হাস্য-ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য-ব্যংগৰে সত্যৰ সন্ধান

হাস্য-ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. টিভি চেনেলৰ মালিক এগৰাকী অসমীয়া বাইদেৱে ৰাষ্ট্ৰীয় মেডিয়াৰ সংবাদ শীৰ্ষত স্থান লাভ কৰাত ভূপেনদা, অৰ্ণৱদাকে ধৰি পূৰ্বৰ সকলো অসমীয়াৰ অভিলেখ ভংগ কৰাৰ বাতৰি পোৱা গৈছে। পিছে কুখ্যাতিৰ বাবেহে এই শিৰোনাম দখল হোৱাত সচেতন অসমীয়া খাৰখোৱা নাগৰিক সংঘই এওঁক ‘অসমীয়া’ বুলি পৰিচয় দিবই নালাগে বুলিহে মত প্ৰকাশ কৰিছে!

২. কালি পানবজাৰ থানালৈ নৰেন্দ্ৰ চাৰে ফোন কৰি পেণ্ডিং কেচৰ বা-বাতৰি লোৱাৰ পাছত এতিয়া সদৌ অসম লালটুপি সংঘই থানাৰ টেলিফোনত সকলোকে সম্ভ্ৰমে-সম্ভাষণ সহ কথা-বতৰা কবলৈ মন বান্ধিছে বুলি জানিব পৰা গৈছে। তাৰ বাবে হেল্ল, থেংক-কিউকে ধৰি শব্দৰ প্ৰয়োগৰ অভাসো তামোল খোৱা জিভাৰে কৰিবলৈ লোৱা বুলিও খবৰ পোৱা গৈছে।

৩. খাদ্য সুৰক্ষাৰ নামত ৫৬লাখ হিতাধিকাৰীৰ ভিতৰত কেৱল সাত লাখৰ মাজতহে কাৰ্ড বিতৰণ কৰি ‘ৰসতে নাম থোৱা’ৰ বাতৰি প্ৰকাশ পাইছে। কাৰ্ড পাই সুৰক্ষিত হম বুলি আকাশত চাঙ পাতি আলাসৰ লাড়ু চোৱাবলৈ সাজু হৈ থকা সকলৰ চৰুত এতিয়া বিনামেঘে ব্ৰজপাত পৰি পানী উতলিবলৈ ধৰা বুলিও বাতৰিত প্ৰকাশ। সেই গৰম পানীকে খাই তেওঁলোকে পেটত গামোচা বান্ধি ‘অচ্চে দিন’ৰ অপেক্ষাত ৰৈছে বুলি খবৰ পোৱা গৈছে।

৪. ‘নয়নৰ মণিৰ বিদায়’ নামৰ এখন নাটৰ ৰসাল গগৈ চাৰে অশ্ৰুসিক্ত নয়নেৰে কইনাধৰা থিয়েটাৰৰ মঞ্চত মঞ্চায়ন কৰা বুলি খবৰ পোৱা গৈছে। একালৰ সোঁহাত, সকলো দুস্কাৰ্যৰ ইন-চাৰ্জজনে তেওঁৰ শিবিৰ ত্যাগ কৰি বিৰোধীৰ শিবিৰলৈ যোৱাতেই এই নাটক হোৱা বুলিও জানিব পাৰিছো। চাৰৰ সকলো কেঁচা কেলেংকাৰীৰ নথিও নয়নৰ মণিয়ে হস্তগত কৰি ৰখাতহে চাৰৰ দুৰু দুৰু কঁপে বুকু স্থিতি হোৱা বুলিও কইনাধৰাৰ কনিষ্টবল সুদক্ষ হাজৰিকাই প্ৰকাশ কৰিছে।

৫. নাও ডুবিলেও টিঙৰ পৰা নানামে বুলি ভীষ্ম প্ৰতিজ্ঞা কৰিছে আমগুৰিত বহি গুঞ্জন দত্তই। টেঙা আমৰ গছৰ নাওঁখন পোন্ধৰ বছৰ চলাৰ পাছতো আৰু কিছুদিন চলিবই বুলিও গপ ধৰি থকা দত্তক আচল স্থিতি বুজোৱাতো ধেৰুৱা ঠাৰি সিজোৱাৰ নিচিনা অসম্ভৱ কথা বুলিও নিকটতম আত্মীয়ই প্ৰকাশ কৰিছে।

৬. মহিলা মাছৰ বিশেষজ্ঞ পোনাকন গগৈয়ে নিজৰ বাট নিষ্কণ্টক হোৱাৰ ফুৰ্তিত কালি দিল্লীৰ জনপথৰ পাকঘৰত বিশেষ জাতৰ মহিলা মাছৰ বিতৰণ কৰা বুলি জানিব পৰা গৈছে। পিছে শ্ৰাৱণ চলি থকাত পোনাকনৰ মাছ নেতাবোৰে ললেও পিছ দুৱাৰেদি দলিয়াই দিয়াৰো গোপন খবৰো আমালৈ আহি আছে। অৱশ্যে ইটালিয়ান আইৰ ঘৰত শ্ৰাৱন-ফ্ৰাৱন নমনাৰ বাবে মাছ ফ্ৰাইৰো সুগন্ধি পোৱা বুলি দিল্লীস্থ সংবাদদাতাই বাতৰি নিশ্চিত কৰিছে।

৭. টেট পাছ সকলক যৌতুকত পদুম পাৰ্টিলৈ নিয়াৰ বাবে যো-জা চলাইছে জালুকগুটি শৰ্মা ফেন ক্লাৱে। ইয়াৰ বাবে টেট পাছৰ চাৰ্টিফিকেট সহ, ডিঙিত সৰিয়হৰ তেল ঢালি শ্লোগান দিবলৈ কাইলৈ গুৱাহাটী বিমানকোঠলৈ নিমন্ত্ৰণ জনাই ফেনক্লাৱৰ পৰা বিজ্ঞাপনো জাৰি কৰা হৈছে! দলত যোগ নিদিওতেই পদুমৰ ফুল পাপৰি বিজ্ঞাপনত চটিয়াই দিয়াত, এয়া অতিভক্তি চোৰৰ লক্ষণ হোৱা বুলিও জালুকবাৰী সচেতন বৃদ্ধ নাগৰিক সংঘই মত প্ৰকাশ কৰিছে।

৮. শিক্ষক দিৱসৰ দিনাই অতিপাত দৰমহা পোৱা শিক্ষক সন্থাই আন্দোলন কৰিব বুলি জানিব পৰা গৈছে। পিছে সদৌ অসম হিংসাকুৰীয়া নাগৰিক সন্থাই অন্ততঃ সেই দিনটোক আন্দোলনৰ বাবে বাচি লোৱাক লৈ সমালোচনা কৰিছে আৰু টকাৰ অভাৱ নোহোৱাৰ বাবেই এওঁলোকৰ স্বভাৱ নষ্ট হোৱা বুলিও আঙুলিয়াই দিছে।

৯. বিসম্বাদীয়ে খেতি কৰিবলৈ নহয়, পদুম ফুলাবলৈহে ইমানদিনে অসমৰ ৰাজনীতিৰ পথাৰখন খচি বোকা কৰি আছিল বুলি এতিয়া বুজিব পাৰি মূৰে কপালে হাত দিছে ৰসাল গগৈয়ে। অন্ততঃ মায়েঙৰ বেজে এই সন্দৰ্ভত সকলো কথা আগতীয়াকৈ নখ বাচনি মাৰি কব নোৱাৰাৰ বাবেও তেখেতে দুখ প্ৰকাশ কৰিছে।

১০. বানপানীৰ সময়ত নদীয়ে সুঁতি সলাই কৰা দুৰ্গতিৰ কথা নহয়, সাহাৰ্যৰ কথা নহয়, নেতাই দলৰ সুঁতি সলাই পাব লগা লাভালাভৰ অংকহে আচল হৈ পৰাত সদৌ অসম বানাক্ৰান্ত ৰাইজে শোক প্ৰকাশ কৰিছে। পাছতো ৰাজকোষ লুণ্ঠনৰ ফন্দি কৰি থাকিব পাৰিব, এতিয়া বানত বন্দী সকলক উদ্ধাৰ কৰাতহে গুৰুত্ব দিবলৈকো তেওঁলোকে আহ্বান জনাইছে। পিছে এই কথা ফেক্স কৰিবলৈকো বানে ধোৱা ঠাইত কাৰেণ্ট নথকাত ৰজাঘৰে বাৰ্তা লভাই নাই বুলিও অনুমান কৰা হৈছে।

No comments:

Post a Comment