সুখ-দুখৰ বতৰাঃ ১৫ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৫ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ১৫ছেপ্তেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১) গো‌ৱালপৰীয়া লোকগীতক অধিক জনপ্ৰিয় কৰি তোলা শিল্পী প্ৰতিমা বৰু‌ৱা পাণ্ডেৰ জী‌ৱনক লৈ এখনি চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ সাজু হৈছে আন্ত:ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালিকা ববী শৰ্মা বৰু‌ৱা । প্ৰাঞ্জল শইকীয়া, প্ৰনামী বৰা আৰু পাকিজা বেগমে অভিনয় কৰিবলগীয়া 'সোনাৰ বৰণ পাখি' নামৰ এই চলচ্চিত্ৰখনিৰ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব অহা ২৮ অক্টোবৰৰপৰা ।


২) পৰি‌ৱেশ পৰিষ্কাৰকৰণৰ বাবে এজন অসমীয়া যু‌ৱ উদ্ভা‌ৱক গো‌ৱালপাৰাৰ শৰৎ ৰাভাই সাজি উলিয়াইছে এটি অত্যাধুনিক সঁজুলি । এই সঁজুলীটোৰ জৰিয়তে অনাগত ভ‌ৱিষ্যতত সহজেই পৰি‌ৱেশ প্ৰদূষণ কমাব পৰা যাব বুলি আশা কৰা হৈছে।
৩)অসমৰ নাম ৰাষ্ট্ৰীয় পটত জিলিকাই তোলা উদীয়মান কন্ঠশিল্পী নাহিদ আফ্ৰিন কালি আহি অসমত উপস্থিত হৈ ভূপেন হাজৰিকাৰ সমাধিথলীত সুধাকন্ঠৰ প্ৰতি শ্ৰদ্ধা অৰ্পন কৰে । এই অনুষ্ঠানতে বিভিন্ন দল সংগঠনে নাহিদক উষ্ম আদৰণি জনায়। ইয়াৰ পাছত তেওঁ কোকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰ আৰু চিত্ৰশিল্পী নীলপ‌ৱন বৰু‌ৱাৰ বাসগৃহত উপস্থিত হৈ আশীষ লয়। নাহিদে অহা ২৩ তাৰিখে বিশ্বনাথ চাৰিআলিত বানপীড়িত লোকসকলৰ বাবে কিছু অৰ্থ দান কৰিব বুলি জনায় ।

৪) যোৰহাটৰ থানাৰোডত অ‌ৱস্থিত শ্ৰীমন্ত শংকৰ মন্দিৰে অহা আহিন মাহৰ ১ তাৰিখৰপৰা প্ৰতি শণি আৰু দেওবাৰে মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি খোল বাদ্যৰ বিনামূলীয়া প্ৰশিক্ষণৰ আয়োজন কৰিছে। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে - ৯৪৩৫৩৫৭৩১৫ , ৯৪৩৫৫১৪৫৩৮ ।

৫) জী টিভিৰ ৰিয়েলিটী শ্ব' 'ডান্স ইণ্ডিয়া ডান্স'ত শীৰ্ষৰ দহোজন নৃত্য প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ বাক্সা জিলাৰ একেবাৰে অনুন্নত বৰটাৰী গা‌ৱঁত জন্মলাভ কৰা ২২ বছৰীয়া প্ৰণিতা স্বৰ্গীয়াৰী নামৰ যু‌ৱতীগৰাকীয়ে। তেওঁ দেশৰ ভিন ভিন ঠাইৰ লগতে ইজিপ্তৰ কাইৰোতো নিজৰ নৃত্য প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে ।‌

৬) 'অসমীৰে চোতালতে', 'মোৰ দৃষ্টিত তুমি ধৰা পৰিলা' ইত্যাদি জনপ্ৰিয় গীতৰ গীতিকাৰ তথা চিত্ৰ প্ৰযোজক, চিত্ৰ নাট্যকাৰ, নুৰুল হকৰ জী‌ৱন আৰু কৰ্মৰাজীক লৈ এখনি গ্ৰন্থ যোৰহাট সংগীত শিল্পী সংস্থাই কালিলৈ আনুষ্ঠানিকভা‌ৱে উন্মোচিত কৰিব ।

৭) লংকা আৰক্ষীয়ে ২খন গাড়ী সহ নজন ধৃত গাড়ী চোৰক কৰায়ত্ত কৰিছে । এই চোৰবোৰক সোধ-পোছৰপৰা আন বহুতো চক্ৰৰ বিষয়ে তথ্য উদ্ঘাটন কৰিব পাৰিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে ।

৮) কালিৰে পৰা গু‌ৱাহাটী মহানগৰত অসম পৰিবহন নিগমৰ অধীনত ২৩ খন বাতানুকুল চিটিবাছে সে‌ৱা আগবঢ়াইছে ।

৯) শংকৰী যুগৰ কবি অনন্ত কন্দলীয়ে নগাঁ‌ৱৰ ননৈৰ দাঁতিকাষৰীয়া কন্দলি অঞ্চলতবাস কৰি সাহিত্য চৰ্চা কৰিছিল । যাৰ বাবে উক্ত অঞ্চলৰ নাম কন্দলি হয় । এই কবিজনাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ অনন্ত কন্দলি শিক্ষা ন্যাসৰ গঠন হয় । এই ন্যাসে এই বছৰৰ পৰা প্ৰতি বছৰে কবিজনাৰ নামত এটি বঁটা প্ৰচলন কৰিবলৈ লৈছে । এই বছৰৰ বাবে কবি মহেন্দ্ৰ কন্দলি বঁটা লাভ কৰিছে অ‌ৱসৰপ্ৰাপ্ত শিক্ষক মহিৰাম নাথে ।

১০) পথত থকা গাঁত , স্পিড ব্ৰেকাৰ, অসা‌ৱধানীয়তা আদিৰ বলত মৃত্যু হো‌ৱা লোকৰ  সংখ্যা যো‌ৱা ২০১৪ বৰ্ষটোত কৰ্ণাটকত ৯৭৫জন হো‌ৱা বিপৰীতে অসমত মাত্ৰ ৪৭ জন বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

No comments:

Post a Comment