পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১৷ মাইক্ৰফাইনেঞ্চ প্ৰতিষ্ঠানৰ পৰা পূৰ্ণ পৰ্যায়ৰ বেংক হোৱা দেশৰ প্ৰথমটো প্ৰতিষ্ঠান ৰূপে কালি শুভাৰম্ভ হয় "বন্ধন বেংক"ৰ। বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে উদ্বোধন কৰা বেংকটোৱে ১.৩৪কোটি একাউণ্ট আৰু ১০,৫০০কোটি টকা লোন দিয়াৰ  অভিজ্ঞতাৰে এই যাত্ৰা আৰম্ভ কৰিছে। প্ৰথম দিনাই বেংকটোত ৮০কোটি টকা জমা হোৱা বুলিও সুখবৰ প্ৰকাশ পাইছে।

২ ৷ এক্ট ইষ্ট পলিচী সম্পৰ্কে জন-সচেতনতা সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটীৰ নেডফি গৃহত অনুষ্ঠিত এক আলোচনা চক্ৰত মূখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি সৰ্বানন্দ সোনোৱালে উত্তৰ পূৰ্বাঞ্চলত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে৷

৩ ৷ অসম সাহিত্য সভাই এইবাৰ প্ৰকাশ কৰিব ইঞ্জিনিয়াৰিঙৰ শব্দকোষ ৷ এই প্ৰচেষ্টাৰ প্ৰথম পদক্ষেপৰূপে চিভিল ইঞ্জিনিয়াৰিঙৰ শব্দকোষখন ২০১৬ চনৰ শেষভাগলৈ প্ৰকাশ হৈ ওলোৱাৰ সম্ভাৱনা আছে৷

৪ ৷
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বপ্ৰতিভাৰে উজলি উঠিছে এগৰাকী অসমীয়া বিজ্ঞানী৷ ড0 মুকুট গোহাঁইয়ে তেজস্ক্ৰীয়তা নিৰ্ধাৰণত ব্যৱহৃত জৈৱ যৌগৰ ঔদ্যোগিক সংশ্লেষণৰ উন্নত প্ৰযুক্তি উদ্ভাৱনত সফলতা লাভ কৰিছে ৷ উল্লেখ্য আমেৰিকাৰ আধিপত্যক নেওচি দক্ষিণ আফ্ৰিকাৰ প্ৰতিষ্ঠান কেমিকেল প্ৰ’চেছ টেকন’ল’জীৰ তত্বাৱধানতাত তেওঁ গৱেষণা কৰিছিল৷ 

৫ ৷ উত্তৰ পূৰ্বাঞ্চলৰ পটভূমিত নিৰ্মিত চলচিত্ৰক লৈ দিল্লীত আৰম্ভ হৈছে তিনিদিনীয়াকৈ “উত্তৰ পূৱ চলচিত্ৰ মহোৎসৱ”৷ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোড় আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে “উত্তৰ পূৰ্বাঞ্চলৰ সুবাস” নামৰ এই মহোৎসৱ উদ্বোধন কৰে৷

৬ ৷ মালালা ইউচুফজায়ে কেৱল সামাজিক কাম কাজতে নহয়, শিক্ষাৰ ক্ষেত্ৰতো বিশেষ কৃতিত্ব লাভ কৰিছে ৷ বৃটেইনত অধ্যয়নৰত মালালাই বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত ছটা বিষয়ত এ ষ্টাৰ গ্ৰেডসহ অ’ পৰ্যায়ৰ ফলাফল লাভ কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

৭ ৷ বিশিষ্ট কবি গায়ত্ৰী সেনৰ তিনিখন কবিতা পুথি “হাত দিলেই পোৰেনে জুইৰ মাজত” “দাই নিয়া ধাননি পথাৰৰ লেছেৰি” “সোণালী ধাননি পথাৰৰ ফালে” গুৱাহাটীৰ প্ৰেছ ক্লাবত উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোঁহাই, কবি-সমালোচক ৰবীন্দ্ৰ বৰা, কবি সমীৰ তাঁতী আৰু লেখিকা ৰাণী গোঁহায়ে৷

৮ ৷ কামৰূপ কাৰিকৰী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ হীৰক জয়ন্তীত উপস্থিত থাকি শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে ঘোষণা কৰে যে অচিৰেই শিক্ষাক্ষেত্ৰত খালী হোৱা পঞ্চাশ হাজাৰ পদ পূৰণ কৰা হ’ব৷

৯ ৷ ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ স্বপ্নৰ শিশু প্ৰকল্প “আৰোহনলৈ” নুমলীগড় ৰিফাইনেৰী টাউনশ্বিপৰ কল্যাণী ক্লাবে এক লাখ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ সুখবৰ৷

১০ ৷ দৈনিক অসমৰ সোনালী জয়ন্তী উপলক্ষে মঙলদৈত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ডা: ধ্ৰুৱজ্যোতি বৰাই৷অনুষ্ঠানত উপস্থিত থাকে সম্পাদক ৰাধিকামোহন ভাগৱতী,বিশিষ্ট শিক্ষাবিদ ড0 বুধিন হাজৰিকা ,সাহিত্যিক ডা: কমলাকান্ত শৰ্মা প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল ৷

No comments:

Post a Comment