সুখ-দুখৰ বতৰাঃ ১৪ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৪ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ১৪ছেপ্তেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
(১) ভাৰতৰ মহিলা টেনিছ তাৰকা ছানিয়া মিৰ্জা ইউ এছ অপেন ‘গ্ৰেণ্ডশ্লেম’ টেনিছ প্ৰতিযোগিতাৰ ‘মহিলা ডাবলছ’ৰ খিতাপ জয় কৰিবলৈ সক্ষম হয় ৷ ছানিয়া মিৰ্জাই ছুইজাৰলেণ্ডৰ তাৰকা খেলুৱৈ মাৰ্টিনা হিংগিছৰ সৈতে যুটী বান্ধি খেলিছিল ৷

(২) আজিৰে পৰা ভাৰতীয় ৰে'লত 'ভেকুৱাম টয়লেট'ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। বিমানৰ দৰে জৈৱিক শোষক ব্যৱহাৰ কৰা এই উন্নত সেৱা দেশৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়মুখী ৰাজধানী এক্সপ্ৰেছৰ প্ৰথম শ্ৰেণীৰ ডবাত লগোৱা বুলি ৰে'লৱে কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। পৰ্যায়ক্ৰমে এনে ব্যৱস্থা দুৰন্তকে ধৰি উন্নত ৰে'লসেৱা সমূহতো বহোওৱা হব বুলিও বাতৰি প্ৰকাশ পাইছে।

(৩) চীনৰ গুৱাংঝি ঝুৱাং স্বায়ত্ত্বশাসিত অঞ্চলৰ নেনিঙত অহা ১৫-১৬ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া ‘ধানখেতি আৰু সংস্কৃতি’ সম্পৰ্কীয় আলোচনাচক্ৰলৈ নিমন্ত্ৰিত হোৱা অসমৰ মঙলদৈ কলেজৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা সংগীতা গগৈয়ে ‘ধান খেতিৰ সংস্কৃতিৰ দৰ্শন আৰু এছিয়াত ইয়াৰ সংৰক্ষণ আৰু বিকাশ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰিব ৷

(৪) কানাডাৰ অন্টাৰিঅ’ প্ৰদেশৰ কুইনছ বিশ্ববিদ্যালয়ৰ মেট ছুলজ সমন্বিতে বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে এটি বৃহদাকায় যুগ্ম তৰাৰ (first massive binary star) আৱিষ্কাৰ কৰিছে, যাৰ দুয়োটা তৰাৰে চুম্বকীয় ক্ষেত্ৰ আছে ৷ এই যুগ্ম তৰাযুগলৰ নাম দিয়া হৈছে ‘এপছিলন লুপি’ ৷

(৫) ভাৰতীয় মূলৰ অশোক শ্ৰীধৰণ জাৰ্মানীৰ বন চহৰৰ মেয়ৰ নিৰ্বাচিত হৈছে৷ চেঞ্চেলৰ এংজেলা মাৰ্কেলৰ খ্ৰিষ্টিয়ান ডেম’ক্ৰেটিক ইউনিয়নৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা শ্ৰীধৰণেই হৈছে জাৰ্মানীৰ যিকোনো এখন চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় মূলৰ ব্যক্তি ৷

(৬) মেঘালয়ৰ মূখ্যমন্ত্ৰী মুকুল চাংমাই ৰাজ্যখনত ‘খাদ্য সুৰক্ষা আইন’ তৎকালে বলবৎ হোৱাকৈ যোৱাকালি উক্ত আইনখন আৰম্ভ কৰে৷

(৭) ইউ এছ অপেনৰ পুৰুষৰ ছিংগলছত জয়ী হৈ নভাক জ’কভিছে তেওঁৰ কেৰিয়াৰৰ দশমটো গ্ৰেণ্ডশ্লেম দখল কৰি ইতিহাস ৰচনা কৰে। মিক্স ডাৱলচৰ খিতাপ ভাৰতৰ লিয়াণ্ডাৰ পেজে মাৰ্টিনা হিংগিচৰ সৈতে যুটী বান্ধি জয় কৰিছে।

(৮) শ্বেয়াৰ মাৰ্কেটৰ উৰ্ধমূখী গতি অব্যাহত ৰাখি আজি ছেনছেক্সে ১০০ পইন্ট বৃদ্ধি পাইছে৷ আনহাতে, নিফটীৰ সূচকাংক বৃদ্ধি পাইছে ৭৮০০ পইন্টৰ ওপৰলৈ৷ চীনৰ শ্বেয়াৰৰ বজাৰৰ খহনীয়াই ভাৰততো ছেনছেক্সত খহনীয়া সৃষ্টি কৰাৰ পাছত এই উৰ্ধমুখী গতিৰ খবৰে বিনিয়োগকাৰী সকললৈ সকাহ কঢ়িয়াই আনিছে।

(৯) ব্ৰিটিছ ৰাণী ভিক্টোৰিয়াক হিন্দী শিকোৱা উত্তৰ প্ৰদেশৰ ঝান্সী চহৰৰ আব্দুল কৰিমক সন্মানিত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে তেওঁৰ কবৰত এখন বিশেষভাৱে নিৰ্মিত শুভ্ৰ ফলক অহা ১৯ ছেপ্তম্বৰত উন্মোচিত কৰিব৷

(১০) মি: পাৰ্ফেক্টছনিষ্ট ভাৰতীয় চিত্ৰ-তাৰকা আমিৰ খানে তেওঁৰ নতুন ছবি ‘ডাংগল’ৰ ছুটিং আজি লুধিয়ানা চহৰত আৰম্ভ কৰিছে ৷ এই ছবিখন কিম্বদন্তী মল্লযুঁজাৰূ মহাবীৰ ফোগট আৰু তেওঁৰ মল্লযুঁজাৰূ জীয়ৰী কেইজনীৰ ওপৰত আধাৰিত৷
                                                                                                               যুগুতালে শ্বিলঙৰ পৰা বিপাশা বৰাই।

No comments:

Post a Comment