ৰাজনৈতিক বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি গমন  
দীপাংকৰ মল্ল বৰুৱা
অৱশেষত অসমৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দি ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। সুদীৰ্ঘ কাল কংগ্ৰেছ দলত শক্তিশালী ভূমিকা গ্ৰহণ কৰা ড° শৰ্মাই কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীলৈ যোৱাটোৱে আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ ফলাফলত নিশ্চয়কৈ যথেষ্ট প্ৰভাৱ পেলাব।

অসমৰ ৰাজনীতিত উচ্চ শিক্ষিত, তীক্ষ্ণ বুদ্ধিৰ আৰু চিন্তাশীল নেতাৰ খুব অভাৱ। ৰাজ্যখনক শোচনীয় অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ এজন কৰ্মদক্ষ আৰু স্বপ্নদ্ৰষ্টা নেতাৰ বৰ প্ৰয়োজন হৈছে। এনে সন্ধিক্ষণত আগন্তুক ২০১৬ চনৰ নিৰ্বাচনৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব সকলোতকৈ বৃদ্ধি পাইছে। এটা কথা নিশ্চিত ভাৱে ক’ব পাৰি যে মানুহে তেওঁক ভাল পাব পাৰে বা বেয়া পাব পাৰে, কিন্তু অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাক কোনেও আওকান কৰিব নোৱাৰে। আগন্তুক ২০১৬ চনৰ নিৰ্বাচনত তেওঁ যে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব সেই কথা খাটাং বুলিয়েই ক’ব পাৰি।

হোমেন বৰগোহাঞিয়ে ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ একমাত্ৰ Thinking Politician বুলি কৈছে। ইতিমধ্যে কেইবাটাও সময়োপযোগী আৰু চিন্তাকৰ্ষক প্ৰৱন্ধ লিখি ড° শৰ্মাই অসমৰ বিদ্বৎ মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ ৰচনা সমূহৰ সংকলন ‘সমাগত সময়’ নামৰ গ্ৰন্থখন অভিলেখ সংখ্যক বিক্ৰী হৈছে। মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ কাম মানুহে এতিয়াও শলাগে। তেওঁ যিকেইটা বিভাগৰ দায়িত্বত আছিল, সেই কেইটা বিভাগে তেওঁৰ কাৰ্যকালৰ সময়ত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হৈছিল। তেওঁ সাহস আৰু কৰ্মদক্ষতাৰে শিক্ষা আৰু স্বাস্থ্যৰ দৰে দুটা গুৰুত্বপূৰ্ণ বিভাগত যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। ড°শৰ্মাই দায়িত্ব এৰাৰ পৰাই এই বিভাগ কেইটাৰ অৱস্থা আকৌ পানীত হাঁহ নচৰা হৈ পৰালৈ চাই এই কথা নিশ্চয়কৈ ক’ব পাৰি যে তেওঁ নিজৰ কাৰ্যকালত যথেষ্ট দক্ষতাৰে এই বিভাগ কেইটাৰ পৰিচালনা কৰিছিল। ড° শৰ্মাই জালুকবাৰী সমস্তিত যিখিনি কাম কৰিছে, সিমানখিনি কাম হয়তো অসমৰ কোনো মন্ত্ৰী বিধায়কে আজিলৈকে নিজৰ সমষ্টিত কৰা নাই। অসমৰ বহুতো মানুহে বিশ্বাস কৰে যে হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ 'ৰাজনৈতিক' নেতৃত্ব দিবলৈ আটাইতকৈ উপযুক্ত ব্যক্তি।

হোমেন বৰগোহাঞিয়ে ড° শৰ্মাৰ বিষয়ে আন এটা তাত্পৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু তেওঁ নিজেই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসক যিদৰে আছে, সেইদৰে তেওঁক বেয়া পোৱা মানুহো বহুত আছে। ছাত্ৰ অৱস্থাৰ পৰাই পৰা ৰাজনীতিৰ লগত জড়িত ড° শৰ্মা সৰুৰে পৰা অতি উচ্চাকাংক্ষী বুলি জনা যায়। তেওঁ ছল চাই কঠিয়া পৰাত সিদ্ধহস্ত আৰু তেওঁৰ সময়ৰ শৰ সময়ত মাৰিব জনাৰ গুণত তেওঁ অসমৰ ৰাজনীতিত সদায় এক আগশাৰীৰ স্থান দখল কৰি আহিছে। তেওঁৰ ঈৰ্ষনীয় বাকপটুতা আৰু তীক্ষ্ণ বুদ্ধিমত্ততাই তেওঁক অসমৰ আন সকলো ৰাজনৈতিকতকৈ বহুযোজন আগত ৰাখিছে। বিধান সভাৰ বিতৰ্কতে হওক বা সংবাদ মাধ্যমৰ লগত হোৱা তৰ্কা তৰ্কিতে হওক, হিমন্ত বিশ্ব শৰ্মাৰ লগত কথাৰে বা যুক্তিৰে ফেৰ মাৰিব পৰা ব্যক্তি খুব কমেই আছে। আনহাতে তেওঁৰ এনে ঈৰ্ষণীয় গুণ সমূহে হয়তো তেওঁক ৰূপান্তৰিত কৰিছে এজন প্ৰৱল দাম্ভিক আৰু স্বৈৰাচাৰী ব্যক্তিলৈ।

হিমন্ত বিশ্ব শৰ্মাক এজন অতি চতুৰ ৰাজনৈতিক বুলিও জনা যায়। তেওঁ নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে বুলিও তেওঁৰ বদনাম আছে। ৰাজ্যসভা নিৰ্বাচনত তিনিজনকৈ বিৰোধী দলৰ বিধায়কক গাড়ীত বহুৱাই আনি নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰোৱাই হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ৰাজনৈতিক দুষ্কাৰ্য সংঘটিত কৰিছিল। যোৱাবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত কেইবাজনো বিৰোধী দলৰ বিধায়কক ক্ৰছ ভোটিং কৰিবলৈ প্ৰৰোচিত কৰা বুলি তেওঁ নিজ মুখেই স্বীকাৰ কৰিছে। ছলে বলে কৌশলে নিৰ্বাচনী ৰণত জয়লাভ কৰাৰ সকলো কিটিপ তেওঁৰ নখ দৰ্পনত। সেয়েহে নিৰ্বাচনী ৰাজনীতিৰ কুট কৌশলত হিমন্ত বিশ্ব শৰ্মাৰ সমকক্ষ অসমৰ ৰাজনীতিত কোনো নাই। ২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে বিপুল সংখ্যক আসনত জয়যুক্ত হোৱাৰ আঁৰত হিমন্ত বিশ্বৰ অৱদানেই সৰ্বাধিক আছিল বুলি জনা যায়।

হিমন্ত বিশ্ব শৰ্মা বহুদিন ধৰি কংগ্ৰেছ দলতেই এজন বিতৰ্কিত ব্যক্তি হৈ আছিল। ২০১১ চনত কংগ্ৰেছ দল বিপুল সংখ্যক আসনেৰে একেৰাহে তৃতীয়বাৰ নিৰ্বাচিত হৈ অহাৰ পিছত নি:সন্দেহে এজন প্ৰভাৱশালী নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলত অধিক গুৰুত্ব বিচাৰিছিল। হয়তো তেওঁ আশা কৰিছিল যে প্ৰায় একক প্ৰচেষ্টাৰে ইমানবোৰ আসনত দলক জয়ী কৰোৱাৰ পুৰষ্কাৰ স্বৰূপে কংগ্ৰেছ হাইকমাণ্ডে তৰুণ গগৈৰ ঠাইত তেওঁক অসমৰ মুখ্যমন্ত্ৰী হিচাপে অধিস্থিত কৰিব। কিন্তু পৰৱৰ্তী লোকসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ হিচাপত ব্যস্ত কংগ্ৰেছৰ হাইকমাণ্ডে তৃতীয়বাৰৰ বাবে তৰুণ গগৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰী পাতিলে। তদুপৰি তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ধুমকেতুৰ দৰে অসমৰ ৰাজনীতিত অৱতীৰ্ণ হ’ল। গৌৰৱ গগৈক মুখ্যমন্ত্ৰীয়ে অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰাৰ লগে লগে বহুদিনৰ পৰা দলৰ বাবে নিষ্ঠাৰে কাম কৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ আশাত চেঁচাপানী পৰিবলৈ ল’লে। আনহাতে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা কংগ্ৰেছৰ যুৱ বিধায়ক সকলৰ বাবে হিমন্ত বিশ্ব শৰ্মা এজন নায়কত পৰিণত হ’ল। এই বিধায়ক সকলৰ দলীয় টিকট পোৱাত আৰু জয়লাভ কৰাতো হিমন্ত বিশ্ব শৰ্মাৰ বহুত অৰিহণা আছিল। মন্ত্ৰীসভাত স্থান বা কোনো গুৰুত্বপূৰ্ণ দায়িত্বভাৰ নাপাই অসন্তুষ্ট হৈ থকা এই যুৱ বিধায়ক সকল আৰু গগৈ মন্ত্ৰীসভাত থিতাপি নোহোৱা কেইজনমান অসন্তুষ্ট জ্যেষ্ঠ কংগ্ৰেছী নেতাই হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে লৈ কংগ্ৰেছৰ ভিতৰচৰাত আৰম্ভ কৰিলে বিসম্বাদৰ ৰাজনীতি। এসময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোঁহাত স্বৰূপ হিমন্ত বিশ্ব শৰ্মা ক্ৰমান্বয়ে মুখ্যমন্ত্ৰীৰ অবাধ্য নেতাত পৰিণত হ’ল। আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে পৰিচালনা কৰা টেলিভিচন চেনেলত মুখ্যমন্ত্ৰী গগৈ আৰু অসম চৰকাৰৰ বিৰুদ্ধে সঘনে বাতৰি প্ৰচাৰ হ’বলৈ ধৰাত মুখ্যমন্ত্ৰী গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিতুষ্ট আৰু খড়্গহস্ত হৈ পৰিল। জি এছ ৰোড কাণ্ড আৰু এই কাণ্ডত উক্ত টেলিভিছন চেনেলেটোৰ ভূমিকাই অসম চৰকাৰক লজ্জ্বাত শিৰণত কৰালে আৰুসেয়াই হয়তো গগৈ আৰু হিমন্তৰ মাজত দীৰ্ঘদিনীয়া তিক্ততাৰ সূত্ৰপাত ঘটালে। গৌৰৱ গগৈৰ নাম অসমৰ ভাবী মুখ্যমন্ত্ৰী ৰূপে চৰ্চালৈ অহাৰ পিছৰে পৰা বিসম্বাদৰ ধুমুহা জোৰেৰে ববলৈ আৰম্ভ কৰিলে।

বিসম্বাদৰ পৰিণতিত হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হ’ল। হাইকমাণ্ডে হয়তো তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈ দলক নেতৃত্ব দিয়া তৰুণ গগৈৰ ওপৰত অধিক ভৰসা কৰিলে। হিমন্ত বিশ্ব শৰ্মাক দলীয় কাম কাজৰ পৰাও একাষৰীয়া কৰি ৰখা হ’ল। বিসম্বাদৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক আগুৱাই দিয়া বহু কেইজন নেতাই পৰিৱৰ্তিত পৰিস্থিতিত হাইকমাণ্ডৰ সঁহাৰি নাপাই গগৈ শিবিৰলৈ প্ৰত্যাৱৰ্তন কৰিলে। কেইবাজনেও মন্ত্ৰীপদ গ্ৰহণ কৰিলে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নিস্থাবান সমৰ্থক যুৱ বিধায়ক কেইজন দলৰ ভিতৰতে যেন এলাগী হৈ পৰিল। এসময়ৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলতে গুৰুত্বহীন কৰি পেলোৱা হ’ল।

আনহাতে ড° শৰ্মা কংগ্ৰেছ দলত গুৰুত্বহীন হোৱাৰ সময়তে তেওঁৰ বিৰুদ্ধে নানান দুৰ্নীতিৰ অভিযোগ উত্থাপন হ’বলৈ ধৰিলে। সাৰদা কেলেংকাৰীতো তেওঁৰ নাম সাঙোৰ খাই পৰিছিল। তেওঁৰ পত্নীৰ দ্বাৰা সঞ্চালিত টেলিভিচন চেনেলতো এই বিষয়ত তালাচী চলোৱা হৈছিল। শেহতীয়াকৈ লুই বাৰ্জাৰ উপঢৌকন কেলেংকাৰীতো তেওঁৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে। এই দুয়োটা অভিযোগৰ ক্ষেত্ৰত শাসনাধিস্থ কংগ্ৰেছ চৰকাৰ খনে তেওঁৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখাটো লক্ষণীয় হৈ পৰিছিল। অৱশ্যে এইটোও সত্য যে এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠা দুৰ্নীতিৰ অভিযোগ এতিয়ালৈ প্ৰমাণিত হোৱা নাই। এই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ বাবে আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনত জয়লাভ কৰাৰ লক্ষ্য পূৰণ কৰিবলৈ এক শক্তিশালী নেতৃত্বৰ প্ৰয়োজন হৈছে। তেনে সময়ত ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদানে দলটোৰ এক বহুদিনীয়া অভাৱ পূৰণ কৰিব। কিন্তু সেই একে সময়তে ড° হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলৰ কেইবাজনো সহযোগীৰ সৈতে কৰা যোগদানে ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাত আভ্যন্তৰিণ ভূঁইকপৰ সৃষ্টি কৰাৰো সম্ভাৱনা আছে। যিয়েই নহওক অসমৰ ৰাইজে নিশ্চয় আশা কৰিব যে উচ্চ শিক্ষিত, তীক্ষ্ন বুদ্ধিসম্পন্ন নেতা হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যখনৰ এক সুযোগ্য নেতৃত্ব দিবলৈ সমৰ্থ হ’ব।

দুলীয়াজান, ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment