সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
(১) সন্ত্ৰাসবাদৰ বিৰুদ্ধে উমৈহতীয়া ভাৱে যুঁজৰ সংকল্পৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমাসিংহেৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা বিক্ৰমাসিংঘেই ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী বুলি আখ্যা দি দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত হ’ব বুলি আশা প্ৰকাশ কৰে ৷

(২) শংকৰদেৱ কলাক্ষেত্ৰই শেহতীয়াভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ কাম হাতত লৈছে৷ সচিব নাৰায়ণ কোঁৱৰে সদৰি কৰা মতে কলাক্ষেত্ৰই কীৰ্তন আৰু নামঘোষাৰ পদ আৰু ঘোষাসমূহৰ বাণীৱদ্ধৰ কাম আৰম্ভ কৰিছে ৷ তদুপৰি প্ৰায় ৪০ কোটি টকা বাজেটৰ শংকৰদেৱ সংগ্ৰাহালয়ৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে৷ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কীয় এক আন্ত:ৰাষ্ট্ৰীয় উৎসৱৰ আয়োজন কৰা হৈছে৷ তদুপৰি কলাক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চল চিত্ৰকলা শিৱিৰ৷

(৩) মানৱ সমাজৰ কল্যানৰ বাবে গৱেষণামূলক অধ্যয়নত মনোনিৱেশ কৰা সকলৰ বাবে আগবঢ়োৱা উল্লেখযোগ্য বৃত্তিসমূহৰ মাজত কমনৱেলথ অন্যতম৷ দিল্লীৰ ষ্টিফেন কলেজৰ পৰা ইংৰাজী সাহিত্যত শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰা যোৰহাটত স্নেহা খাউণ্ডে এই সন্মানীয় বৃত্তি লাভ কৰিছে ৷

(৪) ভাৰতৰ সৈতে থকা প্ৰতিৰক্ষা সম্পৰ্ক অধিক ত্বৰান্বিত কৰাৰ লগতে ভাৰতত উচ্চ প্ৰযুক্তিৰ সেনা সৰঞ্জামৰ বিকাশ আৰু উৎপাদনত সহযোগিতা বৃদ্ধি কৰাৰ বাবে পেন্টাগনে স্থাপন কৰিছে এক বিশেষ কোষ৷পেন্টাগনে প্ৰথমবাৰলৈ দেশভিত্তিত এই “ইণ্ডিয়া ৰেপিড ৰিয়েকচন চে’ল” নামৰ বিশেষ কোষ স্থাপন কৰিছে ৷

(৫) এছিয়া পেচিফিক এইচ.আৰ.এম কংগ্ৰেছৰ শেহতীয়াকৈ অনুষ্ঠিত ১৪শ সংখ্যক সমাৰোহত নীপকোৰ পাৰ্ছনেল শাখাৰ সঞ্চালক সত্যব্ৰত বৰগোহাঁইক এছিয়াৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী মানৱ সম্পদ পৰিচালনাৰ পেছাদাৰী ব্যক্তিৰ স্বীকৃতি প্ৰদান কৰা হয় ৷

৬) প্ৰথমবাৰলৈ বিশ্বৰ শীৰ্ষ দুশ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ দুখন প্ৰখ্যাত শিক্ষা প্ৰতিষ্ঠান৷ “কিউ এছ ৱৰ্ল্ড ইউনিৰ্ভাছিটী ৰেংকিং ২০১৫” শীৰ্ষক তালিকাত ১৪৭,সংখ্যক স্থান লাভ কৰিছে বাংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স আৰু ১৭৯ সংখ্যক স্থানলাভ কৰিছে দিল্লীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজীয়ে৷

(৭) অংগদানৰ দৰে মহান কাৰ্যৰ সপক্ষে কেৰালা চৰকাৰে চলোৱা প্ৰচাৰৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ ছছটামনাড়া গাঁৱৰ ২০০ বাসিন্দাই অংগদানৰ বাবে আগবাঢ়ি আহিছে ৷তেওঁলোকে ইতিমধ্যে স্বাস্থ্য বিভাগৰ ওচৰত নাম পঞ্জীয়নো কৰিছে ৷

(৮) ৰাজ্যখনৰ বিভিন্ন ঠাইত অব্যাহত থকা ডাইনী অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে “ব্ৰাদাৰ্ছ” নামৰ স্বেচ্ছাচাৰী সংগঠনটোৱে জনজাগৰণ যাত্ৰা নামৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

(৯) বহু আলোচনা, সমালোচনাৰ ধুমুহাৰ পাছত ছোনিয়া গান্ধীৰ জোঁৱায়েক ৰৰ্বাট ভদ্ৰাক এয়াৰপোৰ্টত চেকিং নকৰাৰ নিৰ্দেশটো অৱশেষত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিছে। বিজেপি চৰকাৰ অহাৰ এবছৰৰ পাছতো এই 'অবৈধ সুবিধা' প্ৰত্যাহাৰ নকৰাটোক খোদ ভদ্ৰাই তেওঁক সমালোচনাৰ পাত্ৰ কৰি ৰখাৰ বাবেই সুবিধা কৰি ৰখা বুলি চৰকাৰখনক সমালোচনা কৰিছিল।

(১০) মহাৰাষ্ট্ৰৰ কোলাহপুৰত ব্লেক মেজিক আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুজাৰ বাবেই হত্যাৰ বলি হোৱা গোবিন্দ পানছাৰেৰ হত্যাৰ অভিযোগত অৱশেষত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চিপিআইৰ নেতা এই বিশিষ্ট ব্যক্তিজনক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱকজন সনাতন সংস্থাৰ সদস্য বুলিও বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment