পলকতে সুখ-দুখৰ বতৰা ( ৬ অক্টোবৰ, ২০১৫) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা ( ৬ অক্টোবৰ, ২০১৫)

পলকতে সুখ-দুখৰ বতৰা ( ৬ অক্টোবৰ, ২০১৫)

Share This
আজিৰ ভাল খবৰবোৰ

১) চলিত বছৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে তিনিজন প্ৰসিদ্ধ জৈ‌ৱ-ৰসায়নবিদলৈ । তেওঁলোক হৈছে পৰিজী‌ৱিজনিত ৰোগ নিৰাময়ৰ চিকিৎসা পদ্ধতিৰ গ‌ৱেষণা কৰা আয়াৰলেণ্ডৰ জী‌ৱ-বিজ্ঞানী ড০ উইলিয়াম চি. কেম্প‌ৱেল, জাপানী জৈ‌ৱ-ৰসায়নবিদ ড০ ছাট'ছি অমূৰা আৰু চীনৰ মহিলা বিজ্ঞানী য়ু য়ু টু ।

২) ভাৰতে জাৰ্মেনীৰ সৈতি ১৮ খন ব্য‌ৱসায়িক চুক্তি সম্পন্ন কৰিছে । ইয়াৰ ফলত যিকোনো ব্য‌ৱসায়ৰ ক্ষেত্ৰতে জাৰ্মান কোম্পানীসমূহে ভাৰতৰ মাটিত কোনো বিশষ আউল নলগাকৈ বিনিয়োগ কৰিব পাৰিব । মোডী চৰকাৰৰ মে'ক ইন ইন্ডিয়া কাৰ্যসূচীৰে অংগ হিচাপে এই চুক্তি চিহ্নিত হৈছে ।

৩) জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত সঘনে হৈ থকা অনুপ্ৰ‌ৱেশ ৰোধ কৰাৰ স্বাৰ্থত ভাৰতে ব্য‌ৱহাৰ কৰিব ৰিমোট-কন্ট্ৰোলযুক্ত মেচিন-গান । এই মেচিন গানৰ সংস্থাপনৰ যোগেদি আঘাটপ্ৰাপ্ত নোহো‌ৱাকৈ শত্ৰুৰ ওপৰত আক্ৰমণ চলাব পৰা যাব বুলি আশা কৰা হৈছে ।

৪) গু‌ৱাহাটীস্থ নীপকোৰ প্ৰধান কাৰ্যালয়ত ৫ কিলো‌ৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্প এটা কালি উদ্বোধন কৰা হয় । উল্লেখ্য যে বিকল্প শক্তি হিচাপে সৌৰশক্তিৰ ব্য‌ৱহাৰ অতি প্ৰশংসনীয় পদক্ষেপ ।

৫) ২০১৫ বৰ্ষৰ মঘাই ওজা বঁটা আগবঢ়ো‌ৱা হৈছে যশস্বী নৃত্যশিল্পী পদ্মশ্ৰী  যতীন গোস্বামীলৈ ।

৬) অসম সাহিত্য সভাই অচিৰেই প্ৰকাশ কৰিব বিশ্ব-সাহিত্যৰ ১০০ টা নিৰ্বাচিত চুটিগল্পৰ এক সংকলন । সভাই এই অনুবাদ প্ৰকল্পৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড০ আনন্দ বৰমুদৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ মদন শৰ্মাক দায়িত্ব অৰ্পণ কৰিছে ।

৭) গো‌ৱালপাৰা সৈনিক স্কুলৰ শিক্ষক প্ৰশান্ত কুমাৰ জৈনে লাভ কৰিলে ২০১৪ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা । এই বঁটা তেওঁ যো‌ৱা ৫ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতিৰপৰা গ্ৰহণ কৰে ।

৮) সদৌ অসম উন্নয়ণ পৰিষদে ২০১৫ বৰ্ষৰ বাবে 'গণশিল্পী বঁটা' আগবঢ়াব যশস্বী গায়িকা লক্ষ্যহীৰা  দাসলৈ ।

৯) কালি সাতগা‌ৱঁত এটা সৰ্বধৰ্মী শান্তি সমদল বাহিৰ হয় । প্ৰায় পাঁচ শতাধিক লোকে 'আমাক সান্তি দিয়ক' শ্লোগান বেনাৰত লিখি মমবাতিৰে সমদলটোত ভাগ লয় ।

১০) উচ্চতম ন্যায়ালয়ৰ এটি নিৰ্দেশমৰ্মে অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত-চিকিৎসা মহাবিদ্যালয়সমূহৰ নামভৰ্তিৰ শেষ তাৰিখ অহা ৭ অক্টোবৰলৈকে বঢ়াই দিয়া হৈছে ।

No comments:

Post a Comment