সুখ-দুখৰ বতৰাঃ ৬ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ৬ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ৬ছেপ্তেম্বৰ

Share This
১. অসম চৰকাৰৰ শিক্ষা বিভাগে পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ নামত ৰাজ্যৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰৱৰ্তন কৰিব। মেট্ৰিকত পুনৰ ২০টা স্থানৰ নিয়মো প্ৰৱৰ্তন কৰা হব বুলিও কালি শিক্ষক দিৱসৰ অনুষ্ঠানত গুৱাহাটীত ঘোষণা কৰা হৈছে।


২. ৰাষ্ট্ৰপতিৰ হাতৰ পৰা কালি শিক্ষকতাৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ গ্ৰহণ কৰিলে অসমৰ দহ গৰাকীকৈ কৃতী শিক্ষক-শিক্ষয়িত্ৰীয়ে। প্ৰাথমিক শিক্ষাত লখিমপুৰৰ ৰীণা শইকীয়া, যোৰহাটৰ নিৰদা গগৈ, দলগাঁৱৰ নাজিমুদ্দিন আহমেদ, লখিমপুৰৰ বাবুল চন্দ্ৰ চুতীয়া আৰু গুৱাহাটীৰ কৃষ্ণকান্ত তালুকদাৰে এই বঁটা লাভ কৰে। মাধ্যমিক পৰ্যায়ন গুৱাহাটীৰ প্ৰবীণ চন্দ্ৰ বৰ্মন, ধেমাজিৰ লাবণ্য লাহন চুতীয়া, কেন্দ্ৰীয় বিদ্যালয় তেজপুৰৰ ৰেণুমী ভট্টাচাৰ্য, সৈনিক স্কুলৰ প্ৰশান্ত কুমাৰ জেনা আৰু ডিমা হাচাওৰ নীপকোৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ৰামেচান পিভিয়েও এই বঁটা লাভ কৰিছে।


৩. শিক্ষক দিৱস উপলক্ষতে কে.চি দাস কমাৰ্চ কলেজে প্ৰৱৰ্তন কৰা শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটাও কালি প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰে ডঃ ধীৰেন্দ্ৰ নাথ বৰঠাকুৰ আৰু ডঃ নিৰ্মল কুমাৰ চৌধুৰী দেৱে।


৪. সেনাবাহিনীৰ পৰা অৱসৰ লোৱা প্ৰাক্তন সৈনিক সকলৰ দীৰ্ঘদিনীয়া দাবী এক আমৰণ অনশনৰ কাৰ্যসূচীৰ হেঁচাত মানি ল’লে কেন্দ্ৰীয় চৰকাৰে। প্ৰায় অতিৰিক্ত ১০হাজাৰ কোটি টকাৰ ব্যয়েৰে ‘এক পদ এক পেন্সন’ নীতিৰ শুভাৰম্ভ কৰা হব বুলি কালি প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে ঘোষণা কৰে।


৫. অসম স্কুল অৱ জাৰ্নেলিজমৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত বাৰ্ষিক ভাষণ প্ৰদান কৰিলে দেশৰ খ্যাতনামা সাংবাদিক ৰাজদীপ সৰদেশায়ে। সংবাদ মাধ্যমত নৈতিকতাৰ প্ৰত্যাহ্বান শীৰ্ষক এই বক্তৃতানুষ্ঠানত আঁত ধৰে নিবন্ধকাৰ ময়ূৰ বৰাই।


৬. দৈনিক জনমভূমি কাকতৰ তিনিচুকীয়া সংস্কৰণৰ তৃতীয় বৰ্ষপুতি অনুষ্ঠানতে বাৰ্ষিক গ্ৰাম্য সাংবাদিকতা বঁটাও প্ৰদান কৰা হয়। ৰবীন মৰাণ সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা এই বৰ্ষত লাভ কৰিছে কৰ্দৈগুৰিৰ সংবাদাতা খগেন মৰাণে।


৭. টংলা জুনিয়ৰ চায়েন্স কলেজে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰন’মাৰ্ছ সংস্থা আৰু গুৱাহাটী তাৰকাগৃহৰ উদ্যোগত এখনি জ্যোতিৰ্বিজ্ঞান বিষয়ৰ এখনি কৰ্মশালা য়োৱা ৩ছেপ্তেম্বৰত অনুষ্ঠিত কৰে। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগেও ইয়াত সহযোগিতা আগবঢ়ায়।


৮. ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ বাৰ্ষিক কাৰিকৰী উতসৱ ‘টেকনিক-২০১৫’ৰ শুভাৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰী পৰিক্ৰমা বিভাগৰ ডীন প্ৰফেচৰ মহন্তই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ এখনি ষ্টল টেকনিকৰ আয়োজনতে উন্মোচন কৰে।


৯. উজনী অসমৰ জিলা সমূহৰ দীৰ্ঘদিনীয়া অসুবিধা দূৰ কৰিবলৈ যোৰহাটত ছেবাৰ শাখা কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে বুলিও সুখবৰ প্ৰকাশ পাইছে।


১০. নুমলীগড় ৰিফাইনেৰী লিমিটেডে অসমৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত লোক সকলৰ সাহাৰ্যৰ্থে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২০লাখ টকা আগবঢ়াইছে। পৰিচালক সঞ্চালক পি পদ্মনাভনে শীৰ্ষ বিষয়াসমূহৰ সৈতে মুখ্যমন্ত্ৰীক সাক্ষাত কৰি কালি ধনৰাশি প্ৰদান কৰিছে।

No comments:

Post a Comment