সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কিয় এই বৈষম্যঃ অনা-মনিপুৰীৰ ওপৰত 
আক্ৰমণৰ প্ৰসংগত 
এজন ভুক্তভোগী
সম্পাদক মহোদয়,
স্বাধীন ভাৰতবৰ্ষৰ স্বাধীন নাগৰিক হিচাপে দেশৰ যিকোনো স্থানত মুক্ত মনেৰে ঘুৰা ফুৰা কৰা, বসবাস কৰাৰ আমাৰ সংবিধান প্ৰদত্ত অধিকাৰ আছে৷৷ কিন্তু আজি ৰাজনৈতিক হাতোৰাৰ কৰাল গ্ৰাসত পৰি আমাৰ এই অধিকাৰ খৰ্ব হৈছে৷ আজি আমি স্বাধীন হৈয়ো যেন নিজৰ দেশৰ মাটিতে পৰাধীন৷ আমাৰ চুবুৰীয়া ৰাজ্য মনিপুৰত বসবাস কৰা অসমীয়া তথা আন অনা মনিপুৰী সকলৰ জীৱন আজি বিপদাপন্ন৷ তেওঁলোকে প্ৰতিটো দিনৰ প্ৰতিটো মূহুৰ্ত পাৰ কৰিছে এক অজান সংশয়ৰ মাজেৰে৷ চৰকাৰী বা বেচৰকাৰী চাকৰি, ব্যৱসায় আদিৰ খাতিৰত সেই প্ৰদেশত জীৱন নিৰ্বাহ কৰা অনা-মনিপুৰী সকলৰ সুৰক্ষাৰ প্ৰশ্নটো এতিয়া স্পৰ্শকাতৰ হৈ উঠিছে।


যোৱা কিছুদিনৰ পৰা মনিপুৰত inner line permit system ৰ কাৰণে হৈ থকা আন্দোলনে গতি হেৰুৱাই অনা মনিপুৰী সকলক মনিপুৰৰ পৰা বাহিৰলৈ খেদোৱাৰ দিশে গতি কৰিছে। মনিপুৰী সকলে অনা মনিপুৰী লোকক মানসিক তথা শাৰীৰিক অত্যাচাৰ আৰম্ভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা সপ্তাহত ধীৰেণ দাস নামৰ এজন গাখীৰৰ ব্যৱসায়ীক প্ৰচণ্ড মাৰপিট কৰে, এখন অসমৰ গাড়ী ভাঙি পেলায়৷ মনিপুৰী সকলৰ ভাবুকিত অনিৰ্দিষ্ট কালৰ পৰা অনা মনিপুৰী ব্যৱসায়ী আৰু শ্ৰমিক সকলৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ থকা বাবে তেওঁলোকে প্ৰচুৰ আৰ্থিক দৈনতাত ভোগিছে, ফলস্বৰুপে তেওঁলোকে ঘৰ ভাৰা, দোকান ঘৰৰ ভাৰা , পৰিয়ালৰ খোৱা বোৱা আদিৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে। যদি এনেদৰেই অত্যচাৰ অব্যাহত হৈ থাকে তেন্তে মনিপুৰী আৰু অনা-মনিপুৰীৰ মাজত সংঘাত তুংগত উঠি এদিন এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ব সেয়া ধুৰুপ৷ এনে ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আক্ৰমণৰ বলি হোৱা সকলৰ গৃহ ৰাজ্য বা জিলাতো প্ৰতিশোধৰ অগনি জ্বলিলে কথাবোৰ বেছিহে ভয়ংকৰ আৰু পৌনাঃপৌনিক হৈ উঠাৰ সম্ভাৱনা আছে।

সেয়ে আমি অসম চৰকাৰ তথা বিভিন্ন দল সংগঠন সকলৰ মূৰব্বী সকললৈ বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপোনালোকে মনিপুৰ চৰকাৰ আৰু দল সংগঠনৰ নেতা সকলৰ লগত আলোচনা কৰি অতি সোনকালে প্ৰাণৰ মমতাত ভোগা মনিপুৰত বাস কৰা অসমীয়া লোক সকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ব্যৱস্থা কৰিবলৈ যেন।

No comments:

Post a Comment