৰ কাজলগাঁৱত। ৬টা মণ্ডলত চলা খেলত ৬৪টা দলে অংশ লোৱাৰ পাছত ফাইনেল খেলত পাণবাৰীক পৰাজিত কৰি খুংগ্ৰীং স্পৰ্টিঙ ক্লাৱে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ফণীন বসুমতাৰী শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বিবেচিত হয়।

৬. বৰপেটা ষ্টেডিয়ামত কাইলৈৰ পৰা দ্বিতীয় বৰ্ষৰ উমেশ চন্দ্ৰ শৰ্মা সোঁৱৰণী প্ৰাইজমানী প্ৰতিযোগিতা অনুষ্ঠিত হব আৰু এই প্ৰতিযোগিতাত নামনি অসমৰ ২৪টা দলে অংশগ্ৰহণ কৰিব। ইফালে হাউলীত চলি আছে সুনীল কলিতা সোঁৱৰণি ফুটবল প্ৰতিযোগিতা।

৭. কাইলৈ নলবাৰী ছুপাৰ স্পেচিয়েলিটী ক্লিনিকৰ উদ্ধোধন কৰিব ৰাজহ মন্ত্ৰী ভূমিধৰ বৰ্মনে। ইয়াৰ দ্বাৰা নামনি অসমৰ ৰাইজে বিশেষজ্ঞৰ সেৱা পোৱাত সহায়ক হব বুলি আশা প্ৰকাশ পাইছে। উক্ত দিনাই “কৰ্কট ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ” শীৰ্ষক এখনি সজাগতা সভাও আয়োজিত হৈছে।

৮. প্ৰাগজ্যোতিষ চেণ্টাৰ ফৰ কালচাৰেল ৰিছাৰ্চে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সহযোগত অহা ১৭ আগষ্টৰ পৰা “লাইন বিটুইন ইউ এণ্ড মি” শীৰ্ষক চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। অহা ২২আগষ্টলৈ চলিব লগা চিত্ৰ প্ৰদৰ্শনীখন উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই।

৯. অসম বিজ্ঞান সমিতিয়ে অহা ১৬আগষ্টৰ পৰা আৰম্ভ কৰিবলগীয়া জ্যোৰ্তিবিজ্ঞান বিষয়ৰ পাঠদানৰ সৈতে সংগতি ৰাখি বিশেষ ভাৱে আকাশ দৰ্শনৰ এক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। শনি গ্ৰহৰ বলয়, বিভিন্ন জ্যোতিষ্ক আদি পৰ্যবেক্ষণৰ বাবে এই কাৰ্যসূচীৰ অধীনতে ব্যৱস্থা কৰা হৈছে।

১০. মুঠ ৫১গৰাকী বিশিষ্ট ব্যক্তিৰ লেখনি আৰু মূল্যায়নেৰে কাইলৈ গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হব “খগেন মহন্তঃ অসাধাৰণ শিল্পী, সাধাৰণ মানুহ” শীৰ্ষক গ্ৰন্থখনি। পাৰ্থপ্ৰতিম হাজৰিকাই সম্পাদনা কৰা গ্ৰন্থখনিৰ প্ৰকাশক সাহিত্য প্ৰকাশ। উন্মোচনীত অংশ লব সাহিত্যিক অৰুণ শৰ্মা আৰু শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে।

No comments:

Post a Comment