সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
(১) বিশিষ্ট ঔপন্যাসিকা অনুৰাধা শৰ্মা পূজাৰী, লোক-সংস্কৃতিৰ সাধক ডা: অমৰেন্দ্ৰ গগৈ, গল্পকাৰ প্ৰশান্ত কুমাৰ দাস, ঔপন্যাসিক সপোন কুমাৰ দত্ত, আৰু ইতিহাসবিদ বিষ্ণুলাল শৰ্মালৈ এই বৰ্ষৰ “অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান” আগবঢ়োৱা হৈছে৷

(২) চৰকাৰ আৰু প্ৰশাসনৰ অমনোযোগিতাত ৰাজ্যৰ লক্ষাধিক বানপীড়িত লোকে দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়ত তেওঁলোকৰ সহায়ৰ বাবে হাতে হাতে দানপাত্ৰ লৈ ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ শিল্পীসমাজ ৷ জুবিন গাৰ্গসহ প্ৰায় এশ শিল্পী তথা কলা কুশলীয়ে বানপীড়িত লোকসকলৰ বাবে সাহাৰ্য সংগ্ৰহ কৰে৷

(৩) “গৌৰৱ মা” নামে জনাজাত স্নেহলতা হুডা নামৰ আশীৰ ঘৰ অতিক্ৰম কৰা মহিলাগৰাকীয়ে ২০০৫ চনৰ পৰা দিল্লীৰ প্ৰায় ৪০০ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত আৰু অৱহেলিত শিশুৰ বাবে এখন বিশেষ বিদ্যালয় চলাই আহিছে৷ তেওঁ এই বিদ্যালয়খন প্ৰথমে আৰম্ভ কৰিছিল ২০ জন শিক্ষাৰ্থীৰে এডাল গছৰ তলত৷

(৪) জনসাধাৰণৰ চৰকাৰী বিভিন্ন সেৱালাভৰ অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে চৰকাৰে “সুগম আছাম ই-ডিষ্ট্ৰিক্ট চাৰ্ভিচেজ”শীৰ্ষক এখন আঁচনিৰ শুভ উদ্বোধন কৰে৷ এই আঁচনিৰ অধীনত ৰাইজে অৰুণোদয় কেন্দ্ৰ,পাব্লিক ফেচিলিটেশ্বন আদিৰ জৰিয়তে চক্ৰ বিষয়া,মহকুমাধিপতি আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সৈতে অনলাইনযোগে যোগাযোগ কৰি মুঠ ৪২ বিধ সেৱা লাভৰ সুবিধা পাব৷

(৫) অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰাৰ প্ৰয়াসেৰে থাইলেণ্ডৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এই কাৰ্যসূচীৰ সুবাদতে থাই এয়াৰৱেজে গুৱাহাটীৰ পৰা বেংককলৈ এখন পোনপটীয়া বিমান চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

(৬) বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যলৈ চলিত বৰ্ষৰ নাট্যপ্ৰৱৰ সাৰদাকান্ত বৰদলৈ বঁটা আৰু অভিনেত্ৰী বিদ্যা ৰাওলৈ শিল্পপ্ৰাণ চন্দ্ৰ ফুকন বঁটা আগবঢ়োৱা হৈছে৷

(৭) গুৱাহাটীৰ সৰলা বিৰলা জ্ঞানজ্যোতিলৈ আগবঢ়োৱা হৈছে বৃটিছ কাউন্সিলৰ সন্মানীয় ইন্টাৰনেচনেল স্কুল এৱাৰ্ড৷ দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়৷

(৮) আজি ৱৰ্ল্ড ৰাইন’ ডে’৷ ২০১০ চনৰ পৰাই দক্ষিন আফ্ৰিকাত ডব্লিউ ডব্লিউ এফৰ এই দিন উদযাপনৰ বাবে জনোৱা আহবানৰ প্ৰতি সঁহাৰি জনাই প্ৰকৃতিপ্ৰেমীসকলে এই দিন পালন কৰি আহিছে ৷ এইবছৰো অসমত ইণ্ডিয়ান ভিছন টুৱেন্টি টুৱেন্টিৰ অধীনত ডব্লিউ ডব্লিউ এফে আজি মানাহ,কাজিৰঙা আৰু বুঢ়াচাপৰিত এই দিন পালন কৰিছে৷

(৯) অহা ১ অক্টোবৰৰ পৰা গুৱাহাটীত নিশা বাৰ বজালৈ চলিব চিটিবাছ ৷ কামৰূপৰ উপায়ুক্ত অংগমুথুৱে লগতে সদৰি কৰে যে, পুৱা চাৰি বজাৰ পৰা সাত বজালৈও মহানগৰীৰ কেইবাটাও পথত চিটিবাছ চলাচল কৰিব৷

(১০) ২৬ ছেপ্তেম্বৰৰ পৰা মালয়েছিয়া কুৱালালামপুৰত অনুষ্ঠিত হ’বলগীয়া ৩৭সংখ্যক বিশ্ব পাঞ্জা প্ৰতিযোগীতালৈ যাবলগীয়া ভাৰতীয় দলটোত অসমৰ অৰূপ ৰাজকোৱৰ (৮০ কেজি), মনোজ দেৱনাথ (৫৫ কেজি) নিৰ্বাচিত হোৱাৰ লগতে অসমৰ পাঞ্জা সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণ প্ৰতীম চলিহাই টীম মেনেজাৰ হিচাপে দলটোৰ নেতৃত্ব দিব ৷

No comments:

Post a Comment