সুখ-দুখৰ বতৰাঃ ৩০ আগষ্ট - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ৩০ আগষ্ট

সুখ-দুখৰ বতৰাঃ ৩০ আগষ্ট

Share This
আজিৰ ভাল খবৰ
১. ধ্যানচাঁদৰ ১১০ সংখ্যক জন্মদিনত সুখবৰ আহিল ভাৰতীয় হকীলৈ, ৩৬বছৰৰ পাছত অলিম্পিকত অংশ গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিলে ভাৰতীয় মহিলা হকী দলে। লণ্ডনত চলি থকা ইউৰো মহিলা হকী চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ইংলেণ্ডে স্পেইনক পৰাস্ত কৰাৰ লগে লগে ভাৰতীয় মহিলা দলটোৱে অনাগত ব্ৰাজিলত হব লগা ৰিঅ’ অলিম্পিকত অংশগ্ৰহণৰ যোগ্যতা লাভ কৰা বুলি জানিব পৰা গৈছে।

২. টেনিছ তাৰকা ছানিয়া মিৰ্জাক কালি ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে প্ৰদান কৰে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসতে ১৭গৰাকীলৈ অৰ্জুন বঁটা আৰু শ্ৰেষ্ঠ প্ৰশিক্ষকলৈ দ্ৰোণাচাৰ্য বঁটাও প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে।

৩. দেৰগাঁও ক্ৰীড়া সন্থায়ো অহা ৩ছেপ্তেম্বৰত অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰিছে। সামূহিক দৌৰৰ লগতে এখন ক্ৰীড়া বিষয়ক কুইজ প্ৰতিযোগিতাও আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।

৪. কৃষক শ্ৰমিক কল্যাণ পৰিষদে দেশৰ প্ৰধানমন্ত্ৰীলৈ লিখা চিঠিৰ ভিত্তিত অসমত ইন্দিৰা আৱাস যোজনাৰ ৰূপায়ণত হোৱা ব্যাপক দুৰ্নীতিৰ বিপক্ষে কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ সুখবৰ পোৱা গৈছে।

৫. আঞ্চলিক ভাষাতে সুনিশ্চিত তথ্যৰ যোগান, বিভিন্ন সেৱা আৰু সামগ্ৰীৰ সুবিধাৰ লগতে চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে ইণ্টাৰনেটত উপলদ্ধ কৰাৰ লক্ষ্যৰে অসমীয়াতো চলিছে ‘বিকাশপেডিয়া’ৰ কাম। চেণ্টাৰ ফ’ৰ ৰুৰেল ডেভেলপমেণ্টৰ ডঃ প্ৰদীপ কুমাৰ শৰ্মাৰ নেতৃত্বতে হায়দৰাবাদৰ চি-ডেক সহযোগত এই কাম চলি থকা বুলি জানিব পৰা গৈছে। অসমীয়া ভাষাত বৰ্তমান কৃষি, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, গ্ৰাম্য শক্তি আৰু ই প্ৰশাসনৰ সবিশেষ এই পৰ্টেলত উপলব্ধ কৰা হৈছে।

৬. কালি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় ভিকি পাৰ্ব্লিচাৰ্ছৰ গ্ৰন্থ উন্মোচনী সভা। সাহিত্যিক নিৰুপমা বৰগোহাঞি আৰু ৰবীন্দ্ৰ গৱেষক উষাৰঞ্জন ভট্টাচাৰ্যই অংশ লোৱা অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচিত হয়। তাৰ ভিতৰত অধায়ম অমলকান্তি ৰাহাৰ গল্পগ্ৰন্থ ‘নিষিদ্ধ গ্ৰন্থ’, নিশুতি মজুমদাৰৰ ‘সৰল চাণক্য শ্লোক’ আদি অন্যতম।

৭. শ্ৰীমন্ত শংকৰ সংঘই গুৱাহাটীত বিবাহ পৰিচালকৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰে। শংকৰ সংঘৰ নীতি-নিয়মেৰে কেনেকৈ বিবাহ অনুষ্ঠিত কৰিব লাগে সেই বিষয়ত ৪১গৰাকী লোকে এই প্ৰশিক্ষণ গ্ৰহণ কৰে।

৮. ইউনিচেফৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ২৫-২৯আগষ্টলৈ আয়োজিত হয় দক্ষতাবৃদ্ধিৰ এখনি কৰ্মশালা। মূলতঃ লোককলা পুতলা নাচৰ মাধ্যমেৰে বয়ঃসন্ধিৰ সমস্যা সমাধান সম্পৰ্কীয় এই কৰ্মশালা আয়োজিত হয়।

৯. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় সন্দিকৈ কলেজৰ অধ্যাপক ডঃ লক্ষী হাজৰিকাৰ নতুন গ্ৰন্থ ‘মধ্যযুগৰ অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ’।উন্মোচনীত ভাষাবিদ ডঃ ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা আৰু ডঃ মুকুল চক্ৰৱৰ্তীয়ে অংশ গ্ৰহণ কৰে।

১০. ভাৰতীয় সংস্কৃতি সম্বন্ধ পৰিষদে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাতদিনীয়াকৈ মৈত্ৰী শীৰ্ষক এখন শিল্পকৰ্ম প্ৰদৰ্শনীৰ আয়োজন ২-৮ ছেপ্তেম্বৰলৈ কৰা হৈছে। ভাৰতৰ ১০গৰাকী, চীনৰ ৯ গৰাকী মহিলা শিল্পীৰ মুঠ ২৪খন চিত্ৰশিল্পী ইয়াত প্ৰদৰ্শন কৰা হব।

No comments:

Post a Comment