সুখ-দুখৰ বতৰাঃ ৪ ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ৪ ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ৪ ছেপ্তেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
(১) ৰাজ্যিক নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ৩১ আগষ্টত উকলি যোৱাৰ পাছত ৰাজ্যৰ ২৭খন জিলাৰ ভিতৰত ১১৮.০২ শতাংশৰে লক্ষীমপুৰ জিলাই সৰ্বাধিক প্ৰপত্ৰ সংগ্ৰহ কৰি প্ৰথমস্থানত তালিকাভুক্ত হ’বলৈ সক্ষম হৈছে৷

(২) ভ্ৰাম্যমান জগতৰ পিতামহ অচ্যুত লহকৰক জীৱনজোৰা সাধনাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁ চিকিৎসাধীন হৈ থকা সতীশ শৰ্মা মেম’ৰিয়েল নাৰ্ছিংহ’মতে প্ৰদান কৰে ভৱেন বৰুৱা বঁটা৷

(৩) এইবাৰ পোনপ্ৰথমবাৰৰ বাবে দুদিনীয়াকৈ ৰাজ্য চৰকাৰে পালন কৰিব শিক্ষক দিৱস৷ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰে চলিত বৰ্ষত প্ৰাথমিক বিদ্যালয়ৰ ১৭ গৰাকী আৰু মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকী শিক্ষকলৈ কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰিব৷

(৪) এইবছৰ লণ্ডন চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে অসমীয়া চলচিত্ৰ “কথানদী”ক চৰকাৰীভাৱে নিৰ্বাচিত কৰা হৈছে৷ বৰ্তমান ৫৯ বছৰত ভৰি দিয়া এই চলচিত্ৰ মহোৎসৱ ইউৰোপৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় মহোৎসৱ৷ উল্লেখ্য, কথানদীয়ে ইতিমধ্যে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এচিয়াৰ বৃহত্তম চলচিত্ৰ মহোৎসৱ “বুছান আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ”লৈও নিৰ্বাচিত হৈছে৷

(৫) দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চেনিমাই দলে, লাষ্টি মিনি আদিৰ দৰে অখ্যাত অথচ থলুৱা বস্ত্ৰৰ বিশেষজ্ঞস্বৰূপ জনজাতীয় শিপিনীসকলৰ জৰিয়তে উত্তৰ পূৱৰ পৰম্পৰাগত বস্ত্ৰক উদ্যোগৰ ৰূপ দিয়াৰ প্ৰচেষ্টা আৰম্ভ কৰিছে৷ ধেমাজিৰ শিপিনী চেনিমাই দলে এই সপোনৰ অংশীদাৰ হৈছে৷ চলিত বৰ্ষত হস্ততাঁত দিৱসত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এইগৰাকী শিপিনীয়ে ১৭ ছেপ্তেম্বৰত আয়োজিত মোডীৰ জন্মদিনৰ কাৰ্যসূচীত অংশ ল’বলৈ বিশেষ আমন্ত্ৰণ লাভ কৰিছে৷

(৬) শিৱসাগৰৰ চাওলুঙ চুকাফা সমন্বয় ক্ষেত্ৰত আহোম জাতীয় গণমঞ্চ নামৰ সংগঠনটোৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত প্ৰৱৰ্তন কৰা “হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা” ভীমকান্ত বৰুৱাক প্ৰদান কৰে সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে৷

(৭) ভাৰতীয় টেনিছ খেলুৱৈসকলে ইউ এছ অপেনত সফল আৰম্ভণি কৰিছে ৷ লিয়েণ্ডাৰ পেজে মিক্সড ডাবলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে ৰোহন বোপান্নাই পুৰুষৰ ডাবলছত প্ৰথম ৰাউণ্ডত জয়ী হৈছে৷

(৮) অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা স্মৰণীয় অৱদানৰ বাবে ২০১৫ বৰ্ষৰ তৰুণ দুৱৰা সোঁৱৰণী অইল ইণ্ডিয়া বঁটা বিশিষ্ট বোলছবি অভিনেতা,নিৰ্মাতা কুলদা কুমাৰ ভট্টাচাৰ্য আৰু বিশিষ্ট চিত্ৰশিল্পী, ভাস্কৰ সোণাৰাম নাথক বাছনি কৰা হৈছে৷ অহা ৬ অক্টোবৰৰ সন্ধিয়া ৰবীন্দ্ৰ ভৱনত এই বঁটা প্ৰদান কৰা হ’ব৷

(৯) কাৰাটে এছ’চিয়েছন অৱ ইণ্ডিয়া আৰু কমনৱেলথ কাৰাটে ফেডাৰেছনৰ সৌজন্যত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া অষ্টম বাৰ্ষিক কাৰাটে প্ৰতিযোগীতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে অসমৰ একমাত্ৰ খেলুৱৈ জানকী দেৱীয়ে৷ তেওঁ কেডেট (১৪-১৫ বছৰ)শাখাৰ ছোৱালীৰ ৪৭ কি:গ্ৰা: অনূৰ্ধ কুমিটে কেটেগৰীত অংশগ্ৰহণ কৰিব৷

(১০) ফিফাৰ শেহতীয়া ৰেংকিঙৰ তালিকাত ভাৰতে এটা স্থান আগুৱাই ১৫৫ নং স্থানত উপনীত হৈছে ভাৰত৷ প্ৰকাশিত তালিকাখনত আৰ্জেন্টিনাই শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে আৰু শীৰ্ষৰ সাতোটা স্থান অপৰিৱৰ্তিত আছে ৷

No comments:

Post a Comment