হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. ইন্দ্ৰানী বাইদেউৰ কেইবাজনো অনাৱিস্কৃত পতি বানাক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিনিধিয়ে বানত ককবকাই থকা ৰাইজৰ দুখ-দুৰ্দশাতকৈ সেই সন্দেহজনক স্বামী কেইজন বানৰ বাবে লাইভ এণ্ড এক্সক্লুচিভ দেখুৱাব নোৱাৰাৰ দুখটোহে ৰাষ্ট্ৰৰ বেছি গভীৰ শোকৰ কথা বুলি মন্তব্য কৰিছে।

২. ডিব্ৰুগড়ত ক্ষুৰ্দ্ধ বন্যাৰ্তই জলসম্পদৰ অভিযন্তাক চোঁচৰালে বুলি বাতৰি প্ৰকাশ পাইছে। এইদৰে চোঁচৰালে পানী অতিসোনকালে কমিব বুলি কোনো জ্যোতিষীয়ে কোৱাতহে এনে বৈপ্লৱিক পদক্ষেপ বন্যাৰ্তই লোৱা বুলিও গোপন সূত্ৰত প্ৰকাশ।

৩. বানত উটি যোৱা মানুহৰ সংখ্যাক লৈ গণনাত ব্যস্ত হৈ আছে নহৰুল ইছলাম চাহেব। বানত মৰা মানুহৰ সংখ্যাই স্বাস্থ্য বিভাগৰ অভিলেখ ভংগ কৰিবই নেকি তাত উদ্বিগ্ন হৈ তেওঁ ব্যস্ত হৈ থকাৰ বাবেহে পিয়াঁজ কন্দোৱা স্বত্বেও তেওঁ দৃষ্টি দিবলৈ সময় পোৱা নাই বুলি সদৌ অসম কমিচন দিয়া বেপাৰী সংঘৰ সূত্ৰত প্ৰকাশ পাইছে।

৪. পদুম পাৰ্টিত যোগদান কৰি মানুহৰ ভিৰ প্ৰযোজনাৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে জালুকগুটি শৰ্মাই। সিদিনা মানুহ গোটোৱা বিল দেখি এতিয়া শৰ্মাদা আৰু বৌৰ দুয়োৰেই ব্লাড প্ৰেছাৰেও সৰু সুৰা লিমকা ৰেকৰ্ড ভংগ কৰা বুলি তেওঁলোকৰ সেৱাৰত ব্যক্তিগত নাৰ্ছে হোৱাটছ-এপত প্ৰকাশ কৰিছে!

৫. জালুকগুটি শৰ্মাৰ সৈতে যৌতুকত অহা বয়-বস্তুক লৈ গণনা আৰম্ভ হৈছে পটল-বিহাৰী ভৱনত। জানিব পৰা মতে এটা কামৰ চেনেল, কেইটামান নেচেল বিধায়কৰ লগতে প্ৰকৃততে কেইখন জিলা-মহকুমা তথা স্বায়ত্ত শাসিত পৰিষদ এই যৌতুকৰ অংশ হৈছে তাৰ হিচাবত গণ্ডগোল লাগিছে। অহাৰ সময়ত দিয়া হিচাবতকৈ এতিয়া আহি পোৱা মালৰ মাজত ভীষণ বিসংগতিও বেপাৰী পাৰ্টিৰ গণনাকাৰী সকলে প্ৰত্যক্ষ কৰা বুলিও খবৰ আমালৈ আহিয়েই আছে!

৬. দিল্লীত ৰসাল গগৈ আৰু গুঞ্জন দত্তই বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে। কোনোবাই কোৱা মতে বানাক্ৰান্তৰ দুৰ্দশা সহ্য কৰিব নোৱাৰিহে দুয়ো এনেকৈ মুখ লুকাই আছেগৈ। কোনোৰ মতে ভগা দল মেৰামতিৰ বাবেহে, আন কোনোবাই জনোৱা মতে দিল্লীৰ পৰা বানপানী উপলক্ষে বিশেষ লাড্ডু সৰকাব পাৰে নেকি তাৰহে গুণাগঁথা চলাবলৈ দুয়ো তাত থকাৰ কথাও প্ৰকাশ কৰিছে।

৭. অসমত মডেলৰ অবৈধ অভিসাৰ তথা প্ৰেম কাহিনীক লৈ এতিয়া তোলপাৰ লগাৰ সময়তে সদৌ অসমত ভাষা-সচেতন পৰিষদেও নতুন দাবীৰ উত্থাপন কৰিছে। মডেল মানেই ‘আদৰ্শ’ নহয়, সেই কথাও অসমীয়া অভিধানবোৰত সৰ্বত্ৰে শুধৰণি কৰি ইয়াৰ পৰিবৰ্তিত সংজ্ঞা লিপিবদ্ধ কৰি নৱ-প্ৰজন্মক বুজাই দিবলৈ আহ্বান জনোৱা বুলিও জানিব পৰা গৈছে।

৮. এতিয়াৰ পৰা বিবাহ পঞ্জীয়নৰ ক্ষেত্ৰত লিগেচী ডাটাৰ লগতে ডিএনএ পৰীক্ষাৰ দৰকাৰ হব বুলি গোপন খবৰ প্ৰকাশ পাইছে। অতি আধুনিক মহিলাৰ ক্ষেত্ৰত বিবাহ পঞ্জীয়কে ‘বিশেষ তদন্তকাৰী গোট’ আৰু স্থানীয় চেনেলৰ সাংবাদিকৰ তথ্যৰ ভিত্তিত পঞ্জীয়ন পূৰ্বৰ সকলো বৈধ-অবৈধ সম্পৰ্ক নিশ্চিত কৰিহে নৱ-বিবাহৰ পঞ্জীয়ন কৰিব বুলিও জানিব পৰা গৈছে। পৰিস্থিতিয়ে এই পদক্ষেপ লবলৈ বাধ্য কৰা বুলিও সূত্ৰত প্ৰকাশ।

৯. অহা শিক্ষক দিৱস উপলক্ষতো এক লাখমান নতুন চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিবলৈ ঘোষণামন্ত্ৰী বৰকটকীয়ে টঙালি বান্ধিছে বুলি জানিব পৰা গৈছে। বিসংগতি পূৰ্ণ প্ৰাৰ্থী তালিকাত নামভৰ্তিৰ বাবেও আগতীয়াকৈ দালালৰ হাতত বুকিং কৰাৰ ব্যৱস্থাও অতি সোনকালেই ৰাইজৰ সহায় হোৱাকৈ খুলি দিয়া হব বুলিও বৰকটকী কোম্পানীৰ গোপন সূত্ৰত প্ৰকাশ পাইছে।

১০. অচিৰেই ৰাজগাদী থিয়েটাৰত মঞ্চস্থ হব অবিজিত ভট্টাচাৰ্যৰ নতুন নাট ‘দল-বদলোৱা নায়ক’! মূল নাটৰ ঠিক আগে আগে এখনি গীতি-নৃত্যনাটিকা ‘বিসম্বাদী নৃত্য’ৰে পৰিবেশন কৰা হব বুলি জানিব পৰা গৈছে। নাটকখনি প্ৰযোজনাত সদৌ অসম কণী ছিণ্ডিকেট, পাণ ছিণ্ডিকেট আৰু শুকান মাছ ছিণ্ডিকেট সংস্থায়ো বৰঙণি যোগাৱা বুলি থিয়েটাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

No comments:

Post a Comment