প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাৰত মহাসাগৰত সম্পদলোভী ৰঙাচীনৰ খোপনি 
ডাঃ বিৰাজ কুমাৰ শৰ্মা
ড্ৰেগনৰ দেশ চীন। ওচৰ চুবুৰীয়া হ’লেও আজিও যেন আমাৰ বাবে এক কুঁহেলিকা সদৃশ চীন দেশ। পশ্চিমীয়া দেশসমূহৰ বিষয়ে আমি যিমানেই জানো তথা তেওঁলোকৰ ভাষা সংস্কৃতিৰ প্ৰতি যিমানেই একাত্ম হ’বলৈ চেষ্টা নকৰো কিয়, তথাপিও কিন্তু আমাৰ চুবুৰীয়া এই ৰহস্যময় দেশখনৰ বিষয়ে কিন্তু জানিবলৈ আমাৰ অদ্যপী বহুদূৰ বাকী আছে।

সৰুতেই পঢ়িছিলো চীনদেশৰ জনতাৰ কৰ্মসংস্কৃতিৰ কথা আৰু যাৰ বাবে চীনে আজি অসাধ্যও সাধন কৰিবলৈ সক্ষম হৈছে | বিলাসী তথা আড়ম্বৰপূৰ্ণ জীৱনৰ পৰিবৰ্তে চীনৰ কষ্টসহিঞ্চু জনতাই ভাল পাই কৰ্মসংস্কৃতি। যাৰ বাবে ৰাজধানী চহৰ বেইজিঙত বিলাসী যান-বাহনৰ পৰিবৰ্তে বিভিন্ন চাইকেল হে এক সুলভ দৃশ্য। যাৰ বাবে বেইজিঙক যেন কোৱা হয় টিলিং টিলিং বেইজিঙ।

দেশখনে স্বাধীনতা লাভ কৰিছিল ভাৰতবৰ্ষতকৈ তিনিবছৰ পিছত। যি সময়ত স্বাধীনতা লাভ কৰিছিল, সেই সময়ত হেনো দেশখনত ৰেলপথ এটিও নাছিল | কিন্তু সেই দেশখনত আজি চ’লে দ্ৰুতবেগী বুলেট ৰেল। এসময়ত চীনৰ চকুলো তথা চীনৰ দুখ বুলি জ্ঞান্য কৰা হোৱাংহো নদীক আজি পৰিবৰ্তিত কৰা হৈছে চীনৰ সুখলৈ। অকল ৰেল যোগাযোগতেই যেন ইতিহাস ৰচনা কৰা নাই দেশখনে, আজি সকলো দিশতে উজ্জ্বলি উঠা দেশখনে বিশ্বৰ সৰ্বশক্তিমান আমেৰিকাৰ সন্মূখত প্ৰত্যাহ্বান ৰূপে থিয় দিছে। তথ্য প্ৰযুক্তিৰ পৰা আদি কৰি মহাকাশ বিজ্ঞানলৈ সকলোতে উজ্জ্বলি উঠা দেশখনে শেহতীয়াকৈ সাগৰৰ অটল গৰ্ভতো আধিপত্য বিস্তাৰৰ দিশে অগ্ৰসৰ হৈছে। ২০০২ বৰ্ষত চীনৰ নেতাসকলে এক প্ৰকল্প হাতত লয় যাৰ নাম “জিয়াওলং” বা “জলজ ড্ৰেগন”। এই উদ্দেশ্য আগত ৰাখি দেশখনৰ প্ৰধান প্ৰধান ১০০ খন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু বিভিন্ন কোম্পানীৰ বিজ্ঞানীয়ে ৰাজধানী চহৰ বেইজিংত গোট খাই এই সংক্ৰান্তত আলোচনা কৰিবৰ বাবে। যি প্ৰকল্পৰ উদ্দেশ্য হ’ল এতিয়াও মানুহৰ জ্ঞানৰ পৰিধিৰ বাহিৰত থকা সাগৰতলীৰ ৭০০০ মিটাৰ গভীৰতাত থকা সম্পদৰ আহৰণ কৰি ইয়াক মানুহৰ বাবে ব্যবহাৰৰ উপযুক্ত কৰি তোলাৰ ওপৰত গুৰুত্ত্ব প্ৰদান |


১৯৮০ আৰু ১৯৯০ চনৰ ভিতৰত চীনা চৰকাৰে এক বৃহৎ পুঁজি দেশখনৰ ৰাষ্ট্ৰীয় মহাকাশ গবেষণা তথা এই প্ৰক্ৰিয়া তৰাম্বিত কৰাৰ লক্ষ্যৰে ধাৰ্য্য কৰে আৰু যাৰবাবে চীনৰ নিজস্ব প্ৰযুক্তিৰে গঢ়ি তোলা তথা মহাকাশত স্থাপন হ’বলগীয়া প্ৰথমটো মহাকাশ আস্থান ২০২০ চনত কাৰ্য্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে। আনহাতে চীনে গোপনে আৰম্ভ কৰা তেওঁলোকৰ মহাকাশ গবেষণাৰ এক অংশ হিচাবে দেশখনে ২০১৩ চনত নিজাববীয়া প্ৰচেষ্টাৰে চন্দ্ৰ অভিযানেৰে বিশ্ববাসীক চমক দিবলৈ সক্ষম হয় আৰু ১৯৭০ চনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পিছত এইক্ষেত্ৰত সফলতাৰে চন্দ্ৰপৃষ্ঠত সুকলমে পদাৰ্পন কৰিবলৈ সক্ষম হ্য়। কিন্তু চীনৰ বাবে যেন মহাকাশেই শেষ সীমা নহয়, এই দশকত মহাকাশ গবেষণাৰ সংগে সংগে সাগৰ মহাসাগৰৰ ৰহস্যঘন গভীৰ বুকুলৈও অগ্ৰসৰ হৈছে চীন |

সাগৰৰ বুকুৰপৰা সম্পদ আহৰণ তথা সম্পদ উদ্ঘাটনৰ প্ৰচেষ্টা যোৱা ১০০ বছৰৰ পৰাই অব্যাহত আছে। যোৱা উন্নৈশ শতিকাতেই মহাসাগৰৰ অটল গহ্বৰত বিস্তৃত হৈ থকা সম্পদৰ বিষয়ে তথ্য উদ্ঘাটন তথা এই সম্পৰ্কে অধ্যায়ণ আৰম্ভ হয়। যেনেদৰে পৃথিৱীৰ বুকুৰ ভূমিৰ তলত বিভিন্ন খনিজ সম্পদেৰে ভৰপূৰ, ঠিক তেনেদৰে সাগৰৰ বুকুতো এনে বিভিন্ন খনিজ পদাৰ্থ তথা অফুৰন্ত শক্তিৰ এক বিশাল ভাণ্ডাৰ যে আছে এই কথা পোহৰলৈ আহিছে। এনে সম্পদ বুলিলে মূল্যবান তাম আৰু সোণৰ পৰা মেংগানিজ তথা বিভিন্ন বিৰল খনিজ পদাৰ্থৰ কথা মনলৈ আহে যিবোৰ এনে ১৭ বিধ বিৰল পদাৰ্থ আনকি ভূগৰ্ভৰ বুকুৰপৰাও আহৰণ কৰা সম্ভৱপৰ নহয়। আজিৰ দিনত প্ৰযুক্তিৰ জয়যাত্ৰাৰ বাবে এনে অসম্ভব সম্ভৱপৰ হৈ উঠিছে আৰু যিয়ে ন ন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। যোৱা বছৰেই সাগৰ তলীৰ সম্পদ আহৰণৰ উদ্দেশ্যে কানাডাৰ নটিলাচ আৰু পাপুৱা নিউ গিনিৰ মাজত এক চুক্তি সম্পাদিত হয় আৰু য’ত সাগৰতলীৰ ১৫০০ মিটাৰ গভীৰতাৰ পৰা সোণ, তাম আৰু আন আন খনিজ পদাৰ্থ আহৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিলে। খনিজ পদাৰ্থৰ এক উল্লেখযোগ্য অংশ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ বিশেষ অৰ্থনৈতিক অঞ্চলত আছে যদিও বৃহৎ অংশসমূহ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ আন্তঃৰাষ্ট্ৰীয় জলজ অংশৰ অন্তৰ্ভূক্ত।

সাগৰতলীৰ সম্পদ উদ্ঘাটন সম্পদ আহৰণ নিয়ন্ত্ৰন কৰে ইনটাৰনেশ্ব্যনেল চি-বেড অথ’ৰিটি বা চমুকৈ আই.এচ.এ. [ International Seabed Authority (ISA)] নামৰ এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই আৰু যিটো স্বতন্ত্ৰ সংস্থা ইউনাইটেড নেশ্ব্যনচ কনভেনশ্ব্যন অন দ্যা ল অব চি [United Nations Convention on the Law of Sea (UNCLOS)] ৰ অধীনত গঠিত আৰু এই সংস্থাৰ মূখ্য কাৰ্যালয় সুদূৰ জামাইকাত। এই ক্ষেত্ৰত সৰ্বাধিক তিনিটা অনুমোদন লাভেৰে চীন শীৰ্ষত আছে আৰু জাপান আৰু জাৰ্মানী আন দুখন দেশ যিয়ে এইক্ষেত্ৰত নেতৃত্ব ল’বলৈ সক্ষম হৈছে। শেহতীয়াকৈ ভাৰতে এখন অনুমোদন লাভ কৰিছে আৰু যাৰ দ্বাৰা আমাৰ দেশে ভাৰত মহাসাগৰৰ মধ্যভাগত পলিমে্টেলিক নডুলছ আহৰণ কৰাৰ বাবে সুযোগ পাইছে। আজিৰ দিনত আই.এচ.এ. য়ে ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ বুকুত ১.৫ মিলিয়ন বৰ্গ মিটাৰ আয়তনৰ এক ক্ষেত্ৰ সম্পদ আহৰণৰ বাবে মুকলি কৰি দিছে আৰু এতিয়ালৈ একডজনৰো অধিক অনুজ্ঞাপত্ৰ বিভিন্ন দেশক প্ৰদান কৰিছে।এইক্ষেত্ৰত প্ৰাধান্য দিব পাৰি এইবাবেই যে আৰ.ই.ই. (REE) নামৰ এক মূল উপাদান যাক উচ্চ ক্ষমতাসম্পন্ন ইলেক্ট্ৰনিকচত যেনে টেবলেটৰ পৰা আদি কৰি কম্পিউটাৰৰ বেটেৰী তথা পুনঃনবীকৰণ শক্তিৰ উৎসৰূপে ব্যবহাৰ কৰা হয়। এনেস্থলত চীনে অকলেই তাৰ ভূমিভাগৰ পৰা বিশ্বৰ ৯৫ শতাংশ আৰ.ই.ই. আহৰণ তথা উৎপাদন কৰি আহিছে আৰু যাৰবাবে অন্যদেশে সাগৰৰ বুকুৰপৰা এনে সম্পদ আহৰণ কৰিব পৰা হ’লে পৃথিৱীৰ অন্য দেশবোৰক চীনৰ এনে একচেতিয়া সাম্ৰাজ্যৰ পৰা সকাহ দিব পাৰিব।

সাগৰৰ গভীৰ বুকুৰপৰা সম্পদ আহৰণৰ প্ৰচেষ্টা তথা নেতৃত্ব চীনৰ “চাইনা অ’চেন মিনাৰেল ৰিচাৰ্ছ এণ্ড ডেভেল’পমেন্ট এচ’চিয়েশ্যন” বা চমুকৈ ক’ম্ৰা [ China Ocean Mineral Research and Development Association (COMRA)], যিটো চৰকাৰৰ আশীষধন্য এটি স্বল্পখ্যাত সংস্থা যাৰ কাৰ্যালয় বেইজিঙৰ “ষ্টেট অ’চেনিক এডমিনিষ্ট্ৰেশ্ব্যন” [ State Oceanic Administration (SOA) ] ৰ সৈতে সংলগ্ন।  ৪৭০ মিলিয়ন য়ান ব্যয় সাপেক্ষে আৰম্ভ কৰা এই জিয়াওলং প্ৰকল্পটো ৬ বছৰৰ ভিতৰত সাজু কৰি তোলা হৈছে | প্ৰকল্পটোৱে আৰম্ভ কৰাৰ দুবছৰৰ ভিতৰতে সাগৰৰ ৩,৭৫৯ মিটাৰ গভীৰতালৈ চীনে স্পৰ্শ কৰিবলৈ সক্ষম হয় আৰু এইক্ষেত্ৰত চীন হৈছে বিশ্বৰ পঞ্চমখন ৰাষ্ট্ৰ আৰু ইয়াৰ আগলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, ৰাচিয়া আৰু জাপানেহে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰে পিছতে চীনে গভীৰৰ পৰা গভীৰলৈ যাত্ৰা কৰি ২০১২ বৰ্ষত বিশ্বৰ সবাতোকৈ গভীৰ বুলি জনাজাত মেৰিয়ানা খাদৰ পৃষ্ঠলৈও গতি কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ গভীৰতাৰ পৰা মুঠ ছয়টা নমুনা সংগ্ৰহ কৰিবলৈ সক্ষম হয় | ক’ম্ৰাৰ ৰ প্ৰথমটো চুক্তি ২০০১ চনত সম্পাদিত হৈছিল আৰু য’ত হাৱাই দ্বীপপুঞ্জৰ পশ্চিমৰ প্ৰশান্ত মহাসাগৰৰ Clarion-Clipperton Fracture Zone অংশৰ বুকুৰ পৰা পলিমেটেলিক নডুলছ আহৰণৰ উদ্দেশ্য আগত ৰখা হৈছিলে | যোৱা বছৰ চীনে আন এক চুক্তি সম্পাদিত কৰে আৰু পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বুকুৰ পৰা ফেৰ’মেগনেটিক ক্ৰাষ্ট (Ferromanganese Crust) আহৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে, কিয়নো এই ফেৰ’মেগনেটিক ক্ৰাষ্ট হৈছে ইতিপূৰ্বে উল্লেখ কৰি অহা আৰ.ই.ই. ৰ মূল ভঁৰাল।

যি সময়ত পশ্ছিমীয়া দেশসমূহে প্ৰশান্ত মহাসাগৰৰ প্ৰতি মনোযোগ দিছে, সেই সময়তে চীনে খনিজ সম্পদৰ অকুন্ঠ ভাণ্ডাৰ ভাৰত মহাসাগৰত ধ্যান দিছে | চীনৰ ক’ম্ৰাৰ আই.এচ.এ. ৰ সৈতে ২০১১ বৰ্ষত সম্পাদিত চুক্তিয়ে দক্ষিণ ভাৰতীয় মহাসাগৰত পলিমেটেলিক ছালফাইড (Polymetalic Sulphide) উদ্ঘাটনৰ ওপৰত জোৰ দিছে | ক’ম্ৰাৰ এক তথ্যত প্ৰকাশ পাইছে যে ২০০৫ চনত চীনে চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে যে ভাৰত মহাসাগৰৰ খনিজ সম্পদ সমূহৰ মানদণ্ড যথেষ্ট উচ্চখাপৰ। চীনে অকল সাগৰৰ গভীৰ অংশৰ যাত্ৰাৰ ইমানেই ইতি পৰা নাই, কিয়নো চীনৰ পৰবৰ্তী লক্ষ্য হৈছে মহাসাগৰৰ বুকুৰ ১১,০০০ মিটাৰ গভীৰতা। এইক্ষেত্ৰত চীনে কৈছে যে তেওঁলোকে এই লক্ষ্যত উপনীত হ’বৰ বাবে ভাৰতক সহযোগী হিচাবে বিচাৰে সকলো বৈৰী মনোভাব পৰিহাৰ কৰি। কিয়নো চীন আৰু ভাৰতবৰ্ষ ই এইক্ষেত্ৰত একেই প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহিছে। কিয়নো ভাৰতেও ১৯৯৩ চনৰ পৰাই সাগৰতলীৰ সম্পদ আহৰণৰ উদ্দেশ্য আগত ৰাখি এক প্ৰকল্প আৰম্ভ কৰিছিলে আৰু আই.এচ.এ. ৰ অনুজ্ঞা লাভেৰে ভাৰত মহাসাগৰৰ কেন্দ্ৰীয় অঞ্চলৰ ১,৫০,০০০ বৰ্গমিটাৰ অঞ্চলত পলিমেটেলিক নডুলচ (Polymetalic nodules) আহৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এইক্ষেত্ৰত চীনৰ জিয়াওলংৰ সমপৰ্য্যায়ৰ এক দূৰনিয়ন্ত্ৰিত চাবমেৰিন সদৃশ যানেৰে সাগৰতলীৰ ৭০০০ মিটাৰ গভীৰলৈ প্ৰবেশ কৰিবলৈ সক্ষম হৈছে। কিন্তু এইক্ষেত্ৰত উনুকিয়াই থোৱা ভাল যে চীনৰ দৰে ভাৰতৰ নিজৰ ভূখণ্ডত উৎপাদন স্থলী নাই। আনহাতে ভূখণ্ডত উৎপাদন কৰিব পৰাকৈ ভাৰতৰ কোবাল্ট ধাতু আৰু নিকেল ধাতুৰ উৎস নাই। আনহাতে এইক্ষেত্ৰত কাম কৰিব পৰাকৈ ভাৰতবৰ্ষত এক মানৱ সম্পদ তথা প্ৰযুক্তি গঢ়ি উঠা নাই |

সাগৰৰ বুকুৰ কথা আৰম্ভ কৰিলেই মনলৈ আহে বিশ্ববিখ্যাত সাহিত্যিক জুল ভাৰ্নৰ বিজ্ঞানভিত্তিক কালজয়ী উপন্যাস “সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ”। কিন্তু সাগৰৰ বুকুত বিভিন্ন দেশৰ সম্পদ আহৰণৰ প্ৰচেষ্টাই যে অদূৰ ভবিষ্যতে সাগৰৰ জৈৱ-পাৰিপাৰ্শ্বিকতা তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব সেইয়া ধুৰূপ | বিশ্বৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে এই আশংকা ব্যক্ত কৰিছে। এই সংক্ৰান্তত আই.এচ.এ. ক আহ্বান জনোৱা হৈছে যাতে সাগৰৰ বুকুত সম্পদ আহৰণ প্ৰক্ৰিয়াত কোনো দেশক অনুজ্ঞাপত্ৰ দিয়াৰ পূৰ্বে যেন ইয়াৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ সন্মতি গ্ৰহণৰ দিশটোৰ প্ৰতি গুৰুত্ত্ব আৰোপ কৰা হয়। অন্যথাই সম্পদ আহৰণৰ এনে দৌৰাত্মই অদূৰ ভবিষ্যতে ধৰিত্ৰীৰ বুকুলৈ অমানিশা নমাই আনিব পাৰে।

No comments:

Post a Comment