লোকেল গুজৱ.কম
১. মৰাণৰ বাট-পথে ঠেকেচা খাই ৰসাল গগৈদেউৰ কঁকাল টনটনাই যোৱাৰ বাতৰিত মুম্বাইতো খলকনি। নিমন্ত্ৰণ পালে তেওঁক বিহলঙনিৰে জাৰি দি বিষ উপশম কৰিবলৈ গুৱাহাটীলৈ যাব বুলিও খলকনি৩৬৫ চেনেলৰ আগত ৰাখী শাৱন্তীয়ে প্ৰকাশ কৰিছে।
২. দেশত ক'ত ক'ত শান্তিৰে মাংস খাব পাৰিব তাৰ বাবেও অচিৰেই বেন.কময়ে এপছ মুকলি কৰিব বুলি ঘোষণা কৰিছে। সঘন নিষিদ্ধকৰণৰ ফলত যাতে ভোজনবিলাসীৰ কোনো অসুবিধা নহয় তাৰ বাবেই এই ননভেজ-এপচ এচিৰেই মোবাইলৰ বাবে মুকলি কৰা হব বুলিও বেন সংস্কৃতি প্ৰচাৰ সমিতিয়ে প্ৰকাশ কৰিছে।
৩. দিগিবিদিক সিঙে অৱশেষত নতুনকৈ বিবাহত কৰোৱা বুলি প্ৰকাশ পোৱাত নিখিল ভাৰত অশীতিপৰ বৃদ্ধ সংঘই ভীষণ প্ৰেৰণা লাভ কৰাৰ খবৰ পোৱা গৈছে। সংঘই এই প্ৰেৰণাৰে অচিৰেই সংবাদমেল আয়োজন কৰি সুন্দৰী সাংবাদিকৰ সৈতে সংসাৰ তৰাৰ পৰি পৰি কল্পনা কৰা সকলৰ মনোকামনা পূৰণত সহায় কৰিব বুলিও জানিব পৰা গৈছে।

৪. ব্লেকমানি বামদেৱ বাবাই অচিৰেই চুলি ক'লা কৰা নতুন এবিধ চুলিৰ তেল বজাৰলৈ উলিয়াই দিব বুলি জানিব পৰা গৈছে। এই তেল ঘঁহিলে চুলি দীঘল থাকিব আৰু তাৰ মাজত ব্লেকমানি লুকুৱাই ৰাখিলেও ইনকাম টেক্সৰ মানুহে গোন্ধ নোপোৱাকৈ বিশেষ সুগন্ধিৰ ব্যৱস্থা কৰা বুলিও বাবাই প্ৰকাশ কৰিছে। অৱশ্যে তেল ঘঁহাৰ পাছত চুলিৰ স্বাস্থ্যৰ বাবে অালুলোম-বিলালোম বাধ্যতামূলক বুলিও জানিব পৰা গৈছে।
৫. সদৌ অসম ভিত্তিত পদুম পাৰ্টিৰ কৰ্মকৰ্তাৰ মাজত ফেচবুক বোকা ছটিওৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। চ'চিয়েল মেডিয়া যোগে প্ৰচাৰৰ অভ্যাস কৰাৰ বাবেই এই আয়োজন কৰা হৈছে বুলি সিদ্ধপুৰুষ ভট্টই প্ৰকাশ কৰিছে। গালি গালাজৰ বাবে উত্তম প্ৰতিশব্দ বাছনি কৰি সাংস্কৃতিক পৰিবেশ বিনষ্ট নকৰিবলৈকো যোদ্ধা সকলক তেখেতে আহ্বান জনাইছে।
৬. প্ৰতিবাদ প্ৰদেশত পুনৰ প্ৰতিমূৰ্তি জ্বলোৱা প্ৰতিযোগিতা ঠায়ে ঠায়ে অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে। অনাগত দিনবোৰৰ বাবে যথেষ্ট পৰিমানৰ টায়াৰ, ভিন্ন নেতাৰ জুমুঠি, খেৰ, তেল, টিভি কেমেৰা আদি যোগাৰ কৰি থবলৈকে সদৌ প্ৰদেশ প্ৰতিবাদী সংঘই থলুৱা ব্যৱসায়ী সকললৈ আহ্বান জনাইছে।
৭. "খেদে বিদেশী থাকে কোন, থাকে বিদেশী যায় কোন!" নামৰ নাটক এখন অবিজিত ভট্টাচাৰ্যই লিখি উলিয়াইছে বুলি জানিব পৰা গৈছে। মূল নাটৰ আগে আগে 'হিন্দুত্বৰ তালে তালে' নামৰ এখনি নৃত্য-নাটিকাও গেৰুৱা নৃত্যদলে পৰিবেশন কৰিব বুলিও খবৰ আহিছে।
৮. হেলমেট পিন্ধা সকলক কোনো ৰাজনৈতিক দলৰ শোভাযাত্ৰাত যাবলৈ নিষিদ্ধ কৰাৰ ফলতে নলবাৰীৰ ফালে দলবাগৰা অনুষ্ঠানলৈ হেলমেট নিপিন্ধাকৈ হাজাৰ হাজাৰ যুৱক যাব লগা হোৱা বুলি জানিব পৰা গৈছে। ডেকা সকলৰ এই অৱস্থালৈ চাই সদৌ অসম অভিভাৱক সন্থাই উদ্বেগ প্ৰকাশ কৰি পৰিবহন বিভাগক অনুমতি প্ৰদান কৰিবলৈ কাতৰ আহ্বান জনোৱা বুলি প্ৰেছ বিজ্ঞপ্তি আমাৰ হাতত পৰিছেহি!
৯. "আত্মা-পৰমাত্মাৰ শুদ্ধিকৰণৰ হাতপুথি" নামৰ গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছে "সুবিধাবাদৰ সময়" গ্ৰন্থৰে অভিলেখ গঢ়া জালুকগুটি শৰ্মাই। নিজে শুদ্ধিকৰণৰ পৰা পোৱা নিৰ্মল আনন্দৰ ভাগ দিবলৈ আৰু সেইবাটে যোৱাত ফেন-অনুৰাগী সকলৰ সুবিধাৰ্থেই এই হাতপুথি মুকলি কৰা হৈছে বুলিও জানিব পৰা গৈছে!
১০. "হায় এনআৰচি" নামৰ এখন হাস্য-মধুৰ ভিচিডি কইনাধৰা প্ৰডাকচনে প্ৰযোজনা কৰিবলৈ লোৱা বুলি জানিব পৰা গৈছে। জন্মভূমিতে কুকুৰা বেচা ধনেৰে ফটো তুলি, ডকুমেণ্ট লৈ এন.আৰ.চি কৰা মানুহৰ নগুৰ নাকটিৰ কথাৰে নিৰ্মাণ কৰা ভিচিডিয়ে অসমীয়া চিনেমাকো উদ্ধাৰি দিবই বুলিও প্ৰযোজন কনপোনা গগৈয়ে দৃঢ়তা প্ৰকাশ কৰাৰ গোপন বাতৰি প্ৰকাশ পাইছে।
No comments:
Post a Comment