পলকতে সুখ-দুখৰ বতৰাঃ ২আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ২আগষ্ট

পলকতে সুখ-দুখৰ বতৰাঃ ২আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১. কালামৰ চিন্তাৰে উদ্বুদ্ধ সকললৈ সুখবৰ৷ পাফিন বুকচে প্ৰকাশ কৰিব “ ইগনাইটেড মাইণ্ড” ৰ পিছৰ অংশ “মাই ইণ্ডিয়া , আইডিয়াছ ফ’ৰ ফিউচাৰ ” শীৰ্ষক কিতাপখন ৷ সদ্যপ্ৰয়াত ৰাষ্ট্ৰপতিজনাৰ কাৰ্যকালৰ পিছৰছোৱাৰ আন্ত:প্ৰজ্ঞাদীপ্ত ভাষনসমূহ সংকলিত হ’ব এই গ্ৰন্থখনত ৷


২. যোৰহাটৰ পৰা ১২ কি: মি: দক্ষিণে ন- আলি ঢেকীয়াজুলিৰ তুৱাকান্ত নাট্য মঞ্চত ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে শিল্পী ড° ৰঞ্জিত বৰুৱাৰ দ্বাৰা নিৰ্মিত মহাপুৰুষ শংকৰদেৱৰ কাল্পনিক প্ৰতিমূৰ্তি দুদিনৰ বাবে অস্থায়ীভাৱে ভক্তৱান ৰাইজৰ দৰ্শনাৰ্থে প্ৰতিষ্ঠা কৰি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডা° ধ্ৰুৱজ্যোতি বৰাই ৷

৩. জুলাইৰ শেষৰ দিনটোত পেট্ৰ’ল, ডিজেল আৰু ৰাজসাহাৰ্যবিহীন ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা হৈছে ৷ তেল মন্ত্ৰনালয়ৰ বিজ্ঞপ্তি অনুসৰি পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৪৩ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩.৬০ টকা হ্ৰাস হৈছে৷ লগতে ৰাজসাহাৰ্যবিহীন গেছৰ চিলিণ্ডাৰত ২৩.৫০ টকাকৈ হ্ৰাস কৰা হৈছে ৷

৪. মহান নাট্যশিল্পী ফণী শৰ্মাৰ ৪৫ সংখ্যক স্মৃতি দিৱস তেজপুৰ সাহিত্য সভাৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত এই বছৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰা ভোলা কলিতা , বুৰঞ্জীবিদ মাধৱ চন্দ্ৰ দাস ,বিষ্ণুৰাভা বঁটা প্ৰাপক অভিনেত্ৰী কৃষ্ণা নাথ দাস আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

৫. কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৰ্কট ৰোগীৰ বাবে আঞ্চলিক কৰ্কট প্ৰতিষ্ঠানসমূহত ৫০ লাখ টকাকৈ চলমান পুঁজি গঠন কৰা হৈছে আৰু ব্যক্তিগত কৰ্কট ৰোগীলৈ ২লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈ আহিছে ৷

৬ . ভাৰতৰ অঁনাতাৰ প্ৰসাৰ সেৱাৰ জ্যেষ্ঠ বিষয়া গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ উপ সঞ্চালকপ্ৰধান দেৱেন্দ্ৰ নাথ বসুমতাৰীক দূৰদৰ্শনৰ উত্তৰ-পূৱ মণ্ডল আৰু পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে ৷

৭. পণ্ডিচেৰীত অনুষ্ঠিত দ্বিতীয় ষ্টুডেন্ট অলিম্পিক গেমছত অসমে ছটা স্বৰ্ণ , দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ দলটোৰ তন্ময় দুৱৰা , জন গয়াৰী , ভবিন গগৈ, মুছাই টুডু, সুমিত মুছাহাৰী আৰু ইজিবেল দৈমাৰীয়ে স্বৰ্ণপদক লাভ কৰাৰ লগতে ধনেশ্বৰ বসুমতাৰী, লাকী দৈমাৰীয়ে ৰূপ আৰু চুনিৰাম টুডু আৰু জুবিতা বড়োয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷

৮. চীনা সীমান্তৰ কাষেৰে ভাৰতে সুদীৰ্ঘ ১,৩৫২ কি:মি: দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণৰ প্ৰক্ৰিয়া  আৰম্ভ কৰিছে ৷ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই কথা ঘোষণা কৰে ৰে’ল ৰাজ্যমন্ত্ৰী মনোজ সিনহাই ৷

৯. ৰাজ্য চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আহি গুৱাহাটীত বাস কৰা বা যাৱতীয় কাম-কাজৰ বাবে অহা লোকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ আৰক্ষী আয়ুক্তৰ অধীনত বিশেষ উত্তৰ পূৱ সুৰক্ষা কোষ স্থাপন কৰিছে ৷ এতিয়াৰ পৰা ০৩৬১-২৪৫৭৯১৭ বা ০৩৬১-২৪৬১৫৫৬ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

১০ . দেশত খুচুৰা মুদ্ৰাৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ১৫ কোটিকৈ এটকীয়া নোট ছপা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

No comments:

Post a Comment