পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ 

১) যো‌ৱা ২ আগষ্টত কলকাতাত অনুষ্ঠিত হো‌ৱা আন্ত:ৰাষ্ট্ৰীয় চুটি ছ‌ৱি মহোৎস‌ৱত তথ্য চিত্ৰৰ শাখাত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে অসমৰ পৰিচালক-সমালোচক পাৰ্থজিৎ বৰু‌ৱাই। উল্লেখ্য যে শ্ৰী বৰু‌ৱাই যো‌ৱা ২০০৮ বৰ্ষৰ ১৫ আগষ্টত ধেমাজীত উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণ ঘটাই কণ-কণ শিশুক নিহত কৰা ঘটনাটোক লৈ তথ্যচিত্ৰখন প্ৰস্তুত কৰিছিল।


২) যিকোনো চৰকাৰী প্ৰমাণ-পত্ৰ দিওঁতে যদি কোনো বিষয়া বা কৰ্মচাৰীয়ে দুৰ্নীতিৰ আশ্ৰয় লৈছে তেন্তে এইবিষয়ে আপুনি অসম চৰকাৰৰ দুৰ্নীতি নিবাৰণ আৰু তদাৰকী শাখাক ফোন যোগে জনাব পাৰে । এই ফোন নম্বৰটটো হ'ল - ০৩৬১-২৪৬২২৯৫ । এন.আৰ.চি.ৰ বিষয়তো যিকোনোধৰনৰ সে‌ৱা ল'ব পৰা বিলামূলীয়া ফোন নম্বৰটি হৈছে ১৫০৭



৩) যো‌ৱা ৪ আগষ্টত গু‌ৱাহাটী মহানগৰৰ শান্তিপুৰ অঞ্চলৰ পৰা ভৰলুমুখ আৰক্ষীয়ে এগৰাকী যু‌ৱতীসহ নাৰী সৰবৰাহকাৰী চক্ৰৰ দুজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।



৪)  দেশৰ উচ্চতম ন্যায়ালয়ে এক ন্যায়যোগে সকলোধৰণৰ যা-বাহনতে উচ্চ-সুৰক্ষা পঞ্জীয়ন ফলক লগো‌ৱাটো বাধ্যতামূলক কৰিছে । ইয়াৰে পৰিপেক্ষিতত কামৰূপ জিলা পৰিবহন বিষয়াই ইতিমধ্যে কামৰূপ মহানগৰ জিলাত এই নীতি কাৰ্যকৰী কৰিবৰ বাবে পৰ্যায়ক্ৰমে ব্য‌ৱস্থা হাতত লৈছে ।



৫) সাংবাদিকৰ সতে হো‌ৱা এক কথা-বাৰ্তাত কেন্দ্ৰীয় ক্ৰীয়া মন্ত্ৰী সৰ্বানন্দ সো‌নো‌ৱালে কয় যে অহা বছৰৰ ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা খেলু‌ৱৈসকলক চৰকাৰে যথাসম্ভ‌ৱ সাহাৰ্য প্ৰদান কৰিবলৈ যত্নপৰ হ'ব ।



৬) অসমৰ উদীয়মান দ‌বা খেলু‌ৱৈ ছাহিল দে-লৈ ৰাজ্য চৰকাৰৰ ক্ৰীয়া আৰু যু‌ৱ-কল্যাণ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিয়ে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে । কলকাতাত যো‌ৱা বছৰ অনুষ্ঠিত হো‌ৱা ৭ বছৰ অনুৰ্ধ দবাৰ চেম্পিয়নশ্চীপত ছাহিলে প্ৰথম স্থান অৰ্জন কৰাৰ পাছত দক্ষিণ কোৰিয়াত কালিৰেপৰা আৰম্ভ হো‌ৱা এছিয়ান য়ুথ দবা চেম্পিয়নশ্চিপত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে ।



৭) মাত্ৰ এবছৰৰ বাবে পাৰপত্ৰ আৰু ভিছা লৈ ভাৰতলৈ অহা পাকিস্তানী সংগী শিল্পী আদনান -ছামীৰ তথ্য-পাতিৰ ম্যাদ উকলি যো‌ৱাৰ পাছত তেওঁ ভাৰতীয় আদালতত মান‌ৱীয়তাৰ খাতিৰত ভাৰততে যা‌ৱজ্জী‌ৱন থাকিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল আৰু দেশৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ এই দাবীৰ প্ৰতি সন্মতি দিছে ।



৮) কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগে আলু-পিয়াঁজৰ অলক্ষিতে বৃদ্ধি পো‌ৱা মূল্যক নিয়ন্ত্ৰিত কৰিবৰ বাবে বিভিন্ন সভা-সমিতি পাতি অধিক তৎপৰতাৰে কিছু পদক্ষেপ হাতত লো‌ৱা পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত ভিন্ন স্কো‌ৱাদ গঠন কৰি সঠিক বজাৰ মূল্যৰ আওঁভাওঁ লো‌ৱা, যোগানৰ হাৰৰ বুজ লো‌ৱা , ৰছিদ -পাতিৰ অনুসন্ধান কৰা আৰু গ্ৰাহকৰ বাবে টল-ফ্ৰী নম্বৰ সাজু কৰা ইত্যাদি উল্লেখযোগ্য।

------------------------------০০০-------------------------------

No comments:

Post a Comment