মালা পিন্ধোৱাৰ ৰাজনীতি,
একালত অসমৰ ছাত্ৰ ৰাজনীতিত আঞ্চলিকতাবাদেৰে, পেশাদাৰী ক্ষমতাৰ ৰাজনীতিত শীৰ্ষ পৰিয়ালৰ তোষামোদবাদেৰে মৌ-আহৰণৰ পাছত ‘মোহভংগ’ হৈ এইবাৰ তথাকথিত 'ৰাষ্ট্ৰীয়তাবাদ'ৰ কোলাত 'ৰাজনীতি' কৰিবলৈ উপস্থিত হোৱা নেতাজন ৰাজ্যলৈ উভতি আহিব। তাৰ বাবে চ'ছিয়েল মেডিয়া তথা ভিন্ন গণসংযোগ মাধ্যমত চলিছে প্ৰচাৰৰ তীব্ৰ জোৱাৰ। এই ক্ষণক 'ঐতিহাসিক' আৰু অসমত পৰিবৰ্তনৰ জোৱাৰ আনিবলৈ সূচনা কৰাৰ বাবে উল্লেখনীয় দিন বুলি দাঙি ধৰিবলৈ বিচৰা হৈছে। অসমৰ উন্নতিত হাত-উজান দিবলৈ সকলোকে এই পদক্ষেপত সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
পেশাদাৰী ৰাজনীতিত সকলো পেশাদাৰী ৰূপত কৰাৰ যি নব্য পৰম্পৰা দেশত আৰম্ভ হৈছে, তাৰ প্ৰতিফলনো তাত ঘটিবই। দবা-শংখ বজোৱা মাংগলিক ৰীতি, গায়ন-বায়ন বজাই, লাগিলে বৰ্ণিল সাংস্কৃতিক সমলৰ সৈতে ৰঙীণ বিশাল শোভাযাত্ৰাৰে মহীয়ান কৰা হব এই ক্ষণক। ঘৰে ঘৰে পহোচাবলৈ ব্যৱস্থা কৰা হব লাইভ টেলিকাষ্টৰ! জয়ধ্বনি দিয়া হাজাৰ হাজাৰ লোকৰ সমাগম হব, গাড়ী, মটৰ, বাইকৰ লানি নিচিগা এক ইলাহী কাৰবাৰ নিশ্চিতই। তাৰে কোনোবা ভেৰোণীয়া এদিনীয়া হাজিৰাৰ, কোনোবা পেশাদাৰী গায়ন-বায়ন, সাংস্কৃতিক দলৰ কৰ্মী, কোনোবা ঠিকাদাৰ-তোষামোদকাৰী, কোনোবা সিদিনালৈকে কথাই প্ৰতি নেতাজনৰ প্ৰতি কেলেংকাৰীৰ অভিযোগ অনা, নিকৃষ্ট বুলি উদাহৰণ দিয়া লোকেই হব প্ৰধান!
কেইটামান বছৰ পূৰ্বে, একেই বৰঝাৰ বিমানকোঠৰ পৰা একেদৰেই সুসজ্জিত কৰি মালা পিন্ধাই, বীৰৰ মৰ্যদাৰে আদৰি অনা হৈছিল আন এগৰাকী এখেতৰে সেইকালৰ দলীয় সহযোগী তথা পাখি কটা প্ৰতিদ্বন্দীক। সেইজনৰ খিয়াতি আছিল, ৰাজনৈতিক প্ৰতিযোগীক হত্যাৰ গোচৰত অভিযুক্ত হৈ ভুগি থকা দীৰ্ঘদিনীয়া অসুবিধাৰ পৰা মুক্তি লভিবলৈ দিল্লীত চিবিআইৰ অফিচাৰক ঘোঁচ দিওতে হাতে-লোটে ধৰা পৰাটো। জেলৰ পৰা জামিনত আহিও পোনে পোনে এইখন অসমতে পাব পাৰি এনেকুৱা বীৰৰ প্ৰত্যাবৰ্তনৰ অভ্যৰ্থনা! লাগে মাথো 'ৰাজনৈতিক ব্যৱস্থাপনা'ৰ সুকৌশল আৰু ক্ষুধাৰ্ত মানুহৰ সমুখত অতিশীঘ্ৰেই এই তোষামোদৰ দ্বাৰা পাব পৰা কিবা এটাৰ 'আশাবাদ' দলিয়াই দিব পৰাটো! একেই বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটিব বৰঝাৰত!
কৃত্ৰিম এক খলকনি, এক জোৱাৰৰ মাজত আৱদ্ধ কৰি মানুহৰ বিবেকক এই অভ্যৰ্থনা কিহৰ বাবে তাক চালি-জাৰি চাবৰ চাব নোৱাৰাৰ ব্যৱস্থা কৰা হয়, কৰা হব। এটাৰ পাছত এটা কেলেংকাৰীৰ অভিযোগ, তদন্ত চলি থকা আৰু নতুনকৈ গোচৰত নাম সোমোৱাৰ সন্ধিক্ষণত কেন্দ্ৰত শাসকীয় দলৰ নেতাৰ ওচৰত আঠুকাঢ়ি শৰণ লোৱা নেতাজন কি বীৰ পুৰুষ! কোনোবাই কব এয়া ব্যক্তিগত বিড়ম্বনাৰ ক্ষণ। এজন মুখ্যমন্ত্ৰীৰ পুত্ৰই ৰাজনীতিৰ পথাৰত নামি নিজৰ কুচ-কাৱাজ কৰোতেই তেওঁক স্ব-প্ৰতিভাৰে পৰাভূত কৰিব নোৱাৰি, নেজ পেলাই পলাই পত্ৰং দিয়াজন কি 'বিচক্ষণ' ৰাজনীতিক? আজি এটা দলৰ কথা আৰু নীতিক মানুহ ভোলাব পৰাকৈ উত্তেজক ভাষণত কব, কাইলৈ তাকেই 'ইটছ এ মেটাৰ অৱ ইণ্টাৰপ্ৰিটেচন' বুলি ওলোটা খৰ মাৰিব। আজি এজনৰ ভৰিত ধৰিব, কাইলৈ আন এজনৰ ভৰিত পৰি, জ্যেষ্ঠজনৰ আশীষ লোৱাটোক সংস্কাৰ বুলিব! চকু-মুদি দি থকাৰ দিনালৈকে ভাল, বিচৰামতে নাপালেই কাল বোলা স্থিতিকো হয়তো কোনোবাই স্থিতপ্ৰজ্ঞ বুলিব!
দুৰ্নীতি কোনে নকৰেনো? আজিৰ দিনত নৈতিকতাৰ মূল্য নাই। বিবেকবান হোৱা হৰিশ্চন্দ্ৰৰ প্ৰয়োজন নাই। ৰাইজৰ অলপ কামো কৰা, চেলা-চামুণ্ডাকো খোৱাৰ সুযোগ দিয়া, নিজৰো ভঁৰাল পূৰাই লোৱা! দলনো কোনে নাবাগৰে, কথা-কোনে নসলায়, লুটিবাগৰ, হয়, এয়াতো আজিৰ 'ৰাজনীতি'ৰ মৌলিক আভূষণ! এইবোৰ অনৈতিক কাম কৰাকেই 'শুদ্ধ' পথ বুলি প্ৰমাণ কৰাটোৱেইতো সফল ৰাজনীতি। বৰঝাৰত ভিৰ কৰি 'বীৰ-পুৰুষ'ক আদৰিবলৈ যোৱা সকলে এই কথাবোৰো যে মানি লৈছে, সেয়াও নিশ্চিত। নিজৰ দলৰ মজিয়াত অনাগত ইলেকচন জিকিবলৈ আত্মবিশ্বাসৰ অভাৱ, বিভীষণৰ সহায় দেখুন খোদ আমাৰ পূজ্য ‘ৰাম’ৱেও লৈছিল বুলি বুজনি লোৱা দলত না-মঞ্জুৰ একোৱেই নাই। ইমান দিন শাসনৰ সোৱাদ নোপোৱা, ভোকাতুৰ এজাকৰ সৈতে চলে-বলে কৌশলে জিকাই আনিব পৰা কিটিপ জনা বুলি ‘ইমেজ’ দিয়া ধুৰন্ধৰৰ প্ৰৱেশ সঁচাই আৰু সদায় আদৰণীয়ই।
প্ৰযোজিত সমদল, নিজা চেনেল-কাকতৰ প্ৰচাৰ, চ'ছিয়েল মেডিয়াত ফুল-টাইম ভেৰোনীয়া ফেনৰ ট্ৰেণ্ডিঙেৰে আজি মালা পিন্ধাৰ ৰাজনীতি কৰি, সাময়িক ভাৱে কু-কৰ্মকো মহীয়ান সজাই খলকনি তোলাটো সঁচাই সম্ভৱ সেই কথাও আমি মানি লব লাগিব। কিন্তু 'য়ে পাব্লিক হে, পাব্লিক সব জানতি হে' বুলি সেই যুগজয়ী হিন্দীগীতৰ মূলভাৱটোও পাহৰি গ'লে নহব, সেই কথাও নিশ্চিত।

Bhal lagil.
ReplyDelete