
আজিৰ ভাল খবৰবোৰ
১) 'গুগুল' নামৰ তথ্য-প্ৰযুক্তিৰ শীৰ্ষস্থানীয় কোম্পানীটোৱে ভাৰতৰ ৫০০ টা ৰেল ষ্টেচনত অতি শীঘ্ৰেই বিনামূলীয়া ৱাই-ফাই ইন্টাৰনেট সেৱা প্ৰদান কৰিব। এই চুক্তি প্ৰধানমন্ত্ৰীৰ চিলিকণ-ভেলী ভ্ৰমণৰ সময়ত সম্পন্ন হৈছে। গুগুলৰ এই সেৱাই অসমৰ গুৱাহাটী ৰেল ষ্টেচনকো সামৰি ল'ব।২) ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়া আৰু ই-গভাৰনেন্স আঁচনিৰ অধীনত অসমতো বিভিন্ন চৰকাৰী সা-সুবিধাসমূহ এতিয়াৰেপৰা অনলাইনযোগে আৰু বিভিন্ন উপায়ুক্তৰ কাৰ্যালয়,ব্লক,চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু অৰুণোদয় কেন্দ্ৰসমুহত উপলব্ধ হ'ব । ইয়াৰ জৰিয়েতে জাতিৰ প্ৰমাণ পত্ৰ, মাটিৰ মূল্য নিৰ্ধাৰণ প্ৰমাণ পত্ৰ আদি সৰ্বমুঠ ৪২ টা সেৱা নাগৰিকে লাভ কৰিব পাৰিব । এই সেৱাসমূহত আৱেদন কৰাৰ পাছৰে পৰা স্থিতিৰ তথ্য এচ.এম.এচ. আৰু ইমেইলযোগে আৱেদনাকাৰীক জনাই থকা হ'ব ।
৩) ঘন্টাত সৰ্বোচ্চ ৬০ কিমি প্ৰতি ঘন্টা বেগেৰ যাব পৰা পৰিৱেশৰ বান্ধৱ আৰু ডিজেল-পেট্ৰলৰ ব্যৱহাৰ নকৰাকৈ চলিব পৰা ইলেক্ট্ৰিক মটৰচাইকেল (ইয়োবাইক) অতি সোনকালেই অসমতে কিনিবপৰা যাব। ইলেক্ট্ৰোথাৰ্ম ইন্ডিয়া লিমিটেড নামৰ নিৰ্মাতা কোম্পানীটোৱে উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ ডীলাৰ স্থাপনৰ বাবে জাননী দিছে। যোগাযোগৰ ইমেইল - info@etain.in
৪) ছমাৰহৰপৰা পাঁচবছৰ বয়সৰ শিশুক সপ্তাহত দুবাৰকৈ আহাৰ খুওৱাৰ পাছত ১ মিলি.কৈ আই.এফ.এ. চিৰাপ(ওচৰৰ স্বাস্থ্যকেন্দ্ৰত বিনামূলীয়াকৈ উপলব্ধ) খুৱালে এনিমিয়া ৰোগ হোৱাৰপৰা বচাব পাৰি। গৰ্ভৱতী মহিলাইও এই দৰৱ টেবলেট আকাৰে খাব লাগে ।
৫) গুৱাহাটীৰ জ্যোতিনগৰৰ এঘৰত কালি এটি দিক বিদিগ হেৰুওৱা হৰিণা পোৱালী উদ্ধাৰ কৰি 'প্ৰতিদিন টাইম'ৰ সহযোগত চিৰিয়াখানত চমজাই দিয়া হয়।
৬) শাৰিৰীকভাৱে বাধাগ্ৰস্ত পিতৃক আৰ্থিকভাৱে সহায় কৰিবলৈ হৰেন্দ্ৰ চৌহান নামৰ ১৩ বছৰীয়া ল'ৰাজনে দিনত এটা কোম্পানীত কাম কৰি ৰাতিৰ ভাগত নয়ডাৰ মেট্ৰো ষ্টেচনৰ কাষত ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়ি থকাৰ আলোকচিত্ৰ চচিয়েল মেডিয়াত প্ৰকাশ পোৱাৰ পাছত উত্তৰ-প্ৰদেশ চৰকাৰে পাঁচ লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে ।
৭) আজি এক ঐতিহাসিক উৎক্ষেপনৰ জৰিয়তে নিজা মহাকাশ নিৰীক্ষণ উপগ্ৰহ থকা দেশ হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া, জাপান আৰু ইউৰোপৰ পাছতে ভাৰতে নিজৰ নাম লিখিবলৈ সক্ষম হয় । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰপৰা এই 'এষ্ট্ৰোছেট'টো উৎক্ষেপণ কৰে।
৮) ৰাছিয়াৰ চাহ খণ্ডৰ শীৰ্ষ প্ৰতিষ্ঠান 'ৰাছ টি এণ্ড কফি'য়ে ভাৰতীয় চাহ প্ৰস্তুতকৰ্তাসকলৰ সতে সহযোগিতা কৰি ভাৰতৰ চাহ ৰাছিয়াৰ বজাৰত মুকলি কৰিবৰ বাবে অধিক আগ্ৰহ প্ৰকাশ কৰিছে।
৯) বেইজিঙত অনুষ্ঠিত হোৱা ষষ্ঠদশ এছিয়ান ৰ'য়িং চেম্পিয়নশ্বীপত পাঁচটা ৰূপসহ মুঠ সাতোটা পদক দখল কৰিছে।
১০) জিলা আৰু মহকুমা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ দৰমহাৰ এটা বছৰেকীয়া বৃদ্ধি অগ্ৰিমভাৱে অহা জানুৱাৰী,২০১৬ৰ পৰা কৰা হ'ন। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ সতে হোৱা কৰ্মচাৰী সন্থাৰ বৈঠকত এই সিদ্ধান্ত গৃহীত হয়।
thanks for the Awesome Information in the post
ReplyDeleteGovt Jobs
Thanks for the Awesome information in the post
ReplyDeletenice post good job
ReplyDeleteJob Exam Result
SBI Clerk JA Answer Key
IMU CET Answer Key
Kumaun University Date Sheet
Thapar University Admit Card