সুখ-দুখৰ বতৰাঃ ২৫ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২৫ আগষ্ট

সুখ-দুখৰ বতৰাঃ ২৫ আগষ্ট

Share This
আজিৰ ভাল খবৰবোৰ
১) চীনদেশৰ চৰকাৰী বিজ্ঞান-প্ৰযুক্তি বিভাগ আৰু আই.এন.বি.এ.আৰৰ যৌথ সহযোগত আজি ২৫ আগষ্টৰপৰা হ'বলগীয়া এক কৰ্মশালাত ভাল ল'বৰ বাবে আমন্ত্ৰণ লাভ কৰা ভাৰতৰ তিনিজন ব্যক্তিৰে এজন হৈছে অসমৰ সৰুপথাৰৰ প্ৰিয়ম বল্লভ গোস্বামী । এই কৰ্মশালাত কাঠৰ বাদে আন বনজ সম্পদ বিশেষকৈ বাঁহৰপৰা পাবপৰা বিভিন্ন সামগ্ৰীৰ উদ্যোগীকৰণ আৰু বাণিজ্যিকীকৰণৰ গুৰুত্ব দি আলোচনা অনুষ্ঠিত হ'ব । দিল্লীৰ স্কুল অব প্লেনিং এণ্ড আৰ্কিটেকছাৰৰ পৰা সুখ্যতিৰে স্নাতক ডিগ্ৰী লাভ কৰা গোস্বামীয়ে গোলাঘাটৰ টেঙানিত 'ধনশিৰি অৰণ্য মহাবিদ্যালয়' স্থাপন কৰাৰ লগতে টেঙানি অঞ্চলটোক ইক'-ভিলেজ হিচাপে গঢ়ি তোলাৰ বাবে নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিছে ।

২) ভাৰতীয় জী‌ৱন বীমা নিগমৰ কৰ্মচাৰী পাঠশালাৰ আনন্দ খাটনীয়াৰে ২০১২ চনৰে পৰা আৰম্ভ কৰা 'গ্ৰীণ মিছনে' ইতিমধ্যে প্ৰায় দহ হাজাৰৰো অধিক গছপুলি সমগ্ৰ বজালী মহকুমাতে ৰোপন কৰি ইয়াৰ উপযুক্ত সংৰক্ষণৰো ব্য‌ৱস্থা হাতত লৈছে । উল্লেখ্যে যে এয়া শ্ৰী খাটনীয়াৰৰ সম্পূৰ্ণ নিজস্ব প্ৰচেষ্টা ।

৩) সদ্যসমাপ্ত  ১১তম সৰ্বভাৰতীয় স্বাধীনতা কাপ কেৰাটে প্ৰতিযোগিতাত অসমে ১০টা সোণ, ৪টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰে মুঠ ২১ টা পদক অৰ্জন লাভ কৰি সুনাম কঢ়িয়াই আনিছে ।

৪) ২০১২ চনত অক্সিজেন অবিহনেই এভাৰেষ্ট শৃংগ বগাবৰ বাবে যো‌ৱা জাপানৰ নোবুকাজো কোৰিকীক ৩দিনৰ মাজত বিচাৰি পো‌ৱা গৈছিল বৰফৰ স্তুপৰ মাজত । সেই সময়ত হো‌ৱা ফ্ৰষ্ট বাইটৰ বাবে তেওঁৰ হাত দুখন বচাবৰ বাবে এটা মাত্ৰ বুঢ়া আঙুলি বাদ দি বাকী নটা আঙুলী কাটি পেলো‌ৱা হৈছিল । অদম্য সাহস আৰু প্ৰেৰণাৰ উৎস এই ব্যক্তিজনে অহা ছেপ্তেম্বৰ মাহত এভাৰেষ্ট জয় কৰাৰ উদ্দেশ্যেৰে পঞ্চমবাৰৰ বাবে  নেপাললৈ গমন কৰিব ।

৫) ২৫৭০ কোটি টকা মূলধনেৰে ভাৰতীয় বেংকিং জগতত এটি নতুন পদচিহ্ন পেলাই কালি স্থাপিত হ'ল এটি নতুন বেংক - "বন্ধন বেংক" । বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কালি কলকাতাৰ চাইন্স চিটি প্ৰেক্ষাগৃহত এই বেংকটোৰ শুভ উদ্বোধন কৰে । উল্লেখ্য এই বেংকটোৰ ৬৫ টা শাখা অসমত স্থাপন কৰা হ'ব আৰু সাধাৰণ চেভিংছ একাউন্টৰ ক্ষেত্ৰত এই বেংকে গ্ৰাহকক দিবলগা সুতৰ হাৰ বৰ্তমানে  অন্য সকলো ৰাষ্ট্ৰীয়কৃত বেংকে দি থকা হাৰতকৈ কিছু বেছি হ'ব ।

৬) পূঁজিৰ অভা‌ৱত মেধা‌ৱী ছাত্ৰ-ছাত্ৰীক 'নাছা'লৈ নিয়া আঁচনি ৰাজ্য চৰকাৰে বন্ধ কৰিবলৈ লো‌ৱাৰ সময়তে নেছনেল পাব্লিক স্কুলে বিজ্ঞান শাখাত স্থানপ্ৰাপ্ত এজন ছাত্ৰ বা ছাত্ৰীক নাছা পৰিদৰ্শনৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে । এই উপলক্ষে তেওঁলোকে এটি সাক্ষাৎকাৰ অনুষ্ঠিত কৰি ১২ দিনীয়া বিনামূলীয়া ভ্ৰমণৰ সুবিধা লাভ কৰিব পৰা সেই বিশেষ ছাত্ৰ বা ছাত্ৰীগৰাকী বাচনী কৰিবৰ বাবে আজি যো-জা চলাইছে ।

৭)গু‌ৱাহাটীৰ বৰাগাঁ‌ৱত অ‌ৱস্থিত ভাৰত চৰকাৰৰ প্লাষ্টিক আ‌ৱৰ্জনা ব্য‌ৱস্থাপনা কেন্দ্ৰৰ অন্তৰ্গত 'চিপেট' অনুষ্ঠানটিয়ে দুখীয়া অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 'মেছিন অপাৰেটৰ'ৰ বিনামূলীয়া প্ৰশিক্ষণৰ আয়োজন কৰিছে। এই প্ৰশিক্ষণৰ বাবে প্ৰাৰ্থী ন্যুনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব । স‌ৱেশেষ জানিবৰ বাবে ৭৩৯৯০৩১৯১৮/ ৯৮৫৪০৪৭২৭ এই নম্বৰত ফোনযোগে যোগাযোগ কৰিব পাৰিব ।

৮) বিভিন্ন অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব নো‌ৱাৰা ল'ৰা-ছো‌ৱালীসকলে বাবে নিজে পঢ়া-শুনা কৰি কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ পৰা পৰীক্ষা দিব পাৰে । যো‌ৱা ২৩ আগষ্টত এই মুক্ত বিদ্যালয়ে অনু্ষ্ঠিত কৰা বিভিন্ন শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাত কে‌ৱল লক্ষীমপুৰ জিলাৰপৰাই প্ৰায় ৮৯ হাজাৰ পৰিক্ষাৰ্থী অ‌ৱতীৰ্ণ হৈছে ।

৯) হত্যাৰ অপৰাধেৰে দণ্ডিত ১০ জন অপৰাধীক কালি মৰিগা‌ৱঁৰ জিলা আৰু সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশে যাৱজ্জী‌ৱন কাৰাদণ্ডৰে শাস্তি প্ৰদান কৰে ।

১০) বঙাইগাওঁ জিলাৰ বাঁশবাৰী গাঁ‌ৱৰ আমিৰুল ইছলামে যৌতুকৰ দাবীত পত্নীক হত্যা কৰাৰ অপৰাধত তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

No comments:

Post a Comment