সুখ-দুখৰ বতৰাঃ ১১ ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১১ ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ১১ ছেপ্তেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
(১) দক্ষিণ আফ্ৰিকাৰ এটা দুৰ্গম গুহাৰ ভিতৰত মানৱৰ লগত সাদৃশ্য থকা এক প্ৰাচীন প্ৰজাতিৰ জীৱাশ্ম উদ্ধাৰ কৰিছে বিজ্ঞানীৰ এটা দলে৷ মানুহৰ লগত সাদৃশ্য থকা এই প্ৰজাতিক “হোমো নালেডী” বুলি নামাকৰণ কৰা হৈছে৷

(২) অসম আৰু মেঘালয়ত হ’বলগীয়া দ্বাদশ ছাউথ এছিয়ান গেমছৰ(ছাফ) বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে৷ অহাবছৰ ১০ জানুৱাৰীৰ পৰা ২২ তাৰিখলৈ গুৱাহাটী আৰু শ্বিলঙত এই ছাফ গেমছ অনুষ্ঠিত হ’ব ৷ আঠখন ৰাষ্ট্ৰৰ ২৫০০ জন খেলুৱৈৰ সমাগম হ’বলগীয়া এই গেমছৰ সকলো প্ৰস্তুতি নিখুঁত কৰিবৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে এক জৰুৰী বৈঠকত বহা বুলিও বাতৰি প্ৰকাশ পাইছে।

(৩) ভাৰতৰ “ডিফেন্স ৰিছাৰ্ছ এণ্ড ডেভাল’পমেন্ট অৰ্গেনাইজেশ্বন” চমুকৈ ডি আৰ ডি অ’ৰ প্ৰথমগৰাকী মহিলা সঞ্চালক প্ৰধানৰূপে ইতিহাস ৰচিছে জে মঞ্জুলাই৷ ডি আৰ ডি অ’ৰ “ইলেকট্ৰ’নিকছ এণ্ড কমিউনিকেশ্বন” বিভাগৰ সঞ্চালকপ্ৰধানৰূপে তেওঁ প্ৰখ্যাত বিজ্ঞানী কে ডি নায়কৰ পৰা এই বিভাগৰ দায়িত্ব গ্ৰহণ কৰিছে৷

(৪) দেশৰ কৃষি শিক্ষা গৱেষণা খণ্ডলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 কে এম বুজৰবৰুৱালৈ আগবঢ়োৱা হৈছে ২০১৫ চনৰ এগ্ৰিকালচাৰেল লীডাৰশ্বিপ এৱাৰ্ড৷ নতুন দিল্লীৰ এগ্ৰিকালচাৰ টুডে’ গ্ৰুপ অৱ মেগাজিনৰ উদ্যোগত সন্মানীয় এই বঁটা প্ৰদান কৰা হয়৷

(৫) ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ অসম ৰাজ্যিক সন্মিলন তিনিদিনীয়া কাৰ্যসূচীৰে ১১ -১২-১৩ ছেপ্তেম্বৰত যোৰহাটত অনুষ্ঠিত হৈছে৷ আজি প্ৰথমদিনাৰ কাৰ্যসূচীত মূখ্য-বক্তাৰূপে উপস্থিত থাকিব ত্ৰিপুৰাৰ মূখ্যমন্ত্ৰী মানিক সৰকাৰ, ড0 ভি শিৱদাসন আৰু সৰ্বভাৰতীয় যুটীয়া সম্পাদক বিক্ৰম সিঙ৷

(৬) সমাজ গঠনত কৰ্মদক্ষ,মানৱীয় মূল্যবোধৰ প্ৰতি সচেষ্ট নাগৰিক গঢ় দিয়াৰ দূৰদৰ্শী চিন্তাৰে যোৰহাটত স্থাপন কৰা উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন অসম মহিলা বিশ্ববিদ্যালয়ে সফলতাৰে ইয়াৰ প্ৰথমটো বৰ্ষ সম্পূৰ্ণ কৰিছে৷

(৭) দেশৰ আটাইতকৈ আড়ম্বৰপূৰ্ণ সংগীতানুষ্ঠানখনে ষষ্ঠ বছৰত ভৰি দিছে৷এই বাকাৰ্ডি এন এইচ চেভেন উইকেণ্ডাৰে এই বছৰ পাঁচখন চহৰ ভ্ৰমণ কৰিব৷ এই যাত্ৰা আৰম্ভ হ’ব অহা ২৩-২৪ অক্টোবৰত উত্তৰ পূৱৰ সংগীত চহৰ খ্যাত শ্বিলঙৰ পৰা৷ বাকী চাৰিটা সংস্কৰণ হ’ব ক’লকাতা, নতুন দিল্লী, পুনে আৰু বাগালুৰুত৷

(৮) বিখ্যাত ফৰচুন আলোচনীয়ে প্ৰকাশ কৰি উলিওৱা দহগৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছে আমেৰিকাবাসী ভাৰতীয়মূলৰ উদ্যোগী পায়েল কাড়াকিয়াই৷ কাড়াকিয়া হৈছে দুবছৰ পূৰ্বে স্থাপিত ক্লাছ পাছ নামৰ প্ৰতিষ্ঠানটোৰ চি ই অ’ তথা সহযোগী প্ৰতিষ্ঠাপক৷

(৯) বিগত আঠোটা বছৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি অভিজাত প্ৰকাশন গোষ্ঠী আঁক বাকে শেহতীয়াকৈ প্ৰকাস কৰি উলিয়াইছে বছৰৰ গল্প ২০১৪৷ সৌমিত্ৰ যোগীৰ সম্পাদনাৰে প্ৰকাশ পোৱা এই সংকলনখনত বিভিন্ন কাকত আলোচনীত প্ৰকাশিত ২০১৪ বৰ্ষৰ ২৬ টা বাছকবনীয়া গল্প সন্নিৱিষ্ট হৈছে৷

(১০) ভাৰতৰ ছানিয়া মিৰ্জা আৰু লিয়েণ্ডাৰ পেজে ছুইছ তাৰকা মাৰ্টিনা হিংগিছৰে যুটি বান্ধি ইউ এছ অপেনৰ মহিলা আৰু মিক্সড উভয় শাখাৰে ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷
যুগুতালে বিপাশ বৰাই।

No comments:

Post a Comment