সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত কালি দেশৰ ২৪গৰাকী সাহিত্যিকক সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰদান কৰা হয়। অসমৰ বিপুল দেউৰীয়ে ‘দ্য ইমৰটেলছ অৱ মেলুহা’ আৰু বড়ো ভাষালৈ ‘গীতাঞ্জলি’ৰ অনুবাদৰ বাবে সুৰথ নাৰ্জাৰীয়ে এই বঁটা লাভ কৰিছে।

২. প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত পদ্য আকাৰত শ্ৰীমদ্ভাগৱত গীতা অনুবাদ কৰি উলিয়াইছে বৰ্তমান বৃন্দাবন নিবাসী শান্তনু ভট্টাচাৰ্যই। মূল সংস্কৃতিৰ পৰা অনুবাদ কৰা গ্ৰন্থখন অহা মাহত প্ৰকাশ কৰা হব বুলিও জানিব পৰা গৈছে।

৩. আজি দেশজুৰি পালিত হৈছে শিক্ষক দিৱস। অসম চৰকাৰে ৮৫গৰাকী পাৰদৰ্শী শিক্ষক আৰু ২৭গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনায় আৰু তেখেতসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে। অসমত শিক্ষাৰ মান উন্নত কৰাৰ বাবে প্ৰাথমিক শিক্ষা পৰিষদ গঠন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সুখবৰ বেকত কৰে। কালি প্ৰধানমন্ত্ৰীয়েও দেশৰ ৯খন ৰাজ্যৰ ৮৬০গৰাকী শিক্ষাৰ্থী-শিক্ষকেৰে ১০৫মিনিট ভিডিঅ’ কনফাৰেন্সিং যোগে আলাপ কৰে।

৪. আমেৰিকাৰ সন্মানীয় ‘ৰাষ্ট্ৰীয় মানৱতা মেডেল’ৰ বাবে নিৰ্বাচিত হৈছে ভাৰতীয় মূলৰ মাৰ্কিন লেখিকা ঝুম্পা লাহিড়ী। অহা সপ্তাহত ৰাষ্ট্ৰপতি বৰাক ওবামাই এই বঁটা প্ৰদান কৰিব।

৫. গুৱাহাটীৰ ‘নৃত্যাঞ্জলী একাডেমী’ৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰবীন্দ্ৰ ভৱনত আয়োজিত হৈছে পঞ্চাশদিনীয়াকৈ ‘বৰ্ণ’ নামৰ এখনি প্ৰদৰ্শনী। বিশিষ্ট শিল্পী প্ৰবীণ কুমাৰ নাথৰ চিত্ৰৰ প্ৰদৰ্শন এই প্ৰদৰ্শনীৰ অংশ হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৬. যোৰহাটৰ বিশিষ্ট শিল্পী ডঃ ৰঞ্জিত বৰুৱাই নিৰ্মাণ কৰি উলিওৱা শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তিটো কোঁচ বিহাৰৰ মধপুৰ সত্ৰত আজি প্ৰতিষ্ঠা কৰা হৈছে।মূৰ্তিটো সাত ফুট ওখ বুলিও জানিব পৰা গৈছে।

৭. ভাৰতীয় চিকিতসা সন্থাৰ তেজপুৰ শাখাই কালি লোকবন্ধু দিৱস উদযাপন কৰাৰ লগতে শাখাৰ স্থায়ী ভৱন প্ৰাংগণত লোকবন্ধু, মানৱ-দৰদী ডাঃ ভুৱনেশ্বৰ বৰুৱাৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰি উন্মোচন কৰাৰ সুখবৰ।

৮. অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তনখনি কালি অনুষ্ঠিত হয়। ৰাজ্যপালৰ সৈতে অনুষ্ঠানত অংশ লয় কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী সৰ্বানন্দ সোনোৱালেও। ১৮৭ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়।ফাৰ্মাচী বিভাগৰ পবিত্ৰ বৰা আৰু ট্ৰমা, ইমাৰ্জেন্সি এণ্ড ডায়জেষ্টাৰ মেনেজমেণ্টৰ উগ্যেন ৱানগাৰ্ডক কৰ্তৃপক্ষই ২০১৫বৰ্ষৰ সোণৰ পদক প্ৰদান কৰে। অনুষ্ঠানত সন্মানীয় ‘ডক্টৰ অৱ চাইন্স’ সন্মান গ্ৰহণ কৰে ভাৰতৰত্ন চিআনআৰ ৰাওদেৱেও।

৯. বেংককত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰিছে অসমৰ শিৱ থাপাই। ছেমিফাইনেলত পৰাজিত হোৱা শিৱই ইতিমধ্যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।

১০. গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ নতুন লাইব্ৰেৰীটো কালি উন্মোচন কৰে উপাচাৰ্যই। অনুষ্ঠানতে প্ৰাক্তন অধ্যাপক সুকুমাৰ বিশ্বাসৰ এখন গ্ৰন্থও উন্মোচিত হয়। প্ৰয়াত প্ৰদীপ ভাদুৰীৰ পত্নীয়ে তেখেতৰ সংগৃহীত বহুমূলীয়া গ্ৰন্থ সম্ভাৰো লাইব্ৰেৰীলৈ দান কৰিছে। এই গ্ৰন্থাগাৰত ৩৫০০ গ্ৰন্থ থকা বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment